নিউজ ডেস্ক, ৭ জানুৱাৰী : লোকসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ৰাজনৈতিক তৎপৰতা বৃদ্ধি পাইছে কংগ্ৰেছ কিম্বা বিজেপি নাইবা অন্যান্য ৰাজনৈতিক দলসমূহৰ মাজত ৷ ১৭ জানুৱাৰীৰ পৰা ৰাহুল গান্ধীয়ে অসমত আৰম্ভ কৰিব ভাৰত জোড়ো ন্যায় যাত্ৰা ৷ অসমত আঠদিন হ’বলগীয়া ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পূৰ্বে আজি নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে গঠন কৰি দিছে অসমৰ বাবে কংগ্ৰেছ দলৰ আগন্তুক নিৰ্বাচনী সমিতিখন ৷
![Election Committee Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/07-01-2024/20452456_congress.jpg)
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ অধ্যক্ষতাত গঠন কৰা এই সমিতিৰ উপাধ্যক্ষৰ দায়িত্ব দিয়া হৈছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক ৷ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে গঠন কৰি দিয়া অসমৰ এই ৩৮ জনীয়া নিৰ্বাচনী সমিতিখনৰ বাকী সদস্যসকল হ'ল ক্ৰমে- ৰকিবুল হুছেইন, পৱনসিং ঘাটোৱাৰ, ৰাণা গোস্বামী, কমলাক্ষ দে’ পুৰকায়স্থ, গৌৰৱ গগৈ, জাকিৰ হুছেইন শিকদাৰ, প্ৰদ্যুৎ বৰদলৈ, আব্দুল খালেক, ৱাজেদ আলী চৌধুৰী, প্ৰণতি ফুকন, নন্দিতা দাস, অকণ বৰা, ববিতা শৰ্মা, ৰ'জলিনা তিৰ্কি, হিৰণ্য বৰা, দ্বীজেন শৰ্মা, অজিত সিং, ৰাণী নৰহ, নৱ কুমাৰ তালুকদাৰ, বীৰেনছিং ইংতি, বিপুল গগৈ, বসন্ত দাস, দুৰ্গা ভূমিজ, এতোৱা মুণ্ডা, নিৰ্মল লাংথাচা, প্ৰবীণ বড়ো, জয়ন্ত কলিতা, গৰ্জন মুছাহাৰী, হেমহৰি পেগু, শৈলেন সোণোৱাল, কৰ্ণবাহাদুৰ চেত্ৰী, পল্লৱী গগৈ, মেহদী আলম বৰা, আবু চালেহ নিজামুদ্দিন, যাদব স্বৰ্গীয়াৰী আৰু প্ৰদীপ সৰকাৰ ৷
![Election Committee Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/07-01-2024/20452456_congressm.jpg)
আনহাতে প্ৰদেশ মহিলা কংগ্ৰেছৰ ৰাজ্যিক সভানেত্ৰী, সেৱা দলৰ ৰাজ্যিক সভাপতি, যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি আৰু NSUIৰ ৰাজ্যিক সভাপতিকো সমিতিখনৰ অন্তৰ্ভুক্ত কৰা হৈছে ৷
লগতে পঢ়ক: অসমৰ 17 খন জিলাৰ মাজেৰে ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰা