গুৱাহাটী, ৩১ মাৰ্চঃ দিল্লীৰ নিজামুদ্দিনৰ জামাতত অসমৰ বিভিন্ন ঠাইৰ লোক উপস্থিত থকা সন্দৰ্ভত মত ব্যক্ত কৰে এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌ বদৰুদ্দিন আজমলে ৷ তেওঁ কয় যে নিজামুদ্দিনৰ জামাতত কৰ'ণা ভাইৰাচত আক্ৰান্ত হোৱা ঘটনাৰ বাবে আজি সমগ্ৰ ভাৰত চিন্তিত ৷ আমিও তবলিগী জামাতৰ মানুহ ,আমিও জামাতক ভাল পাও ,কিন্ত যি ঘটনা হৈছে সেয়া অনাকাঙ্খিত আৰু দুৰ্ভাগ্যজনক ৷
যি সকল লোকে মৰ্কজৰ জামাতত উপস্থিত থকা লোকসকলক পোনো পোনে ঘৰলৈ নগৈ স্থানীয় যিকোনো চিকিৎসালয়ত প্ৰথমে স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়ে সাংসদগৰাকীয়ে ৷ তেওঁলোকৰ পৰা সমাজলৈ যাতে বিপদ নানামে সকলো লোকক চৰকাৰী নীতি নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনায় সাংসদ বদৰুদ্দিন আজমলে ।