ETV Bharat / state

অসম জাতীয় পৰিষদ এৰিলে চিত্তৰঞ্জন বসুমতাৰীয়ে - মাজুলী বিধানসভাৰ উপ নিৰ্বাচন

অসম জাতীয় পৰিষদৰ জন্মলগ্নৰে নেতা চিত্তৰঞ্জন বসুমতাৰীয়ে ত্যাগ কৰিলে দল (AJP founder member Chittaranjan Basumatary resigns) ৷ চিত্তৰঞ্জন বসুমতাৰী ২০২১ চনৰ বিধানসভা নিৰ্বাচনত অসম জাতীয় পৰিষদৰ সৰ্বাধিক ভোট লাভ কৰা প্ৰাৰ্থী আছিল । মাজুলীৰ উপ নিৰ্বাচনতো আছিল অজাপৰ প্ৰাৰ্থী ৷

অসম জাতীয় পৰিষদ এৰিলে চিত্তৰঞ্জন বসুমতাৰীয়ে

author img

By

Published : May 27, 2022, 8:28 PM IST

গুৱাহাটী, 27 মে': অসম জাতীয় পৰিষদত মোক্ষম আঘাত । অসম জাতীয় পৰিষদৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীয়ে দল ত্যাগ কৰিছে । এই সন্দৰ্ভত চিত্তৰঞ্জন বসুমতাৰীয়ে অসম জাতীয় পৰিষদৰ সভাপতিলৈ শুকুৰবাৰে পদত্যাগ পত্ৰ প্ৰেৰণ কৰে (AJP founder member Chittaranjan Basumatary resigns)।

দলটোৰ সাংগঠনিক কাম কাজত ক্ষুদ্ধ হৈ চিত্তৰঞ্জন বসুমতাৰীয়ে ত্যাগ কৰিছে দল । উল্লেখ্য যে অসম জাতীয় পৰিষদ গঠনৰ ক্ষেত্ৰত চিত্তৰঞ্জন বসুমতাৰীৰ এক অন্যতম ভূমিকা আছিল ।

২০২১ চনত বিধানসভা নিৰ্বাচনত ধেমাজি সমষ্টিৰ পৰা অসম জাতীয় পৰিষদৰ হৈ চিত্তৰঞ্জন বসুমতাৰী নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । সেই নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীৰ হাতত পৰাজয় বৰণ কৰা চিত্তৰঞ্জন বসুমতাৰী আছিল দ্বিতীয় স্থানত ।

চিত্তৰঞ্জন বসুমতাৰী ২০২১ চনৰ বিধানসভা নিৰ্বাচনত অসম জাতীয় পৰিষদৰ সৰ্বাধিক ভোট লাভ কৰা প্ৰাৰ্থী আছিল । মাজুলী বিধানসভাৰ উপ নিৰ্বাচনত তেওঁ বিৰোধী দলৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়ায় যদিও বিজেপিৰ প্ৰাৰ্থীৰ হাতত পৰাজয় বৰণ কৰে ।

অসম জাতীয় পৰিষদ এৰিলে চিত্তৰঞ্জন বসুমতাৰীয়ে

ইপিনে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ কয়- " চিত্তৰঞ্জন বসুমতাৰীৰ পদত্যাগ পত্ৰ আমি লাভ কৰিছো । দলৰ কিছু কাম-কাজক লৈ তেওঁ কিছু বিক্ষুদ্ধ । সেয়া বহুত সাধাৰণ কথা । এয়া ঠিক যে ভবা ধৰণে আমি আগবাঢ়িব পৰা নাই । কিন্তু আমি আপোচহীনভাবে কাম কৰি আছো । আমাৰ আশা তেওঁ দললৈ পুনৰ উভতি আহিব । তেওঁ পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰিব বুলি আমি আশাবাদী ।"

লগতে পঢ়ক: কংগ্ৰেছত অথন্তৰ লাগিয়েই আছে: ৱাজেদ আলী চৌধুৰীলৈ শ্ব' ক'জ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.