ETV Bharat / state

Cross Voting in President Election: ক্ৰছ ভোটিং কৰাসকলক কঠোৰ সকিয়নী জীতেন্দ্ৰ সিঙৰ

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক লগত লৈ দিল্লীত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তত্বৱধায়ক জীতেন্দ্ৰ সিঙৰ সংবাদমেল (Jitendra Singh with Bhupen Bora in Delhi)। ক্ৰছ ভোটিং কৰাসকলে কংগ্ৰেছ দলকে নহয় অসমৰ জনতাক বিক্ৰী কৰি দিলে । লোভ-লালসা দি কাৰোবাক ক্ৰয় কৰাটো অসমৰ মুখ্যমন্ত্ৰীৰ বাবে সাধাৰণ কথা(Jitendra Singh criticises Himanta Biswa sarma) । অসমত জনতাৰ নহয়, মোডী আৰু অমিত শ্বাহৰ চৰকাৰ চলি আছে । এই মন্তব্য জীতেন্দ্ৰ সিঙৰ ৷

author img

By

Published : Jul 27, 2022, 8:57 PM IST

Cross Voting in President Election
ক্ৰছ ভোটিং কৰাসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ সকিয়নী জীতেন্দ্ৰ সিঙৰ

গুৱাহাটী, ২৭ জুলাই: ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰছ ভোটিং কৰা দলৰ ছয়জন বিধায়কৰ নাম লৈ মঙলবাৰে দিল্লীত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (APCC president Bhupen Bora in Delhi)। ৰাষ্ট্ৰপতি নিৰ্বাচনত দলক বিশ্বাসঘাতকতা কৰা দলৰ ছয় বিধায়কৰ তালিকা দিলে কংগ্ৰেছ হাইকামাণ্ডক(Cross voting in president election 2022) ৷

ইয়াৰ পাছতে আজি ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰছ ভোটিং কৰা ঘটনা সন্দৰ্ভত দিল্লীৰ মুখ্য কাৰ্য়ালয়ত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তত্বৱধায়ক জীতেন্দ্ৰ সিঙে এখন সংবাদমেল সম্বোধন কৰে (AICC General Secretary Jitendra Singh on cross voting)৷ সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰায়ো অংশগ্ৰহণ কৰে । সংবাদমেলত জীতেন্দ্ৰ সিঙে ক্ৰছ ভোটিঙৰ বিষয়টোক দুৰ্ভাগ্যজনক আখ্যা দি কয় যে এইক্ষেত্ৰত অতি কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব ।

এই সন্দৰ্ভত অসমৰ জ্যেষ্ঠ কংগ্ৰেছ নেতাসকলৰ লগত আলোচনা কৰাৰ কথা তেওঁ সদৰি কৰে । ক্ৰছ ভোটিং কৰাসকলৰ চিনাক্তকৰণ আৰু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ সন্দৰ্ভত বিচাৰ-বিবেচনা কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে । তেওঁলোকে কংগ্ৰেছ দলকে নহয় অসমৰ জনতাক বিক্ৰী কৰি দিলে বুলি সদৰি কৰি তেওঁ কয় যে তেওঁলোকে নিজৰ সমষ্টিবাসীক বিশ্বাসঘাতকতা কৰিলে ।

জীতেন্দ্ৰ সিঙে লগতে কয় যে, এ আই ইউ ডি এফৰ সকলো ভোট বিজেপিৰ পক্ষত গৈছে (AIUDF in president election 2022)। কংগ্ৰেছৰ ছয়জনে ক্ৰছ ভোটিং কৰিব পাৰে বুলিও তেওঁ সদৰি কৰি তেওঁ কয় যে, ক্ৰছ ভোটিং কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব । তেওঁ লগতে কয় যে, ৰাজ্যসভাৰ নিৰ্বাচনত সময়তো দলৰ বিৰুদ্ধে যোৱাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল । এইবাৰো কৰা হ'ব । ৰাষ্ট্ৰপতি নিৰ্বাচনত গোপনীয় ভোটিং হ'লেও ক্ৰছ ভোটিঙৰ বিষয়টো বেছিদিন লুকাই নাথাকে বুলি সদৰি কৰি তেওঁ কয় যে ক্ৰছ ভোটিং কৰাসকলৰ পদক্ষেপে তেওঁলোকক উদঙাই দিব । ক্ৰছ ভোটিঙৰ বিষয়টোত তদন্ত কৰি থকা হৈছে আৰু শীঘ্ৰেই সকলো স্পষ্ট হ'ব ।

তেওঁ কয় যে, কেইজনমানক সন্দেহ কৰা হৈছে যদিও এতিয়াই ৰাজহুৱা কৰিব পৰা নাযাব । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক্ৰছ ভোটিং সন্দৰ্ভত (Himanta Biswa sarma on cross voting) কৰা মন্তব্যৰ প্ৰসংগত তেওঁ কয় যে, হিমন্ত বিশ্ব শৰ্মা ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত নিপুণ । লোভ-লালসা দি কাৰোবাক ক্ৰয় কৰাটো অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বাবে সাধাৰণ কথা । তেওঁ কয় যে, বিক্ৰী হোৱা জনতকৈ ক্ৰয় কৰাজন অধিক দায়ী । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক জীতেন্দ্ৰ সিঙে দুৰ্নীতিগ্ৰস্ত আখ্যা দিয়ে ।

হিমন্ত বিশ্ব শৰ্মাই নিজৰ দুৰ্নীতি ঢাকি ৰাখিবৰ বাবেই প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ ভৰিত ধৰি আছে বুলি অভিযোগ কৰি তেওঁ কয় যে অসমত ৰিম’ট কন্ট্ৰলৰ চৰকাৰ চলি আছে । অসমত জনতাৰ নহয়, মোডী আৰু অমিত শ্বাহৰ চৰকাৰ চলি আছে ।

লগতে পঢ়ক: Population Control Bill: জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়কৰ ক্ষেত্ৰত অসম এক উদাহৰণ হোৱা উচিত: ডঃ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.