ETV Bharat / state

ৰাজনৈতিক ভৱিষ্যৎ অনিশ্চিত হ’ব নেকি মহন্ত-বৃন্দাবন-উৎপলৰ? - ৰাজনৈতিক ভৱিষ্যৎ

2021 চনৰ বিধানসভাৰ নিৰ্বাচনত অগপই মিত্ৰদল বিজেপিক বঢ়মপুৰ, তেজপুৰ আৰু লখিমপুৰ সমষ্টি কেইটা এৰি দিব বুলি বু-বা চলিছে ৷ যদিহে সমষ্টি কেইটা বিজেপিক এৰি দিয়ে,তেন্তে সমষ্টি কেইটাৰ অগপ নেতা তথা বৰ্তমানৰ বিধায়ক ক্ৰমে প্ৰফুল্ল কুমাৰ মহন্ত,বৃন্দাবন গোস্বামী আৰু উৎপল দত্তৰ ৷

ৰাজনৈতিক ভৱিষ্যৎ অনিশ্চিত হ’ব নেকি মহন্ত-বৃন্দাবন-উৎপলৰ?

author img

By

Published : Jul 25, 2020, 8:39 PM IST

Updated : Jul 26, 2020, 10:03 AM IST

গুৱাহাটী, ২৫ জুলাইঃ আগন্তুক বিধানসভা নিৰ্বাচনৰ পৰাই ৰাজনৈতিক ভৱিষ্যৎ অনিশ্চিত হ'ব নেকি অসম গণ পৰিষদৰ তিনি জ্যেষ্ঠ নেতা তথা বিধায়কৰ ? অগপৰ বাহিৰে-ভিতৰে ইয়াক কেন্দ্ৰ কৰি আৰম্ভ হৈছে ব্যাপক চৰ্চা । কিয়নো ইতিমধ্যে বিজেপিৰ সৈতে মিত্ৰতা কৰি নিজৰ আঞ্চলিক চৰিত্ৰ বিসৰ্জন দিয়া অগপই আগন্তুক নিৰ্বাচনত বৰ্তমানে নিজৰ দখলত থকা তিনিটা সমষ্টি ক্ৰমে বঢ়মপুৰ,তেজপুৰ আৰু লখিমপুৰ বিজেপিক এৰি দিব বুলি ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে ।

agp inner politics
বৃন্দাবন গোস্বামী

যদিহে প্ৰকৃততে সেয়াই হয় তেন্তে এই তিনিওটা সমষ্টিৰ বৰ্তমানৰ বিধায়কত্ৰয় তথা দলটোৰ তিনি জ্যেষ্ঠ নেতা প্ৰফুল্ল কুমাৰ মহন্ত,বৃন্দাবন গোস্বামী আৰু উৎপল দত্তৰ ৰাজনৈতিক ভৱিষ্যৎ অনিশ্চিত হৈ পৰাটো এক প্ৰকাৰে নিশ্চিত হৈ পৰিব । কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল এই প্ৰসংগ অতি কৌশলেৰে এৰাই চলিছে দলটোৰ সভাপতি অতুল বৰা কিম্বা দলীয় নেতৃত্বই ।

প্ৰফুল্ল কুমাৰ মহন্ত
প্ৰফুল্ল কুমাৰ মহন্ত

আনহাতে শনিবাৰে এই বিষয়ে বৃন্দাবন গোস্বামী আৰু উৎপল দত্তৰ পৰা মতামত জানিব বিচৰা হৈছিল যদিও দুয়োগৰাকী বিধায়কে এই প্ৰসংগত মন্তব্য কৰাৰ পৰা বিৰত থাকে । কিন্তু এটা কথা ঠিক যে এই তিনি নেতাক অগপ নেতৃত্বই "ৰাজনৈতিক বলি" দিব খোজা ঘটনা নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰাৰ দৰে হোৱাৰ আশংকাই অধিক ।

উৎপল দত্ত
উৎপল দত্ত

লগতে পঢ়কঃ মহানগৰীত ঘৰৰ মালিকে প্ৰহাৰ কৰিলে ভাড়াতীয়াক !

Last Updated : Jul 26, 2020, 10:03 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.