গুৱাহাটী,৬ অক্টোবৰ : বৰাকৰ অৰ্ধশতাধিক কংগ্ৰেছী নেতা-কৰ্মীয়ে বুধবাৰে অগপ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে । এই উপলক্ষ্যে অগপৰ আমবাৰীস্থ মুখ্য কাৰ্যালয়ত এক যোগদান অনুষ্ঠানৰ আয়োজন কৰা হয় ।
অনুষ্ঠানত বৰাকৰ কংগ্ৰেছী নেতা অধিবক্তা দয়ান হুছেইনৰ নেতৃত্বত অৰ্ধশতাধিক জিলা পৰ্যায়ৰ নেতা-কৰ্মীয়ে অগপত যোগদান কৰে । তেওঁলোকক দলত আদৰণি জনাই অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই ।
ভাষণ প্ৰসংগত সভাপতি বৰাই কয়' এটা সময়ত বৰাকত অগপৰ ভেটি যথেষ্ট শক্তিশালী আছিল । বৰাকৰ পৰা অগপৰ বিধায়ক জয়ী হৈ মন্ত্ৰীও হৈছিল । আগন্তুক দিনত বৰাকত দলৰ ভেটি শক্তিশালী কৰিব লাগিব ।
বুধবাৰে বৰাকৰ যুৱ শক্তি আমাৰ দলত চামিল হৈছে । আমি আশা কৰো এই যোগদানে বৰাকত আমাৰ দলৰ শক্তি পুনৰ বৃদ্ধি কৰিব । অগপত যোগদান কৰি দয়ান হুছেইনে কয় যে, বৰাকত অগপ দলক শক্তিশালী কৰা হ'ব । মন কৰিবলগীয়া যে, অনুষ্ঠানত অগপৰ কেইবাগৰাকী নেতা উপস্থিত আছিল ।
লগতে পঢ়কঃ APDCL কেলেংকাৰী : অভিযুক্তক জেৰা অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰী তদাৰকী কোষে