ETV Bharat / state

একাদশৰ পৰা দ্বাদশলৈ: সকলো শিক্ষাৰ্থীক উত্তীৰ্ণৰ নিৰ্দেশ AHSECৰ - একাদশৰ পৰা দ্বাদশলৈ

ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বাবে সময়মতে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰাত উচ্চতৰ মাধ্যমিক প্ৰথম বর্ষৰ সকলো পৰীক্ষাৰ্থীক উত্তীৰ্ণ কৰিবলৈ সিদ্ধান্ত লৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে (AHSEC orders to promote all HS first year students) ৷

ahsec-orders-passing-of-hs-first-year-students
একাদশৰ পৰা দ্বাদশলৈ: সকলো শিক্ষাৰ্থীক উত্তীৰ্ণৰ নিৰ্দেশ AHSECৰ
author img

By

Published : Jun 9, 2022, 8:30 PM IST

গুৱাহাটী, 9 জুন : অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে(Assam Higher Secondary Education Council) বৃহস্পতিবাৰে জাৰি কৰে এক জৰুৰী নিৰ্দেশনা । উচ্চতৰ মাধ্যমিক প্ৰথম বর্ষৰ সকলো পৰীক্ষাৰ্থীক উত্তীৰ্ণ কৰি দিয়াৰ নিৰ্দেশনা জাৰি কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে (AHSEC orders to promote all HS first year students) । ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বাবে সময়মতে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰাৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে উচ্চতৰ মাধ্যমিক প্ৰথম বর্ষৰ সকলো পৰীক্ষাৰ্থীক উত্তীৰ্ণ কৰি দিয়াৰ বাবে নিৰ্দেশনা জাৰি কৰিছে ৷

নিৰ্দেশনা অনুযায়ী যিসকল পৰীক্ষাৰ্থীয়ে প্ৰথম বৰ্ষৰ পৰীক্ষাৰ নামভৰ্তি কৰিছিল বা আংশিকভাবে পৰীক্ষাত অৱতীৰ্ণ হৈছিল সেই পৰীক্ষাৰ্থীসকলক উত্তীৰ্ণ কৰি দিয়াৰ বাবে ৰাজ্যৰ সকলো উচ্চতৰ মাধমিক বিদালয়ৰ প্ৰধান শিক্ষকসকলক ইতিমধ্যে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে নিৰ্দেশনা জাৰি কৰিছে ।

AHSEC orders passing of HS first year students
একাদশৰ পৰা দ্বাদশলৈ: সকলো শিক্ষাৰ্থীক উত্তীৰ্ণৰ নিৰ্দেশ AHSECৰ

উল্লেখ্য যে, বিগত ১৮ মে'ৰ পৰা ২১ মে'লৈ অসম উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ দিন নিৰ্ধাৰণ কৰা হৈছিল যদিও ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে 17 মে'ত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এই পৰীক্ষা পৰৱৰ্তী সময়ৰ বাবে স্থগিত কৰাৰ জাননী জাৰি কৰিছিল । তাৰ পিছত পুনৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা বিগত ৬, ৭ আৰু ৮ জুনত অনুষ্ঠিত কৰা হ'ব বুলি জাননী কৰা হৈছিল ।

লগতে পঢ়ক : নাৰেংগী হাইস্কুল প্ৰেক্ষাগৃহত 'বৃহত্তৰ নাৰেংগীৰ ইতিহাস' গ্ৰন্থ উন্মোচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.