ETV Bharat / state

সোনোৱালে 'কা' সমৰ্থন কৰি অসম চুক্তি আৰু 855 গৰাকী ছহিদক অপমান কৰিছে !

author img

By

Published : Dec 21, 2019, 6:17 PM IST

Updated : Dec 21, 2019, 7:48 PM IST

মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰে সংবাদমেলত 'কা' সম্পৰ্কে কৰা মন্তব্য দুর্ভাগ্যপূৰ্ণ আখ্যা দিয়াৰ লগতে সোণোৱালে 'কা' ক সমৰ্থন কৰি অসম চুক্তিৰ আৰু 855 জন শ্বহীদৰ অপমান কৰিছে বুলি মন্তব্য কৰে চম্পক কলিতাই ।

এ আই ইউ ডি এফৰ সংবাদ মেল
এ আই ইউ ডি এফৰ সংবাদ মেল

গুৱাহাটী, 21 ডিচেম্বৰ: শনিবাৰে সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কে হাতীগাঁওস্থিত দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলখনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক তথা মুখপাত্ৰ চম্পক কলিতা। নলবাৰী আৰু গুৱহাটীত ভাৰতীয় জনতা পাৰ্টিয়ে বাংলাদেশী হিন্দুক লৈ কা সমৰ্থনত ওলিওৱা সমদলৰ বাবে ৰাজ্যত সংঘাতৰ সৃষ্টি হ'ব বুলি মন্তব্য কৰে চম্পক কলিতাই ।

ইয়াৰোপৰি এ আই উ ডি এফে 2015 চনৰে পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা কৰি আহিছে আৰু বৰ্তমানেও বিৰোধিতা কৰি যাব লগতে 'কা' বিৰুদ্ধে ৰাজ্যত হৈ থকা সকলো গণতান্ত্ৰিক আন্দোলনত এ আই ইউ দি এফৰ সম্পূৰ্ণ সমৰ্থন আগন্তুক দিনতো থাকিব বুলি মন্তব্য কৰে সাধাৰণ সম্পাদকগৰাকীয়ে। মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰে সংবাদমেলত 'কা' সম্পৰ্কে কৰা মন্তব্য দুর্ভাগ্যপূৰ্ণ আখ্যা দিয়াৰ লগতে সোণোৱালে 'কা' ক সমৰ্থন কৰি অসম চুক্তিৰ আৰু 855 জন ছহিদক অপমান কৰিছে বুলিও মন্তব্য কৰে দলটোৰ মুখপাত্ৰ গৰাকীয়ে ।

এ আই ইউ ডি এফৰ সংবাদ মেল

ইয়াৰোপৰি চম্পক কলিতাই ৰাজ্য চৰকাৰে বিনা দোষত আটক কৰি NIA ৰ হাতত গতাই দিয়া কৃষক নেতা অখিল গগৈ আৰু আলফা নেতা জিতেন দত্তক বিনাচৰ্তে মুকলি কৰি দিবলৈ আহ্বান জনায় । সংবাদমেলখনত ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈয়ো সৰৱ হৈ পৰে নেতাগৰাকী। চম্পক কলিতাই কয় যে, সংবাদমেল পাতি এটা সম্প্ৰদায়ক লক্ষ্য কৰি লোৱা ঘটনাটো দুৰ্ভাগ্যপূৰ্ণ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিবাদকাৰীৰ ফটো বা ভিডি'অ সংবাদমেলত দেখুৱাৰ সাহস কৰ পৰা পালে বুলিয়ো প্ৰশ্ন কৰে দলটোৰ মুখপাত্ৰ গৰাকীয়ে।

লগতে পঢ়ক: নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত যোৰহাট, নগাঁৱত উত্তাল প্ৰতিবাদ

Intro:মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে 'কা' ক সমৰ্থন কৰি অসম চুক্তিৰ আৰু 855 জন শ্বহীদৰ অপমান কৰিছে : চম্পক কলিতা

