ETV Bharat / state

মুখ্যমন্ত্রীৰ নিৰ্দেশৰ পাছতে মাডাৰ্ছ অ'ল্ড এজ হোমত মন্ত্ৰী অজন্তা নেওগ

author img

By

Published : Jun 24, 2021, 4:13 PM IST

Updated : Jun 24, 2021, 5:05 PM IST

বৃদ্ধাশ্ৰমখনত থকা আৱাসীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে মন্ত্ৰী অজন্তা নেওগে আশ্ৰমখন পৰিচালনা কৰা মণিকা শৰ্মা আৰু উৎপল হৰ্ষবৰ্ধনৰ সৈতেও মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয়। ৰাজ্যৰ জ্যেষ্ঠ নাগৰিকসকলৰ সামাজিক সুৰক্ষা সুনিশ্চিতকৰণৰ ক্ষেত্ৰত চৰকাৰ সদায় দায়বদ্ধ।

mother old age home
মুখ্যমন্ত্রীৰ নিৰ্দেশৰ পাছতে মাডাৰ্ছ অ'ল্ড এজ হোমত মন্ত্ৰী অজন্তা নেওগ

গুৱাহাটী, ২৪ জুন: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতেই 'মাডাৰ্ছ অ'ল্ড এজ হোম'ত(Mothers Old Age Home) উপস্থিত হয় বিত্ত তথা সমাজকল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ। বৃদ্ধাশ্ৰমখনত থকা আৱাসীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে মন্ত্ৰী অজন্তা নেওগে আশ্ৰমখন পৰিচালনা কৰা মণিকা শৰ্মা আৰু উৎপল হৰ্ষবৰ্ধনৰ সৈতেও মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয় । লগতে মন্ত্ৰীগৰাকীয়ে আশ্ৰমখনৰ পৰিৱেশ-পৰিস্থিতি সন্দৰ্ভত বুজ লয় ।

উল্লেখ যে হাতীগাঁওস্থিত 'মাডাৰ্ছ অ'ল্ড এজ হোম' পৰিচালনাৰ ক্ষেত্ৰত শেহতীয়াকৈ সৃষ্টি হোৱা বেমেজালিৰ ঘটনা সন্দৰ্ভত দৃষ্টিগোচৰ হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ । বৃদ্ধাৱাসখনত সংঘটিত সমগ্ৰ ঘটনাৰাজিৰ তদন্ত কৰি ৭২ ঘণ্টাৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্তক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ দিয়াৰ লগতে মুখ্যমন্ত্রীয়ে 'মাডাৰ্ছ অ'ল্ড এজ হোম'ৰ শেহতীয়া পৰিস্থিতি ব্যক্তিগতভাৱে তদাৰক কৰিবৰ বাবে সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগক নিৰ্দেশ দিছিল । সেই মৰ্মেই বৃহস্পতিবাৰে দুপৰীয়া বৃদ্ধাশ্ৰমখনত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে পৰিস্থিতিৰ বুজ লয় ।

mother old age home
মুখ্যমন্ত্রীৰ নিৰ্দেশৰ পাছতে মাডাৰ্ছ অ'ল্ড এজ হোমত মন্ত্রী অজন্তা নেওগ

মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে গুৱাহাটীৰ হাতীগাঁ‌ওস্থিত 'মাডার্ছ অ'ল্ড এজ হোম'ত উপস্থিত হৈ শেহতীয়াকৈ বৃদ্ধাৱাসখনৰ পৰিচালনাৰ ক্ষেত্ৰত সৃষ্টি হোৱা বেমেজালিৰ বুজ লয় । পৰিচালনাৰ দ্বায়িত্বত থকা উৎপল হৰ্ষবৰ্ধন আৰু মণিকা শৰ্মাৰ সৈতে বাৰ্তালাপত মিলিত হৈ অতিশীঘ্ৰে সকলো বেমেজালিৰ ওৰ পেলাই বৃদ্ধাশ্ৰমখনত আশ্ৰয় লৈ থকা জ্যেষ্ঠ নাগৰিকসকলৰ অসুবিধাসমুহ দূৰ কৰাৰ বাবেও তেওঁ নিৰ্দেশ দিয়ে । পৰিচালকদ্বয়ে আগন্তুক দিনত সমিলমিলেৰে আইতাসকলৰ যত্ন ল'ব বুলি তেওঁক প্ৰতিশ্ৰুতি দিছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

ইফালে মন্ত্ৰীগৰাকীৰ মতে বৃদ্ধাৱাসখন পৰিচালনা কৰিবৰ বাবে চৰকাৰৰ তৰফৰপৰা প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱা হ'ব । ৰাজ্যৰ জ্যেষ্ঠ নাগৰিকসকলৰ সামাজিক সুৰক্ষা সুনিশ্চিতকৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰ সদায় দায়বদ্ধ বুলিও তেওঁ উল্লেখ কৰে । উল্লেখ্য যে ২০১২ চনৰ ২১ জুনত প্ৰতিষ্ঠা হোৱা বৃদ্ধাশ্ৰমখনৰ আঁৰত আছিল উৎপল হৰ্ষবৰ্ধন আৰু মনিকা শৰ্মা ।

মনালিছা ছ’চাইটিৰ নামত আৰম্ভ কৰা এই বৃদ্ধাশ্ৰমখনৰ জৰিয়তে উৎপল আৰু মনিকাই মানুহৰ পৰা কেৱল আদায় কৰিছিল মৰম-চেনেহ আৰু আশীৰ্বাদ। তেওঁলোকৰ আলপৈচানতে বহুতে জীৱনৰ অন্তিম বয়সত ঘূৰাই পাইছিল চৰম সুখ । এতিয়া দুয়োগৰাকীৰ সংঘাতে বৃদ্ধাশ্ৰমখনত থকা ৭০ গৰাকী ককা-আইতাৰ মনত তীব্ৰ অসন্তুষ্টি আৰু ক্ষোভৰ সৃষ্টি কৰিছে ।

উল্লেখ যে সম্পূৰ্ণ ব্যক্তিগত বিষয়ৰ পৰা সূত্ৰপাত হোৱা এক কাজিয়াৰ পৰিণতিত বৃদ্ধাশ্ৰমখনৰ আৱাসীসকলক মানসিকভাৱে অশান্তিত আছে ।

লগতে পঢ়ক:ক’ভিড সম্পৰ্কীয় নীতি-নিদেৰ্শনা পালন কৰিবলৈ অপাৰগ বাঘজানবাসী

Last Updated : Jun 24, 2021, 5:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.