গুৱাহাটী, 18 মাৰ্চঃ গুৱাহাটী প্ৰেছ ক্লাবত অসম নাগৰিক সমাজে অনুষ্ঠিত কৰা এক সংবাদমেলত অংশগ্ৰহণ কৰে অজিত কুমাৰ ভুঞাই ৷ সংবাদমেলত অংশগ্ৰহণ কৰি সাংবাদিক হিচাপে তেওঁ যিখিনি কৰিছিল এতিয়া সীমাবদ্ধতাৰ মাজেৰে সাংসদ হৈ কৰিবলৈ ওলাইছে বুলি প্ৰকাশ কৰে ৷ যাৰ বাবে অসম বাসীকো ধন্যবাদ জনায় বিশিষ্ট সাংবাদিক তথা ৰাজ্য সভাৰ বিজয়ী প্ৰাৰ্থী অজিত কুমাৰ ভুঞাই ৷ লগতে নিৰ্বাচনত নিজ প্ৰাৰ্থিত্ব আগবঢ়োৱাটো তেওঁৰ বহু পুৰণি সিদ্ধান্ত বুলি মন্তব্য কৰে ৰাজ্যসভাৰ বিজয়ী প্ৰাৰ্থী গৰাকীয়ে ৷
লগতে পঢ়কঃ ৰাজ্যসভাঃ অজিত ভূঞা, ভুৱনেশ্বৰ কলিতা, বিশ্বজিৎ দৈমাৰীক বিজয়ী ঘোষণা