ETV Bharat / state

AJP Slams BJP: বিজেপিৰ ৭ বছৰৰ শাসনকালৰ দস্তাবেজ উত্থাপন অজাপৰ

author img

By

Published : May 10, 2023, 9:13 PM IST

বিজেপি চৰকাৰৰ 7 বছৰৰ ব্যৰ্থতাৰ খতিয়ান লৈ সংবাদমেল আয়োজন অসম জাতীয় পৰিষদৰ (AJP PRESS MEET against BJP) ৷ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক সৰ্বকালৰ ঋণগ্ৰস্ত চৰকাৰ আখ্যা অসম জাতীয় পৰিষদৰ প্ৰধান সম্পাদক জগদীশ‌ ভূঞাৰ (Assam Jatiya Parishad slams CM)৷

AJP PRESS MEET against BJP
৭ বছৰৰ শাসনকালৰ দস্তাবেজ উত্থাপন অজাপৰ
৭ বছৰৰ শাসনকালৰ দস্তাবেজ উত্থাপন অজাপৰ

গুৱাহাটী, 10 মে’: আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে দুটা বছৰ সম্পূৰ্ণ কৰে (2nd anniversary of HBS govt) ৷ ইয়াৰ লগতে অসমত বিজেপি মিত্রজোঁট চৰকাৰৰ ৭ বছৰ সম্পূৰ্ণ হোৱা প্ৰসংগত অসম জাতীয় পৰিষদৰ প্ৰধান সম্পাদক জগদীশ‌ ভূঞাই গুৱাহাটীত বুধবাৰে এখন সংবাদমেল সম্বোধন কৰে (AJP PRESS MEET against BJP)।

সংবাদমেলখনত ভূঞাই কয় যে, ড৹ হিমন্ত বিশ্ব শৰ্মাই ২০২১ চনৰ ১০ মে' তাৰিখে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল ৷ সেই হিচাপে আজি ড৹ শৰ্মাৰ চৰকাৰৰ দুবছৰ সম্পূৰ্ণ হৈছে (AJP Slams BJP) ৷ আনহাতে, ২০১৬ চনৰ ২৪ মে' ৰ দিনা সৰ্বানন্দ সোণোৱাল অসমৰ প্ৰথম বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল ৷ সেই হিচাপে অহা ২৪ মে'ৰ দিনা অসমত বিজেপি চৰকাৰৰ ৭ বছৰ সম্পূৰ্ণ হ'ব (Assam Jatiya Parishad slams CM) ৷ এখন দায়িত্বশীল চৰকাৰৰ হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰ হিচাপেই হওক বা সামগ্ৰিকভাৱে বিজেপি চৰকাৰৰ ৭ বছৰেই হওক, নিৰ্বাচনৰ পূৰ্বে বিজেপি দলে ৰাইজক দিয়া প্ৰতিশ্ৰুতি আৰু সামগ্ৰিকভাৱে জনসাধাৰণৰ প্রত্যাশা পূৰণৰ ক্ষেত্ৰত বিজেপি দল চূড়ান্তভাৱে ব্যৰ্থ হৈছে বুলি ভূঞাই অভিযোগ কৰে (Assam Jatiya Parishad Press meet in Guwahati) ৷

ভূঞাই লগতে কয় যে, ২০২২ চনৰ ৩১ মার্চৰ ভিতৰত ১ লাখ চৰকাৰী চাকৰি আৰু ২ লাখ ব্যক্তিগত খণ্ডৰ নিযুক্তি নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি দলৰ চৰকাৰে দ্বিতীয় বর্ষপূৰ্তিলৈকে উক্ত লক্ষ্যত উপনীত হ'ব পৰা নাই ৷ ৰাজ্যৰ অন্য ২৫ লক্ষাধিক নিবনুৱাৰ সংস্থাপনৰো কোনো নীতি নাই চৰকাৰৰ ৷ অসমৰ ৰাজহুৱা ঋণৰ পৰিমাণ তৰুণ গগৈ চৰকাৰৰ শেষ বছৰত ৪১ হেজাৰ কোটিৰ পৰা বৰ্তমানে ১.৩৩ লাখ কোটিতকৈ অধিক হৈ পৰাটো বিশেষভাৱে উদ্বেগজনক ৷ ঋণৰ কিস্তি পৰিষোধ কৰিবলৈ পুনৰ ঋণ লোৱাটোৱে ভয়ানক অর্থনৈতিক দুৰাৱস্থাৰ কথা সূচায় ৷ (২০২১-২২ বৰ্ষত ১৬,৬৭০.১৫ কোটি টকাৰ ঋণ লৈ তাৰে ৩,৫২৬.৮৯ কোটি পূৰ্বৰ ঋণৰ কিস্তি হিচাপে পৰিশোধ কৰাৰ তথ্য কে’গৰ প্ৰতিবেদনত প্ৰকাশ পাইছে ৷

