ETV Bharat / state

ছোনীয়ালৈ AIUDFৰ আৰ্জি: সভাপতিৰ পৰা অপসাৰণ কৰক ভূপেন বৰাক - এ আই ইউ ডি এফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা

ভূপেন বৰাক প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা অপসাৰণ কৰিবলৈ ছোনিয়া গান্ধীক অনুৰোধ জনাব এ আই ইউ ডি এফে ৷ কাৰণ ভূপেন বৰাই বিজেপিৰ হৈ কাম কৰি আছে (AIUDF accuses Bhupen Bora as BJP agent)৷ এই বিস্ফোৰণ এ আই ইউ ডি এফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ ৷

AIUDF accuses Bhupen Bora as BJP agent
সভাপতিৰ পৰা অপসাৰণ কৰক ভূপেন বৰাক
author img

By

Published : Mar 30, 2022, 8:47 PM IST

গুৱাহাটী, ৩০ মাৰ্চ: নিশাটো পাৰ হ'লেই কাইলৈ ৰাজ্যসভা নিৰ্বাচন । আসন দুখন, প্ৰাৰ্থী তিনিজন । শাসক পক্ষই দুয়োখন আসনতে প্ৰাৰ্থী থিয় কৰাইছে । বিজেপি সমন্বিতে মিত্ৰজোটৰ দাবী- দুয়োখন আসনতে তেওঁলোকৰ প্ৰাৰ্থী জয়ী হোৱাটো নিশ্চিত । পৰ্যাপ্ত ভোট নিজৰ হাতত নথকাৰ পিছতো দুয়োখন আসন নিজৰ দখললৈ আহিব বুলি বিজেপি মিত্ৰজোটে কৰা দাবীও তাৎপৰ্যপূৰ্ণ ৷

ইপিনে, এখন আসনত জিকিব পৰাকৈ পৰ্যাপ্ত ভোট থকাৰ পিছতো বিৰোধীৰ নিজৰ মাজত চলা খিয়লা খিয়লিৰ বাবে সেইখন আসনো বিৰোধীৰ হাতৰ পৰা যাও যাও । ভোটগ্ৰহণৰ এদিন পূৰ্বে বুধবাৰে দুপৰীয়া এ আই ইউ ডি এফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই এনে এক বিস্ফোৰণ ঘটালে যে এতিয়া আৰু কাৰোৱেই বুজিবলৈ বাকী নাই ভোট নৌহওতেই ইতিমধ্যে বিৰোধী ঐক্য বাঁহফলা দি থিয়ৈ থিয়ৈ ফালিল (MLA Karim Uddin Barbhuiya comments on Rajya Sabha Election) । মঙলবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মন্তব্য কৰিছিল যে, এ আই ইউ ডি এফ বিস্বাসঘাতক । সেই দলৰ পাঁচজন বিধায়কে কাইলৈ বিজেপিৰ প্ৰাৰ্থীক ভোট দিব ।

ভূপেন বৰাক সভাপতিৰ পৰা অপসাৰণৰ আহ্বান

বৰাৰ এনে মন্তব্যই ইংগিত দিছিল যে, বিৰোধীৰ মাজত ৰাজ্যসভাৰ ভোটক লৈ ইতিমধ্যে বিভেদৰ সৃষ্টি হৈছে । অৱশেষত সেয়া সঁচা বুলি প্ৰমাণিত হ'ল এ আই ইউ ডি এফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ বক্তব্যত । বিধায়ক গৰাকীয়ে আজি কয়-" ভূপেন বৰাই কালি যি ক'লে সেয়া কংগ্ৰেছৰ আভ্যন্তৰীণ সংঘাতৰ পৰিণাম । ভূপেন বৰাই নিবিচাৰে যে ৰিপুণ বৰা জয়ী হওক । সেইবাবেই তেওঁ এইধৰণৰ কথা বতৰা ক’বলৈ আৰম্ভ কৰিছে ।

তেওঁ ভাবিছে যে এইধৰণৰ মন্তব্য শুনাৰ পিছত ক্ষুব্ধ হৈ এ আই ইউ ডি এফৰ বিধায়কসকলে কাইলৈ ভোট দিবলৈ নাহিব । কিন্তু কাইলৈ আমাৰ আটাইকেইজন বিধায়কে ভোট দিব আৰু ৰিপুণ বৰাকেই দিব । ভূপেন বৰা নিজে বিধায়কো নহয়, তেওঁ কেনেকৈ গম পাব কি হৈ আছে । ভূপেন বৰা আচলতে বিজেপিৰ এজেন্ট (AIUDF accuses Bhupen Bora as BJP agent)। তেওঁ কিবা এটা বক্তব্য ৰাজ্যসভাৰ নিৰ্বাচনক লৈ কৰাৰ ঠিক দহ মিনিটমানৰ পিছতে মন্ত্ৰী পীযুষ হাজৰিকাই মন্তব্য কৰে আৰু দুয়োৰে মন্তব্যৰ সুৰ প্ৰায় একেই হয় ।

লগতে তেও প্ৰশ্ন কৰে যে, ভূপেন বৰাৰ যদি সঁচাকৈয়ে ৰিপুণ বৰাৰ প্ৰতি সদভাৱ আছে তেন্তে ৰিপুণ বৰাই বিধায়কসকলৰ ঘৰে ঘৰে গৈ মিঠাই বিলোৱাৰ সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে তেওঁ লগত যোৱাটো দায়িত্ব নাছিল নেকি ?" মুঠতে, ভোট গ্ৰহণৰ বাবে মাজত মাত্ৰ নিশাটোহে বাকী থকা অৱস্থাত আজি পানীৰ দৰে ফটফটীয়া হৈ পৰিল এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ মাজৰ সংঘাত । আনকি, কৰিমুদ্দিন বৰভূঞাই আজি আৰু কয় যে ভূপেন বৰাক প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা অপসাৰণ কৰিবলৈ খুউব সোনকালেই তেওঁলোকে ছোনিয়া গান্ধীক অনুৰোধ জনাব ।

ভূপেন বৰাৰ পৰিবৰ্তে বিধায়ক কমলাক্ষ্য দে' পুৰকায়স্থক সভাপতিৰ দায়িত্ব দিবলৈকো এ আই ইউ ডি এফে ছোনিয়া গান্ধীক অনুৰোধ জনাব বুলি তেওঁ কয় । কৰিমুদ্দিন বৰভূঞাৰ দাবী- কাইলৈ ৰাজ্যসভা নিৰ্বাচনত ৰিপুণ বৰাক এ আই ইউ ডি এফে বিস্বাসঘাতকতা নকৰে, কৰিব কংগ্ৰেছৰ বিধায়কেহে ।

লগতে পঢ়ক: Rajya Sabha Election: কংগ্ৰেছে ৰিপুন বৰাক পৰাস্ত কৰোৱাৰ চেষ্টা কৰিছে: বিধায়ক আমিনুল ইছলাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.