ETV Bharat / state

Guwahati HC shift: গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভৱন আমিনগাঁৱলৈ স্থানান্তৰৰ সিদ্ধান্তৰ বিৰোধিতা অজাপৰ - গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভৱন

গুৱাহাটী উচ্চ ন্যায়ালয় আমিনগাঁৱলৈ স্থানান্তৰ কৰিবৰ বাবে চৰকাৰে ইতিমধ্যেই আৰম্ভ কৰিছে যাৱতীয় প্ৰক্ৰিয়া ৷ চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে বিভিন্ন মহলে ৷ চৰকাৰৰ এই সিদ্ধান্তক অদূৰদৰ্শী আখ্যা অসম জাতীয় পৰিষদৰ (Assam Jatiya Parishad) ৷

Guwahati HC shift
Guwahati HC shift
author img

By

Published : Jun 1, 2023, 4:29 PM IST

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভৱন আমিনগাঁৱলৈ স্থানান্তৰৰ সিদ্ধান্তৰ বিৰোধিতা অজাপৰ

গুৱাহাটী, 1 জুন: ৰাজ্য চৰকাৰে দীঘলীপুখুৰীৰ পাৰত থকা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভৱন আমিনগাঁৱৰ ৰংমহললৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে অসম জাতীয় পৰিষদে । বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি এই সিদ্ধান্ত বাতিল কৰাৰ দাবী জনায় (Govt plans to relocate Gauhati HC) ।

তেওঁ কয় যে যোৱা ২৩ মে’ত জনতা ভৱনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা এখন বৈঠকত এই সিদ্ধান্ত লোৱা হয় ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ প্ৰধান সচিব কুন্তল শৰ্মা পাঠক আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া (অ’ এছ ডি) অপৰ্ণা অজিত ছাৰিয়াৰ উপস্থিতিত অনুষ্ঠিত হোৱা বৈঠকত এইবুলি সিদ্ধান্ত লোৱা হয় যে গুৱাহাটী উচ্চ ন্যায়ালয়খন স্থানান্তৰণৰ যাৱতীয় বিষয় চোৱাচিতা কৰাৰ বাবে এখন কমিটী গঠন কৰা হ’ব ৷

উক্ত কমিটীত উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ, অসমৰ মহাধিবক্তা, অসমৰ মুখ্য সচিব, ভূমি তথ্য আৰু ন্যায় বিভাগৰ আয়ুক্ত সচিব আৰু কামৰূপ জিলাৰ উপায়ুক্ত সদস্য হিচাবে থাকিব ৷ লোকনিৰ্মাণ (ভৱন আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ বিশেষ আয়ুক্ত সচিবগৰাকী সমিতিৰ সদস্য সচিব হিচাপে থাকিব ৷ এই কমিটীয়ে কামৰূপ জিলাৰ আমিনগাঁৱৰ ৰংমহলত থকা ২৪০ বিঘা মাটি পৰিদর্শন কৰিব আৰু তাৰে ১০০ বিঘা মাটি গুৱাহাটী উচ্চ ন্যায়ালয় নিৰ্মাণৰ বাবে চিনাক্ত কৰিব ৷

উক্ত ভূমিলৈ গুৱাহাটী উচ্চ ন্যায়ালয়, কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ জিলা অদালতো স্থানান্তৰিত কৰা হ’ব ৷ ন্যায়াধীশসকল আৰু অন্য ন্যায়িক বিষয়া-কৰ্মচাৰীসকলৰ বাবে এটি আৱাসিক চৌহদ সেই স্থানতে নিৰ্মাণ কৰা হ’ব ৷ ভূমি চিনাক্তকৰণৰ পিচতে সেই মাটিখিনিৰ আৱন্টন প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈয়ো উক্ত সভাই কামৰূপ জিলাৰ উপায়ুক্তক কৰ্তৃত্ব প্ৰদান কৰে (Gauhati HC to shift to Amingaon) ৷

অজাপৰ সভাপতিগৰাকীয়ে গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তকৰণৰ উক্ত পদক্ষেপৰ বিৰোধিতা কৰি কয় যে চৰকাৰৰ উক্ত সিদ্ধান্ত জনহিতৰ পৰিপন্থী, মিতব্যয়িতা বিৰোধী আৰু দিছপুৰৰ ক্ষমতাৰ শীৰ্ষত আৰোহন কৰি থকা ব্যক্তিৰ ব্যক্তিগত লাভালাভৰ উদ্দেশ্যে গৃহীত পদক্ষেপ । তেওঁ লগতে কয় যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৰ্তমান ভৱনটো নির্মাণ কৰা হৈছিল মাত্ৰ ১০ বছৰ পূৰ্বে ৷ ৬৬ কোটি টকা ব্যয় কৰি নিৰ্মিত উক্ত ভৱনটো ২০১৩ চনৰ ১৭ আগষ্টৰ দিনা ভাৰতৰ তেতিয়াৰ মুখ্য ন্যায়াধীশ পি সথাশিভমে উদ্বোধন কৰিছিল (Gauhati HC building) ৷

অসমৰ সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা সেই সময়ৰ প্ৰভাৱশালী কেবিনেট মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উক্ত উদ্ভোধনী অনুষ্ঠানত উপস্থিত আছিল ৷ ইয়াৰ পূৰ্বে উচ্চ ন্যায়ালয়ৰ সকলো কাম-কাজ দীঘলীপুখুৰী, জজ খেলপথাৰ আৰু লতাশিল খেলপথাৰৰ মাজত অৱস্থিত পুৰণি উচ্চ ন্যায়ালয় ভৱনতে হৈছিল ৷ ব্ৰহ্মপুত্ৰৰ পাৰত নতুন ভৱনটি নিৰ্মাণ সম্পূৰ্ণ কৰি তালৈ সম্পূৰ্ণ আদালতখন স্থানান্তকৰণৰ কাম এতিয়ালৈকে সম্পূৰ্ণ হোৱাই নাই ৷

গগৈয়ে লগতে কয় যে অসম এখন আৰ্থিকভাৱে দুৰ্বল ৰাজ্য ৷ বৰ্তমানে প্ৰায় ১ লাখ ৪০ হাজাৰ কোটি টকাৰ ঋণৰ বোজাত ককবকাই থকা ৰাজ্যখনত বিভিন্ন বিভাগৰ প্ৰায় ৫১ হাজাৰ চৰকাৰী কৰ্মচাৰীক নিয়মীয়া দৰমহা আদায় দিব পৰা হোৱা নাই ৷ থলুৱা ঠিকাদাৰসকলৰ প্ৰায় ৩০ হাজাৰ কোটি অনাদায় হৈ আছে ৷ টকাৰ অভাৱত বহু বিভাগৰ বহু কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰিব পৰা হোৱা নাই ৷ ধনৰ অভাৱত আন বহু কাম অসমাপ্ত হৈ পৰি আছে ৷ এনে অৱস্থাত মাত্ৰ দহ বছৰ আগতে এটা অত্যাধুনিক ভৱন নিৰ্মাণ কৰি তালৈ উচ্চ ন্যায়ালয় স্থান্তৰিত কৰাৰ পিচত এতিয়া পুনৰ আন ঠাইলৈ স্থানান্তৰিত কৰাৰ অৰ্থে বিশাল ধনৰাশি খৰচ কৰাটো অদূৰদৰ্শী সিদ্ধান্ত হ’ব ৷

লগতে পঢ়ক: Recognition of medical college:বৰপেটা মেডিকেল কলেজৰ স্বীকৃতি বাতিলক লৈ চাঞ্চল্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.