গুৱাহাটী, ২৫ ডিচেম্বৰঃ অৱশেষত কংগ্ৰেছৰ পৰা বহিস্কাৰ কৰা হ'ল গোলাঘাট সমষ্টিৰ বিধায়িকা তথা প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগক । দলবিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত তাৎক্ষণিক ভাবে কাৰ্যকৰী হোৱাকৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী গৰাকীক দলৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিস্কাৰ কৰাৰ নিৰ্দেশ জাৰি কৰিছে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সাংগঠনিক) ৰঞ্জন বৰাই ।
উল্লেখ্য যে, অমিত শ্বাহৰ উপস্থিতিত বিজেপিত যোগ দিবলৈ সাজু হোৱা অজন্তা নেওগক শুকুৰবাৰৰ ভিতৰত স্থিতি স্পষ্ট কৰিবলৈ বৃহস্পতিবাৰেই প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা নিৰ্দেশ জাৰি কৰা হৈছিল ৷ কিন্তু জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ইয়াৰ কোনো সঁহাৰি দিয়া নাছিল ।
ইপিনে অজন্তা নেওগৰ বিজেপিত যোগদান সন্দৰ্ভত শুকুৰবাৰে এক সংবাদমেলত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই । তেওঁ কয় যে, শুকুৰবাৰে বিয়লি পৰ্যন্ত বিজেপিত যোগদান সন্দৰ্ভত কোনো ধৰণৰ আলোচনা তেওঁৰ সৈতে বিজেপি নেতৃত্ব বা মুখ্যমন্ত্ৰীৰ হোৱা নাছিল । গোলাঘাটত সতী সাধনী বিশ্ববিদ্যালয় স্থাপন সন্দৰ্ভতহে তেওঁ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত গৈছিল । কিন্ত এতিয়া কংগ্ৰেছে যিহেতু তেওঁক বহিস্কাৰ কৰিলেই গতিকে ঘটনাক্ৰম সলনি হ'লেও আচৰিত হ‘বলগীয়া একো নাথাকিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী ডঃ শৰ্মাই ।
লগতে পঢ়ক: পুনৰ বিশ্ববজাৰ দখলৰ দিশে অসমৰ চাহ