ETV Bharat / state

একত্ৰীকৰণৰ দিশে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আৰু ছেবা

author img

By

Published : May 22, 2022, 6:09 PM IST

উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আৰু ছেবাক একেলগ কৰাৰ (AHSEC and SEBA towards merger) প্ৰক্ৰিয়া আৰম্ভ শিক্ষা বিভাগত ৷ ৰাজ্যৰ মাধ্যমিক শিক্ষাৰ অন্যতম গুৰুত্বপূর্ণ অনুষ্ঠান দুটা একত্ৰিত হোৱাৰ পাছত নতুন অনুষ্ঠানটো এজন অধ্যক্ষ আৰু এজন সহযোগী অধ্যক্ষৰ অধীনত পৰিচালিত হ'ব ৷ একত্ৰীকৰণ প্ৰক্ৰিয়া আগবঢ়াই নিবৰ বাবে ইতিমধ্যে গঠন কৰা হৈছে এখন চাৰিজনীয়া কমিটী ৷ মাধ্যমিক শিক্ষাৰ সচিব, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব, অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ পৰিচালন সঞ্চালক আৰু ছেবাৰ সচিবক লৈ এই কমিটী গঠন ৷

ahsec-and-seba-towards-merger
একত্ৰীকৰণৰ দিশে শিক্ষা সংসদ আৰু ছেবা

গুৱাহাটী, 22 মে’: ৰাজ্যৰ শিক্ষাখণ্ডত পৰিলক্ষিত হ’ব বৃহৎ পৰিৱর্তন ৷ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আৰু অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাক একত্ৰীকৰণ(AHSEC and SEBA towards merger) কৰা হ’ব ৷ শিক্ষা সংসদ আৰু ছেবাক একলগ কৰাৰ প্ৰক্ৰিয়া শিক্ষা বিভাগত ইতিমধ্যে আৰম্ভ হৈছে ৷ ৰাজ্যৰ মাধ্যমিক শিক্ষাৰ অন্যতম গুৰুত্বপূর্ণ অনুষ্ঠান দুটা একেলগ হোৱাৰ পাছত নতুন অনুষ্ঠানটো এজন অধ্যক্ষ আৰু এজন সহযোগী অধ্যক্ষৰ অধীনত পৰিচালিত হ'ব ৷

একত্ৰীকৰণ প্ৰক্ৰিয়া আগবঢ়াই নিবৰ বাবে ইতিমধ্যে গঠন কৰা হৈছে এখন চাৰিজনীয়া কমিটী ৷ মাধ্যমিক শিক্ষাৰ সচিব, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব, অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ পৰিচালন সঞ্চালক আৰু ছেবাৰ সচিবক লৈ এই চাৰিজনীয়া কমিটীখন গঠন কৰা হৈছে ৷ এই কমিটীৰ বৈঠক ইতিমধ্যে অনুষ্ঠিত হৈছে ৷

উল্লেখ্য যে, ১৯৬২ চনৰ ২৯ জানুৱাৰীত অসম মাধ্যমিক শিক্ষা আইন (১৯৬১ চন) অনুসৰি গঠন হৈছিল ছেবা(SEBA were formed under Assam Secondary Education Act 1962) ৷ পৰৱৰ্তী সময়ত ১৯৮৪ চনৰ ১ জুনত গঠন হৈছিল অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ(AHSEC were formed in 1984) ৷

যিহেতু দুখন পৃথক আইনৰ যোগেদি শিক্ষা সংসদ আৰু ছেবা গঠন হৈছিল, সেয়েহে শিক্ষা সংসদ আৰু ছেবাৰ একত্ৰীকৰণৰ ক্ষেত্ৰত অসম মাধ্যমিক শিক্ষা আইন সংশোধন কিম্বা নতুন আইন প্ৰণয়নৰ প্ৰয়োজন হ'ব ৷ শিক্ষা বিভাগে গঠন কৰি দিয়া ৪ জনীয়া কমিটীখনে এই সকলোবোৰ দিশ চালি-জাৰি চাব আৰু পুংখানুপুংখ অধ্যয়নৰ পাছত এখন খচৰা প্ৰস্তুত কৰিব ৷ উক্ত কমিটীয়ে শিক্ষা মন্ত্ৰীক প্ৰদান কৰিব খচৰাৰ প্ৰতিবেদন ৷

ৰাজ্য চৰকাৰে খচৰা প্ৰতিবেদনৰ ভিত্তিত পৰৱর্তী প্ৰক্ৰিয়া গ্ৰহণ কৰিব ৷ হয়তো কমিটীৰ পৰামর্শ অনুসৰি মাধ্যমিক শিক্ষা আইন সংশোধন বা নতুন আইন প্ৰণয়ন সন্দৰ্ভত ৰাজ্যিক কেবিনেটে প্ৰস্তাৱ গ্ৰহণ কৰিব ৷ অনুৰূপভাৱে বিধানসভাত ৰাজ্য চৰকাৰে আইন সংশোধন বা প্ৰণয়নৰ প্ৰস্তাৱ আনিব লাগিব ৷ দুই-তিনি মাহৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পূর্ণ হোৱাৰ সম্ভাৱনা আছে ৷ হয়তো চলিত বছৰতেই ছেবা আৰু শিক্ষা সংসদ হ'ব ইতিহাস ৷

প্ৰণিধানযোগ্য যে, ৰাজ্যত নতুন শিক্ষা নীতি পর্যায়ক্ৰমে প্ৰয়োগ কৰাৰ সমান্তৰালভাৱে শিক্ষাখণ্ডত আমোল পৰিৱৰ্তন পৰিলক্ষিত হৈছে ৷ প্ৰাক-প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পর্যন্ত শৈক্ষিক গাঁথনিৰ বহুখিনি সলনি হৈছে ৷ নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ প্ৰতিটো স্তৰতেই আহিছে পৰিৱর্তন ৷ ইয়াৰ অংশ হিচাপে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ এটা স্তৰত ভাগ কৰাত ছেবা আৰু শিক্ষা সংসদৰো একত্ৰীকৰণ হয়তো অৱশ্যম্ভাৱী হৈ পৰিছে ৷

লগতে চাওক: বৰপেটাত জেহাদীৰ বিৰুদ্ধে NIAৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.