ETV Bharat / state

বিজেপিৰ দৰে আমি হিতাধিকাৰী সৃষ্টিৰ ৰাজনীতি নকৰোঃ লুৰীণজ্যোতি গগৈ

author img

By

Published : Jan 2, 2021, 8:52 PM IST

শনিবাৰে মাছখোৱাস্থিত আই.টি.এ. প্ৰকল্পত অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ যোগদান কাৰ্যসূচি । উক্ত সভাতে অসম জাতীয় পৰিষদৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলটোত যোগদান কৰিলে আম আদমী পাৰ্টিৰ সংখ্যালঘু কোষৰ সভাপতি সহ ৭৪ জনীয়া এটি দলে । একেদৰে দলটোত যোগদান কৰে সমাজ সেৱক অকন শইকীয়াই।

বিজেপিৰ দৰে আমি হিতাধিকাৰী সৃষ্টিৰ ৰাজনীতি নকৰোঃ লুৰীণজ্যোতি গগৈ
বিজেপিৰ দৰে আমি হিতাধিকাৰী সৃষ্টিৰ ৰাজনীতি নকৰোঃ লুৰীণজ্যোতি গগৈ

গুৱাহাটী,2 জানুৱাৰীঃ বিজেপিয়ে দলীয় কৰ্মীৰ একাউন্টত ধন ভৰাই দি হিতাধিকাৰী সৃষ্টি কৰাৰ ৰাজনীতি কৰিছে । আমি তেনে ৰাজনীতি নকৰো । হিতাধিকাৰী সৃষ্টি কৰা জাতীয় পৰিষদৰ লক্ষ্য নহয় । হিমন্ত বিশ্বই কিমানক স্কুটি দিলে ৰাজহুৱা কৰক । ৮৩০ টকা কিমানজনে পালে হিচাপ দিয়ক। বিনামূলীয়া চিলিণ্ডাৰ কিমানজনে পালে তাৰ তথ্য দিব পাৰিবনে ? এইবোৰ ৰাইজৰ প্ৰাপ্য । শনিবাৰে এইদৰে মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে ।

শনিবাৰে মাছখোৱাস্থিত আই.টি. এ. প্ৰকল্পত অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ এক যোগদান কাৰ্যসূচী । উক্ত সভাতে অসম জাতীয় পৰিষদৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলটোত যোগদান কৰিলে আম আদমী পাৰ্টিৰ সংখ্যালঘু কোষৰ সভাপতিসহ ৭৪ জনীয়া এটি দলে । একেদৰে দলটোত যোগদান কৰে সমাজসেৱক অকণ শইকীয়াই ।

ইপিনে যোগদান কাৰ্যসূচিত উপস্থিত থাকি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈৰ মন্তব্য " জাতীয় পৰিষদৰ প্ৰতি মানুহৰ আগ্ৰহ আৰু উৎসাহ বৃদ্ধি পাইছে । আগন্তুক সময়ত এই যোগদান কাৰ্যসূচী ব্যাপক ৰূপত বৃদ্ধি পাব । ৰাইজেই আমাৰ মূলধন । বিজেপি চৰকাৰে ধন বল, বাহু বল আৰু প্ৰলোভনৰ ৰাজনীতি কৰি ধৰ্মৰ নামত বিভাজন কৰিব বিচাৰিছে । তাৰ পৰিৱৰ্তে আমি সকলোৱে সমন্বয়ৰে, ঐকৰে সমাজখন আগুৱাই লৈ যাব লাগিব । ২১ ত এইবাৰ জাতীয়তাবাদৰ চৰকাৰ হ'ব বুলি ক’লে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷

লগতে পঢ়কঃ ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়সূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.