ETV Bharat / state

Constituency Delimitation : সমষ্টি পুনৰ নিৰ্ধাৰণে অসমীয়া মানুহৰ ৰাজনৈতিক স্বাৰ্থ কেতিয়াও সুৰক্ষিত কৰিব নোৱাৰে; লুৰীণজ্যোতি গগৈ - অসম জাতীয় পৰিষদ

সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷ নিৰ্বাচনী আয়োগক ব্যৱহাৰ কৰি বিজেপিয়ে এই কাম কৰিছে বুলি মন্তব্য কৰে অজাপৰ সভাপতি গৰাকীয়ে ৷

Final List of Constituency Delimitation
অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ
author img

By

Published : Aug 11, 2023, 10:17 PM IST

সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ লুৰীণজ্যোতি গগৈৰ

গুৱাহাটী, 11 আগষ্ট : অৱশেষত অপেক্ষাৰ অন্ত পেলাই বিভিন্ন ক্ৰিয়া-প্ৰতিক্ৰিয়া, বিতৰ্কৰ অন্তত প্ৰকাশ পালে ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ এই পূৰ্ণাংগ তালিকাত সলনি কৰা হৈছে 19 টা বিধানসভা সমষ্টিৰ নাম ৷ মানকাচাৰ, হাজো, বকো, ৰূপহী আদিকে ধৰি 19 টা সমষ্টিৰ নাম সলনি কৰা হৈছে তালিকাত ৷ এই তালিকা প্ৰকাশ পোৱাৰ পাছতেই এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ ৷

সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷ এই সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি লুৰীণজ্যোতি গগৈয়ে কয় যে, এই সমগ্ৰ প্ৰক্ৰিয়াটো নিৰ্বাচনী আয়োগে বলপূৰ্বকভাৱে আৰম্ভ কৰিছে ৷ ৰাইজৰ বিৰোধিতা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষাৰ কাৰণে কৰা এই প্ৰক্ৰিয়া কৰা বুলি তথ্য-প্ৰমাণ সহকাৰে কোৱাৰ পাছতো জোৰ কৰি, বিজেপিৰ স্বাৰ্থৰ কাৰণেহে এই সমগ্ৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বুলি উপলব্ধি হৈছে ৷ নিজৰ স্বাৰ্থত চলিছে এই সমগ্ৰ প্ৰক্ৰিয়া ৷

তেওঁ পুনৰ কয় যে, অসমৰ ৰাইজৰ ৰাইজনৈতিক ভৱিষ্যতৰ ঠিকা এগৰাকী মন্ত্ৰীক দি দিয়া হৈছে ৷ আৰু তেওঁ হ’ল মন্ত্ৰী অশোক সিংহল ৷ আজি এই খচৰা প্ৰকাশ হোৱাৰ লগে লগেই মন্ত্ৰীগৰাকীয়ে টুইটাৰত লিখিছে Mission Accomplished বুলি ৷ তেওঁ কয় যে, ৰাজনৈতিকভাৱে সমগ্ৰ প্ৰক্ৰিয়াটো পৰিচালিত হৈছে ৷ কাৰণ বিজেপিয়ে জানে যে এইবাৰ নিৰ্বাচনত পূৰ্বৰ সমষ্টি যেনেকৈ আছে তেনেকৈ যদি নিৰ্বাচন খেলে তেওঁলোক পৰাজিত হ’ব ৷ সেইবাবে খৰখেদাকৈ তেওঁলোকৰ ভোটবেংক সুৰক্ষিত কৰি, নিৰ্বাচনী আয়োগক ব্যৱহাৰ কৰি তেওঁলোকে এই কাম কৰিছে বুলি মন্তব্য কৰে অজাপৰ সভাপতি গৰাকীয়ে ৷

অশোক সিংহল কোন বুলি প্ৰশ্ন কৰি লুৰীণজ্যোতি গগৈয়ে কয় যে, অশোক সিংহলে সমগ্ৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াৰ লগতে অসমৰ মানুহৰ ঠিকাটো তেওঁৰ হাতত অৰ্পণ কৰা হৈছে ৷ আজি পুনৰ এই কথাই প্ৰমাণ কৰে যে মিছন কাৰ আছিল ৷

নিৰ্বাচনী আয়োগ এটা স্বতন্ত্ৰ গণতান্ত্ৰিক সংস্থা ৷ এই সংস্থাটোৱে স্বতন্ত্ৰভাৱে কাম কৰিব লাগে ৷ কিন্তু স্বতন্ত্ৰতা থকা বুলি আমাৰ উপলদ্ধি হোৱা নাই বুলি উল্লেখ কৰে লুৰীণজ্যোতি গগৈয়ে ৷ কেৱল মাত্ৰ বিজেপি, আৰএছএছৰ ভোটবেংক সুৰক্ষিত কৰিবৰ কাৰণে এই সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া ৷ এই প্ৰক্ৰিয়াই অসমৰ মানুহৰ, খিলঞ্জীয়া, ভূমিপুত্ৰ, অসমীয়া মানুহৰ ৰাজনৈতিক স্বাৰ্থ কেতিয়াও সুৰক্ষিত কৰিব নোৱাৰে বুলি কয় অজাপৰ সভাপতিজনে ৷

লগতে পঢ়ক : Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ; 19 টা বিধানসভা সমষ্টিৰ নাম সলনি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.