ETV Bharat / state

Karim Uddin Barbhuiya controversy: খাৰিজ হ'ব নেকি AIUDF ৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ বিধায়ক পদ ! - AIUDF ৰ বিধায়ক কৰিমউদ্দিন বৰভূঞা

সততে বিভিন্ন বিষয়ত মুখৰ হৈ থকা তথা চৰ্চাত থকা AIUDF ৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ বিধায়ক পদ খাৰিজ হ'ব নেকি ? কিয় নিৰ্বাচনৰ সময়তে বৰভূঞা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰোষত পৰাৰ সম্ভাৱনাই গা কৰি উঠিছে ? বৰ্তমান ইয়াকে লৈ চলিছে বিশেষ চৰ্চা (Karim Uddin Barbhuiya may loss his MLA post ) ।

AIUDF MLA Karim Uddin Barbhuiya
বৰভূঞা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰোষত পৰাৰ সম্ভাৱনা
author img

By

Published : Apr 26, 2023, 11:00 PM IST

গুৱাহাটী, 26 এপ্ৰিল : বিপদত AIUDF ৰ বিধায়ক কৰিমউদ্দিন বৰভূঞা ৷ মনোনয়ন পত্ৰত ভুৱা শিক্ষাগত অৰ্হতাৰ তথ্য দাখিল কৰি বিপদত পৰিছে সোণাই সমষ্টিৰ AIUDF ৰ বিধায়ক কৰিমউদ্দিন বৰভূঞা । যাৰ বাবে এতিয়া কৰিমউদ্দিন বৰভূঞা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰোষত পৰাৰ সম্ভাৱনাই গা কৰি উঠিছে (Karim Uddin Barbhuiya may loss his MLA post ) ৷

উল্লেখ্য যে, যোৱা বিধানসভা নিৰ্বাচনত মনোনয়ন পত্ৰত কৰিমউদ্দিন বৰভূঞাই ভুৱা শিক্ষাগত অৰ্হতাৰ তথ্য দাখিল কৰাৰ অভিযোগ তুলি সোণাই সমষ্টিৰ প্ৰাক্তন বিধায়ক এনামূল হক লস্কৰে কৰিমউদ্দিন বৰভূঞাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল নিৰ্বাচনী আবেদন । এই সন্দৰ্ভত সোণাই সমষ্টিৰ প্ৰাক্তন বিধায়ক এনামূল হক লস্কৰে কৰিমউদ্দিন বৰভূঞাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা নিৰ্বাচনী আবেদনৰ প্ৰত্যাহ্বান জনায় গুৱাহাটী উচ্চ ন্যায়ালয়ত কৰিমউদ্দিন বৰভূঞাই আৱেদন কৰিছিল (Karim Uddin Barbhuiya controversy) ।

কিন্তু বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে গ্ৰহণ কৰা এক শুনানীত সোণাই সমষ্টিৰ প্ৰাক্তন বিধায়ক এনামূল হক লস্কৰে কৰিমউদ্দিন বৰভূঞাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা নিৰ্বাচনী আবেদনৰ প্ৰতি সঁহাৰি জনায় গুৱাহাটী উচ্চ ন্যায়ালয়ত কৰিমউদ্দিন বৰভূঞাই কৰা আৱেদনখন খাৰিজ কৰে (Karim Uddin Barbhuiya in fraud case ) ৷

সমান্তৰালকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে কৰিমউদ্দিন বৰভূঞাৰ বিৰুদ্ধে ৰুজু হোৱা নিৰ্বাচনী গোচৰৰ শুনানি অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিয়ে । ইয়াকে লৈ এতিয়া AIUDF ৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ বিধায়ক পদ খাৰিজ হোৱাৰ সম্ভাৱনাই গা কৰি উঠিছে । এই সন্দৰ্ভত প্ৰাক্তন বিধায়ক এনামূল হক লস্কৰৰ গোচৰৰ হৈ ওকালতি কৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা এ আৰ ভূঞাই কয় যে, কৰিমউদ্দিন বৰভূঞাই নিৰ্বাচনৰ সময়ত নিৰ্বাচন আয়োগক নিৰ্বাচনৰ মনোনয়ন পত্ৰৰ শপত নামাৰ লগত ভুৱা শিক্ষাগত অৰ্হতাৰ তথ্য দিছিল । শপত নামাত কৰিমউদ্দিন বৰভূঞাই তেওঁৰ শিক্ষাগত অৰ্হতা স্নাতক তথা অন্যান্য শিক্ষাগত অৰ্হতাৰ তথ্য দিছিল । পিছত তথ্য অধিকাৰ আইনৰ জৰিয়তে এই তথ্য ভুৱা বুলি প্ৰমাণিত হৈছে ।

অধিবক্তা এ আৰ ভূঞাই কয়, এনেধৰণৰ ভুৱা তথ্য দিয়াৰ ক্ষেত্ৰত কৰিমউদ্দিন বৰভূঞাৰ বিধায়ক পদ খাৰিজ হ'ব পাৰে । তেওঁ লগতে কয়, "সোণাই সমষ্টিৰ প্ৰাক্তন বিধায়ক এনামূল হক লস্কৰে কৰিমউদ্দিন বৰভূঞাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা নিৰ্বাচনী আবেদনৰ প্ৰত্যাহ্বান জনায় গুৱাহাটী উচ্চ ন্যায়ালয়ত কৰিমউদ্দিন বৰভূঞাই কৰা আৱেদনখন আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে খাৰিজ কৰে ।

লগতে সোণাই সমষ্টিৰ প্ৰাক্তন বিধায়ক এনামূল হক লস্কৰে কৰিমউদ্দিন বৰভূঞাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা নিৰ্বাচনী আবেদন গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে কৰিমউদ্দিন বৰভূঞাৰ বিৰুদ্ধে ৰুজু হোৱা নিৰ্বাচনী গোচৰৰ শুনানি অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিছে ।

লগতে পঢ়ক : Assam flood problems: বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ বাবে অসমৰ পৰা দাবী লাভ কৰা নাই কেন্দ্ৰই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.