ETV Bharat / state

শক্তিশালী আঞ্চলিকতাবাদে সুৰক্ষিত কৰিব অসম : অতুল বৰা - লাইলাপুৰ

অসম ছাত্ৰ পৰিষদ আৰু অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ দুখনকৈ সভা অনুষ্ঠিত । ছাত্ৰ পৰিষদৰ সভাত ‘মিছন ১০০০‘ শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে অসমৰ যুৱক-যুৱতী আৰু ছাত্ৰ-ছাত্ৰীসকলক অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰাৰ লক্ষ্য । লাইলাপুৰত নিহত আৰক্ষীলৈ অসম গণ পৰিষদৰ শ্ৰদ্ধাঞ্জলী ।

agp
শক্তিশালী আঞ্চলিকতাবাদে সুৰক্ষিত কৰিব অসম
author img

By

Published : Jul 29, 2021, 1:45 PM IST

গুৱাহাটী, ২৯ জুলাই : অসম গণ পৰিষদৰ (AGP) গুৱাহাটীৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত অসম ছাত্ৰ পৰিষদ (Asom Chatra Parishad) আৰু অসম কৃষক পৰিষদৰ (Asom Krishak Parishad) কেন্দ্ৰীয় সমিতিৰ বুধবাৰে দুখনকৈ সভা অনুষ্ঠিত হয় । ছাত্ৰ পৰিষদৰ সভাত 'মিছন ১০০০' শীৰ্ষক এক কাৰ্যসূচীৰ জৰিয়তে অসমৰ যুৱক-যুৱতী আৰু ছাত্ৰ-ছাত্ৰীসকলক অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰিবলৈ লক্ষ্য স্থিৰ কৰা হয় । এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই (Atul Bora)।

agp
শক্তিশালী আঞ্চলিকতাবাদে সুৰক্ষিত কৰিব অসম

ভাষণ প্ৰসংগত সভাপতি বৰাই কয় যে, এখন সুৰক্ষিত আৰু বিকশিত অসমৰ বাবে ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকল বিভিন্ন ক্ষেত্ৰত দৃঢ়তাৰে আত্মপ্ৰতিষ্ঠা কৰিব লাগিব । আঞ্চলিকতাবাদ অসমৰ বাবে এক সাৰ্থক আৰু বাস্তৱসন্মত ৰাজনৈতিক ধাৰা বুলি অভিহিত কৰি তেওঁ ৰাজ্যখনৰ জনসাধাৰণৰ কাষত থাকি কাম কৰি যাবলৈ সকলোৰে প্ৰতি আহ্বান জনায় । একেটা অনুষ্ঠানতে কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক, সভাপতিকে ধৰি শতাধিক ছাত্ৰই অসম ছাত্র পৰিষদত যোগদান কৰে ।

আনহাতে দলটোৰ অন্যতম ভাতৃ সংগঠন অসম কৃষক পৰিষদৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় সমিতিৰ এখন সভা অনুষ্ঠিত হয় । সভাত কৃষকসকলৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰাৰ লগতে কৰ্মসূচী গ্ৰহণ কৰা হয় । দুয়োখন সভাতে সভাপতি অতুল বৰাৰ লগতে কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত (Keshab Mahanta), জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, সাধাৰণ সম্পাদক ডাঃ কমলাকান্ত কলিতা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, নুৰুল হুছেইন, প্ৰবীন হাজৰিকা, মনোজ শইকীয়া, সত্যব্ৰত কলিতা, হিৰণ্য কুমাৰ কোঁৱৰ, উপ-সভাপতি দিলীপ পাটগিৰী, ৰেণুপমা ৰাজখোৱা, সুনীল ডেকা, যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁই, মহিলা পৰিষদৰ সভানেত্ৰী বৰদা কলিতা, ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱা উপস্থিত থাকে ।

ইফালে লাইলাপুৰত নিহত আৰক্ষীলৈ অসম গণ পৰিষদে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । কাছাৰ জিলাৰ ধলাই বিধান সভা সমষ্টিৰ অন্তৰ্গত লাইলাপুৰত মিজো আৰক্ষী আৰু দুষ্কৃতিকাৰীৰ বৰ্বৰ আক্ৰমণত নিহত হোৱা অসম আৰক্ষী আৰু সাধাৰণ নাগৰিকৰ মৃত্যুত শোক প্ৰকাশ কৰি অসম গণ পৰিষদ দলে বৃহস্পতিবাৰে অসম যুৱ পৰিষদৰ উদ্যোগত গুৱাহাটীৰ আমবাৰীত এক বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত কৰে । দলে এই বৰ্বৰতাক দ্বিধাহীন ভাষাৰে গৰিহণা দিয়াৰ লগতে চুবুৰীয়া ৰাজ্য হিচাপে মিজোৰাম চৰকাৰক অসম চৰকাৰৰ লগত সৌহাদ্যপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি সীমা সমস্যাৰ সমাধান কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক :অসম আৰক্ষীৰ বীৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি যুৱ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.