ভূঞাই চৰকাৰক কটাক্ষ কৰি কয় যে, ২০২২ চনৰ ডিচেম্বৰ মাহত প্রকাশিত সামাজিক বিকাশ সূচাংকত (Social Progress Index) অসমৰ স্থান ভাৰতৰ মুঠ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ভিতৰত, অর্থাৎ ৩৬ৰ ভিতৰত ৩৪ নম্বৰত বুলি প্ৰকাশ পোৱাটোৱে বিজেপি চৰকাৰৰ ব্যৰ্থতাকে প্রতিফলিত কৰে তাৰ পূৰ্বে নিতি আয়োগ (NITI Ayog)-ৰ দ্বাৰা প্ৰকাশিত Sustainable Development Goal-ৰ প্ৰতিবেদনতো অসমে ভাৰতৰ নিম্নতম পাঁচখন ৰাজ্যৰ তালিকাত স্থান পোৱা আৰু Human Development Index-ত বিকাশৰ প্ৰতিটো খণ্ডতে অসমৰ স্থান একেবাৰে তলৰ পাঁচখন ৰাজ্যৰ মাজত থকাটোৱে চৰকাৰৰ ব্যৰ্থতাক প্ৰদৰ্শিত কৰে (AJP Slams BJP)৷

জগদীশ ভূঞাই সংবাদমেলখনত কয় যে, ২০২১ৰ নিৰ্বাচনৰ পূৰ্বেও বিজেপি দলে একেই প্রতিশ্রুতি দিছিল ৷ সংস্থাপন সৃষ্টিৰ পাঁচ বছৰীয়া ব্যৰ্থতাৰ পিছত, '২১ৰ নিৰ্বাচনী ইস্তাহাৰ ‘সংকল্প পত্ৰ'ত বিজেপি দলে দলৰ ১০টা প্ৰধান সংকল্পৰ ৮ নম্বৰত 'অসমক ভাৰতৰ ভিতৰত দ্রুত কৰ্ম সংস্থাপন প্রদানকাৰী ৰাজ্য হিচাপে গঢ়ি তোলা'ৰ কথা ঘোষণা কৰিছিল ৷ 'সংকল্প পত্ৰ'তে দলটোৱে ২০২২ চনৰ ৩১ মাৰ্চৰ ভিতৰত ১ লাখ চৰকাৰী চাকৰি আৰু ২ লাখ বেচৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৷ চৰকাৰ গঠনৰ পিছত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৩১ মার্চ ২০২২ৰ সময়সীমা ১০ মে’লৈ পিছুৱাই দি ১০ মে'ৰ ভিতৰত তেখেতৰ চৰকাৰে 'গণি গণি এক লাখ চাকৰি দিম' বুলি ঘোষণা কৰিছিল ৷

অৱশেষত প্ৰায় ৮১ হাজাৰ পদত নিযুক্তি দিয়া বুলি ইতিমধ্যে মুখ্যমন্ত্রীয়ে ঘোষণা কৰিছে যদিও 'অভাৰলেপিং' তথা কেজুৱেল পদত দিয়া নিযুক্তিক বাদ দিলে প্রকৃততে নিযুক্তি পোৱা লোকৰ সংখ্যাই ৫০ হাজাৰৰ ঘৰো স্পৰ্শ কৰিব পৰাই । অৰ্থাৎ বিজেপি দলৰ চৰকাৰে সংস্থাপন সৃষ্টিৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই ৷

লগতে পঢ়ক: Two years of HBS govt: হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তিত নগাঁওবাসীৰ মতামত

আনহাতে, ১০ টা সংকল্পৰ ১ নং ঘোষণাটো আছিল 'মিছন ব্ৰহ্মপুত্ৰ'ৰ সূচনাৰে 'বানমুক্ত অসম নিৰ্মাণ কৰা ৷ নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ আহি ‘বানমুক্ত’ অসম গঢ়াৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু বাস্তৱ ক্ষেত্ৰত এই দিশত চৰকাৰখন এক শতাংশও অগ্ৰসৰ হ'ব পৰা নাই । সংবাদমেলত বিজেপি চৰকাৰক তুলাধূনা দিয়ে অসম জাতীয় পৰিষদৰ প্ৰধান সম্পাদক জগদীশ‌ ভূঞাই ৷ এইখন সংবাদমেলত অজাপৰ প্ৰচাৰ‌ সম্পাদক জিয়াউৰ ৰহমানো উপস্থিত থাকে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.