ETV Bharat / state

Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে AIUDF

author img

By

Published : Jul 16, 2023, 6:14 PM IST

"কংগ্ৰেছে তৈয়াৰ কৰা খেলপথাৰত আজি বিজেপিয়ে খেল খেলি আছে ৷ কংগ্ৰেছ-বিজেপিয়ে মিলি সংখ্যালঘুক কেনেকৈ দমন কৰিব পাৰি, কেনেকৈ AIUDFক ধ্বংস কৰিব পাৰি তাৰ বাবে এই কাৰ্য কৰি আছে ৷"- বিধায়ক আমিনুল ইছলাম

aiudf-press-meet-on-constituency-delimitation-2023
সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে AIUDF

গুৱাহাটী, ১৬ জুলাই : সমষ্টি পুনৰ নিৰ্ধাৰণক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ মাজত তুমুল চৰ্চা অব্যাহত আছে ৷ ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ লগতে AIUDF য়েও সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত তীব্ৰ প্ৰতিবাদ কৰি আহিছে ৷ দেওবাৰে পুনৰ হাতীগাঁৱস্থিত AIDUF ৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেলৰ সম্বোধন কৰে AIDUF ৰ সাধাৰণ সম্পাদক তথা মানকাচাৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলামে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে AIUDF। উচ্চতম ন্যায়ালয়ত তৰা গোচৰ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে বিধায়কগৰাকীয়ে ৷

সংবাদমেলখনত বিধায়কগৰাকীয়ে কয় "সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগৰ ক্ষমতা নিৰ্বাচন আয়োগক হস্তান্তৰ কৰাৰ আমি বিৰোধিতা কৰিছো ৷ নিৰ্বাচন আয়োগক সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষমতা দিয়া বিষয়টো অসংবিধানিক ৷ BJP, RSSৰ শ্ৰুতলিপি মতে এই প্ৰক্ৰিয়া হৈছে ৷’’ এই সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত বৃহৎ কেৰুণ থকা সন্দেহ কৰিছে বিধায়কগৰাকীয়ে ৷ সংবিধানৰ 8(A)ৰ অনুচ্ছেদক লৈ ন্যায়ালয়ত গোচৰ তৰিছে AIUDF দলে ৷ AIUDF vs Union of India গোচৰটোৰ ডায়েৰী নম্বৰ 28014/2023 ৷ গোচৰটোৰ পঞ্জীয়ন নম্বৰ- EC#HCIN01#00719/2023 ৷"

আনহাতে এই সংবাদমেলত কংগ্ৰেছকো ক্ষুৰধাৰ সমালোচনা বিধায়ক ইছলামে ৷ বিধায়কগৰাকীয়ে কয় যে, কংগ্ৰেছে তৈয়াৰ কৰা খেলপথাৰত আজি বিজেপিয়ে খেল খেলি আছে ৷ কংগ্ৰেছ-বিজেপিয়ে মিলি সংখ্যালঘুক কেনেকৈ দমন কৰিব পাৰি, কেনেকৈ AIUDFক ধ্বংস কৰিব পাৰি তাৰ বাবে এই কাৰ্য কৰি আছে ৷ গুৱাহাটীলৈ আহিবলগীয় নিৰ্বাচন আয়োগৰ দলক সাক্ষাৎ কৰি পুনৰ AIUDFয়ে আবেদন জনাব বুলি বিধায়কগৰাকীয়ে উল্লেখ কৰে ৷

আনহাতে ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি কৰা মিঞা ৰাজনীতি প্ৰসংগত মন্তব্য আগবঢ়াই বিধায়কগৰাকীয়ে কয় যে, মুখ্যমন্ত্ৰী বা বিজেপিৰ সদায় এটা পলিচি থাকে যে, কেতিয়াবা ভাষাৰ মাজত কেতিয়াবা ধৰ্মৰ মাজত ভেদাভেদ আনিব বিচাৰে ৷ UCCক লৈ নাগালেণ্ড,মিজোৰামৰ পৰা যি প্ৰত্যাহ্বান গৈছে তাক লৈ বিজেপি শংকিত হৈ আছে ৷ গতিকে সাম্প্ৰদায়িক বিভাজন আনিবলৈ মিঞা প্ৰসংগ টানি আনিছে বিজেপিয়ে ৷

লগতে পঢ়ক: Landmark Hotel scam: লেণ্ডমাৰ্ক হোটেল কেলেংকাৰী গোচৰৰ অভিযোগ নামা দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.