ETV Bharat / state

Guwahati air pollution: ধূলিয়ৰি গুৱাহাটীত বিপদ বাঢ়িছে মহানাগৰিকৰ; অপেক্ষা বৰষুণলৈ

গুৱাহাটীত আচম্বিতে সৃষ্টি হোৱা ধূলিময় পৰিবেশে সমস্যাত পেলাইছে মহানগৰবাসীক ৷ দিনতেই ঘোপমৰা পৰিবেশক লৈ শংকিত হৈ পৰিছে মহানগৰীৰ লোকসকল (Guwahati air pollution) ৷ এইক্ষেত্ৰত কিদৰে সজাগতা ল’ব লাগে আৰু এই সমস্যাৰ বাবে জগৰীয়া কোন ? এই সন্দৰ্ভত এক প্ৰতিবেদন ৷

author img

By

Published : Feb 9, 2023, 8:33 PM IST

Guwahati air pollution
ধূলিয়ৰি গুৱাহাটীত বিপদ বাঢ়িছে মহানাগৰিকৰ
ধূলিয়ৰি গুৱাহাটীত কিদৰে ল’ব নিজৰ যতন

গুৱাহাটী,9 ফেব্ৰুৱাৰী: গুৱাহাটীত বায়ু প্ৰদূষণে জটিল ৰূপ ধাৰণ কৰিছে (Guwahati air pollution) ৷ গুৱাহাটী মহানগৰীক বুধবাৰে ধূলিৰ ধুমুহাই আগুৰি ধৰাৰ পিচত বৃহস্পতিবাৰে মহানগৰীত ধুলিৰ ধুমুহা বহু পৰিমাণে হ্ৰাস পায় ৷ কিন্তু গুৱাহাটীত বায়ু প্ৰদূষণৰ মাত্ৰাৰ কোনো বিশেষ তাৰতম্য হোৱা নাই ৷ অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তথ্য মতে গুৱাহাটীত বায়ুৰ গুণগত সূচকাংক (Air quality index) এমাহ ধৰি ২০০ ৰ অধিক আছে ৷ কিন্তু যোৱা পাঁচদিন ধৰি‌ গুৱাহাটীত বায়ুৰ গুণগত সূচকাংক ৩০০ ৰ অতিক্ৰম কৰিছে (Air quality index in Guwahati) ৷

তথ্য মতে, গুৱাহাটীত ৬ ফেব্ৰুৱাৰীত বায়ুৰ গুণগত সূচকাংক ২৬৪, ৭ ফেব্ৰুৱাৰীত ২৮৪ , ৮ ফেব্ৰুৱাৰীত ৩৮৮ আৰু ৯ ফেব্ৰুৱাৰীত ৩৩২ ৷ বায়ুৰ গুণগত সূচকাংক ২০০ অধিক হ'লে বায়ু প্ৰদূষিত হোৱা চিহ্নিত কৰা হয় ৷ বায়ুৰ গুণগত সূচকাংক ৩০০ অধিক হ'লে অতি ভয়ংকৰ ৰূপত বায়ু প্ৰদূষিত হোৱা বুলি চিহ্নিত কৰা হয় ৷ আনহাতে বায়ুৰ গুণগত সূচকাংক ৪০০ অধিক হ'লে বায়ু প্ৰদূষণ বিপদসীমা অতিক্ৰম কৰা বুলি চিহ্নিত কৰা হয় ৷ গুৱাহাটীৰ বায়ু প্ৰদূষণ ক্ৰমে বিপদসীমা অতিক্ৰম কৰাৰ দিশত আগ বাঢ়িছে ৷ শীঘ্ৰে বৰষুণ নাহিলে গুৱাহাটীৰ বায়ু প্ৰদূষণ বিপদসীমাৰ অতিক্ৰম কৰিব (Guwahati air pollution update) ৷

এই সময়চোৱাত গুৱাহাটীৰ বিভিন্ন মানুহৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগ হোৱা দেখা গৈছে ৷ গুৱাহাটীৰ বায়ু প্ৰদূষণৰ কাৰণ, ইয়াৰ প্ৰতিৰোধ আৰু মহানগৰীয়ে ল'বলগীয়া স্বাস্থ্যজনিত সাৱধনতাৰ বাবে কেবাগৰাকী বিশেষজ্ঞৰ মতামত লোৱা হৈছে (Problems for air pollution in Guwahati) ৷ বিশিষ্ট চিকিৎসক ডাঃ হিতেশ্বৰ শৰ্মাই কয় যে, কেৱল কালি বুলি নহয়, যোৱা কিছুদিনৰ পৰা গুৱাহাটী মহানগৰীত ধূলিৰ পৰিমাণ বাঢ়িছে ৷ ফাগুনৰ আগমনৰ সময়চোৱাত এনেদৰে ধূলিৰ পৰিমাণ বাঢ়ি আহে ৷ বহুত দিন বৰষুণ হোৱা নাই ৷ তদুপৰি গুৱাহাটীত বিভিন্ন চৰকাৰী নিৰ্মাণ কাৰ্যবোৰ চলি আছে ৷ এনেবোৰ কাৰণত ধূলিৰ প্ৰকোপ বেছি‌ হৈছে ৷ গতিকে এই পৰিৱেশৰ লগত আমি সহাৱস্থান কৰিব লাগিব ৷