Body:সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই শনিবাৰে নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কে হাতীগাঁওস্থিত দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদ মেল অনুষ্ঠিত কৰে।
এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক তথা মুখপাত্ৰ চম্পক কলিতাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে। চম্পক কলিতাই কয় যে নলবাৰীত ভাৰতীয় জনতা পাৰ্টিয়ে বাংলাদেশী হিন্দুক লৈ শান্তি সমদল অনুষ্ঠিত কৰিছিল। বৰ্তমান 'কা' বিৰুদ্ধে হৈ থকা আন্দোলন অসমৰ পৰা আৰম্ভ হৈ এতিয়া সমগ্ৰ ভাৰতত আৰম্ভ হৈছে। ডঃ ভূপেন হাজাৰিকাই বহু দশকৰ আগতে গোৱা এটি গীতক সাৰোগত কৰি কলিতাই গীত গাইছিল " সংবিধানৰ বাধ্যবাধকতাৰ পৰিৱেশত হাজাৰ জনৰ তেজ অসমত বৈছিল। আৰু এই হত্যাকাণ্ড যাতে পুনৰ নহয়। যদি হয় গোটে ভাৰতত হব যেন প্ৰলয়"। আজি ডঃ ভূপেন হাজাৰিকাৰ এই গীত সত্য ৰূপত দেখা গৈছে। এ আই উ ডি এফয়ে 2015 চনৰে পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধীতা কৰি আহিছে আৰু বৰ্তমানেও নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতা কৰি যাব বুলি কয়। 'কা' বিৰুদ্ধে ৰাজ্যত হৈ থকা সকলো গণতান্ত্ৰিক আন্দোলনত আমাৰ দলৰ সম্পূৰ্ণ সমৰ্থন আগন্তুক দিনতো থাকিব। মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰে সংবাদমেলত 'কা' সম্পৰ্কে কৰা মন্তব্য দুর্ভাগ্যপূৰ্ণ আখ্যা দিয়ে চম্পক কলিতাই। লগতে তেওঁ কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে 'কা' ক সমৰ্থন কৰি অসম চুক্তিৰ আৰু 855 জন শ্বহীদৰ অপমান কৰিছে। অসম গণ পৰিষদ আৰু জে ডি উ য়ে (JDU) আৰু ত্ৰিপুৰা মুখ্যমন্ত্ৰীয়ে নাগৰিকত্ব সংশোধনী আইন সমৰ্থন কৰা নাই। সেই সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ কিয় 'কা' সমৰ্থন কৰি আছে ? ৰাজ্য চৰকাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিনা দোষত আটক কৰি NIA ৰ হাতত গতাই দিছে। অখিল গগৈ আৰু আলফা নেতা জিতেনে দত্তক বিনাচৰ্তে মুকলি কৰি দিবলৈ এ আই উ ডি এফৰ তৰফৰ পৰা ৰাজ্য চৰকাৰক আহ্বান জনায় চম্পক কলিতায়ই। এই সংবাদ মেলত নেতাগৰাকীয়ে ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ সৰৱ হৈ পৰে। চম্পক কলিতাই কয় যে সংবাদ মেল পাতি এটা সম্প্ৰদায়ক লক্ষ্য কৰি লোৱা ঘটনাটো দুৰ্ভাগ্যপূৰ্ণ। মন্ত্ৰী হিমন্ত ৰাজ্যৰ গৃহমন্ত্ৰী নহয় যে তেওঁ প্ৰতিবাদকাৰীৰ ফটো বা ভিডি'অ সংবাদমেলত দেখুৱাবলৈ এই সাহস কৰ পৰা পালে বুলি প্ৰশ্ন কৰে মুখপাত্ৰ গৰাকীয়ে। অমিত শ্বাহ অসমৰ চুক্তিৰ অপমান কৰি 'কা'ক বলপূৰ্বকভাবে অসমত জাপি দিব বিচাৰিছে।

ইয়াৰ তেওঁ কয় যে পশ্চিমবঙ্গত 'কা' বিৰোধী আন্দোলন চলি থকাৰ মাজতে অনামুছলমান লোকসকলে মূৰত টুপী, পাঞ্জাৱী চাৰ্ট পৰিধান কৰি হিংসাত্মক কাৰ্য কৰাৰ দৃশ্য ভিডি'অ প্ৰস্তুত কৰি আৰক্ষীক গতাই দিয়ে। এই সন্দৰ্ভত চম্পক কলিতাই কয় যে এই কাৰ্যত কোনো তৃতীয় পক্ষ জড়িত হয় কংগ্রেছক বদনাম কৰিবলৈ চেষ্টা চলাইছে।

Bite Hindi

Conclusion:Asrar Ansari
Guwahati
Last Updated : Dec 21, 2019, 7:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.