গুৱাহাটী, 8 ডিচেম্বৰ: " আঞ্চলিকতাবাদ শক্তিশালী কৰিবলৈ হ’লে অগপৰ শিপা শক্তিশালী কৰিব লাগিব ৷ নতুন প্ৰজন্মই এই কথা বুজি পাইছে বাবে অগপ দলত যোগদান দিছে ৷ নতুন প্ৰজন্মক লগত নৈ শক্তিশালীভাবে অগপ দল আগুৱাই যাব ৷ বিজেপিৰ লগত অগপৰ মিত্ৰতা সময়ৰ আহ্বান ৷ এই আহ্বানৰ বাবে অগপই বিজেপিৰ লগত মিত্ৰতা কৰিছে ৷ মিত্ৰতা কৰা মানে বিজেপিৰ লগত চামিল হোৱাতো নুবুজায় ৷ " এই মন্তব্য অগপ সভাপতি অতুল বৰাৰ ৷
মঙলবাৰে আমবাৰীৰ অগপৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় দলটোৰ কাৰ্যনিৰ্বাহক বৈঠক ৷ বৈঠকত উপস্থিত থাকে সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যকে আদি কৰি ভালেকেইজন দলটোৰ জ্যেষ্ঠ নেতা ৷ বিশেষকৈ আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ উদ্দেশ্যেৰে আয়োজন কৰা বৈঠকত অগপ সভাপতি অতুল বৰাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে, “আমি মিত্ৰতাত বিশ্বাস কৰো ৷ মিত্ৰতাত বিশ্বাসী বাবেই বাওঁপন্থী দলৰ লগত মিত্ৰতা কৰিছিলো ৷ কেন্দ্ৰতেই হওক বা ৰাজ্যতেই হওক, অকলে চৰকাৰ কৰাৰ পৰিবেশ এতিয়া নাই ৷ মিত্ৰতা কৰা মানে অগপ দল আন দলৰ লগত চামিল হোৱাটো বা আন দলৰ তলত থকাটো নুবুজায় ৷”
উল্লেখ্য যে, দলৰ সাংগঠনিক ভেঁটি সুদৃঢ় কৰিবৰ বাবে ১৫ ডিচেম্বৰৰ পৰা সৰ্বাত্মক ৰূপত অগপত সদস্য ভৰ্তি আৰম্ভ কৰিব দলৰ নেতৃত্বই ৷ ১৮ ডিচেম্বৰৰ পৰা প্ৰতিখন পঞ্চায়তত অনুষ্ঠিত হ’ব কাৰ্যনিৰ্বাহক সভা ৷ আনহাতে ২১ ডিচেম্বৰত সকলো ৱাৰ্ডত হ’ব কাৰ্যনিৰ্বাহক সভা আৰু ২৩ ডিচেম্বৰত বিধান পৰিষদ সভা অনুষ্ঠিত কৰি নতুন বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ৰাইজৰ কাষ চাপিব অগপ দল ৷ আনহাতে নতুনকৈ গঠন হোৱা আঞ্চলিক দলসমূহৰ সন্দৰ্ভত অতুল বৰাৰ মন্তব্য প্ৰকাশ কৰি নতুন দল সমুহ সুলেখা চিঞাহীৰ দৰে বেছিদিন নিটিকে বুলিও যুক্তি আগবঢ়ায় ৷
লগতে পঢ়ক: নগাঁৱৰ ভিন্ন স্থানত ভাৰত বন্ধৰ সমৰ্থনত ওলাই আহিল কৃষক সমাজ