তেওঁ লগতে কয় যে, যিসকল লোকে শ্বাস-প্ৰশ্বাসজনিত ৰোগত ভুগি আছে তেওঁলোকে যিমান সম্ভৱ বাহিৰলৈ ওলায় নোযোৱাটো ভাল ৷ যিসকল শিশু স্কুললৈ যোৱা নাই সেইসকলক ঘৰৰ বাহিৰলৈ ওলাবলৈ দিব নালাগে ৷ পুৱা অলপ পৰিৱেশ ভাল থকা সময়ত ঘৰৰ‌ বাহিৰলৈ ওলোৱাৰ‌ বাহিৰে কাম নাথাকিলে বাহিৰলৈ ওলাব নালাগে ৷ কাৰণ বৰ্তমানৰ এই পৰিৱেশত কাহ, চৰ্দি আদি বাঢ়িছে ৷ এই সময়ত ভাইৰেল বেমাৰবোৰো বৃদ্ধি হয় ৷ সেয়েহে সাৱধানে থকাটো ভাল ৷ এই সময়চোৱাত পানী খোৱাৰ পৰিমাণ অলপ বঢ়ায় দিলে ভাল ৷ যাতে‌ শৰীৰত পানীৰ অভাৱ নহয় (Doctor suggestion for air pollution) ৷

গুৱাহাটীৰে এগৰাকী সচেতন ব্যক্তি দিপুল মালাকৰে কয় যে, গুৱাহাটীত প্ৰকৃতিৰ লগত মানুহৰ ভাৰসাম্য ৰক্ষা হোৱা নাই ৷ যাৰ বাবে বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে ৷ বায়ু প্ৰদূষণো এইধৰণৰে সমস্যা ৷ এই সময়ত ধূলিৰ ধুমুহা অহাটো স্বাভাৱিক ৷ কিন্তু এতিয়া ধুলিবোৰ বিষাক্ত হৈ পৰিছে ৷ বায়ুত কাৰ্বন মনঅক্সাইড, নাইট্ৰজেনৰ পৰিমাণ বৃদ্ধি পাইছে ৷ গুৱাহাটীত বায়ু প্ৰদূষণ বৃদ্ধি পোৱাৰ অন্যতম কাৰণ যে গুৱাহাটীখনক পৰিকল্পিতভাৱে গঢ় দিয়া নহ'ল ৷ ৩০-৪০ বছৰ পূৰ্বে প্ৰস্তুত কৰা গুৱাহাটী মাষ্টাৰ প্লেনখন কাৰ্যকৰী নহ'ল ৷

তেওঁ আৰু কয় যে, গুৱাহাটীত বায়ু প্ৰদূষিত হোৱাৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগম দোষমুক্ত নহয় ৷ গুৱাহাটীৰ জাৱৰ নিষ্কাষণ কৰা, জাৱৰ জমা কৰি পৰিশোধন কৰা ব্যৱস্থাটো আজিলৈকে পৌৰ নিগমে বিজ্ঞানসন্মতভাৱে কৰিব পৰা নাই ৷ গতিকে গুৱাহাটীৰ বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ চৰকাৰে এক বিজ্ঞানসন্মত পৰিকল্পনা গ্ৰহণ কৰাটো অতি জৰুৰী হৈ‌ পৰিছে ৷

উল্লেখযোগ্য যে যোৱা বছৰত প্ৰকাশ পোৱা Centre for Science and Environment (CSE)ৰ তথ্য অনুসৰি গুৱাহাটী উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্বাধিক প্ৰদূষিত চহৰ হিচাপে পৰিগণিত হৈছে ৷ দ্বিতীয় স্থানত আছে আগৰতলা চহৰ ৷ গুৱাহাটীত বছৰি গড় PM 2.5 পৰিমাণে উদ্বেগজনক হাৰত বৃদ্ধি পাইছে ৷

লগতে পঢ়ক: Guwahati Air Quality Index very poor: সাৱধান মহানগৰবাসী ! প্ৰয়োজন নাথাকিলে নোলাব ঘৰৰ বাহিৰলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.