ETV Bharat / state

Municipal Election 2022: পৌৰসভাত শত্ৰুৰ ৰূপত অগপ বিজেপি

author img

By

Published : Feb 19, 2022, 8:28 PM IST

Updated : Feb 19, 2022, 8:50 PM IST

প্ৰকৃততে অগপ আৰু বিজেপিৰ মাজৰ সম্পৰ্ক কি ? দল দুটা পৰস্পৰ বিৰোধী নেকি ? এই প্ৰশ্ন এতিয়া সৰ্বত্ৰে চৰ্চাত ৷ কিয়নো পৌৰসভা আৰু নগৰ সমিতিত প্ৰায় এক ডজন পৌৰসভা আৰু নগৰ সমিতিত অগপ আৰু বিজেপি উভয়েই নামিছে সমুখ সমৰত (AGP BJP as an enemy in municipal election) ।

Municipal Election 2022
পৌৰসভাত শত্ৰুৰ ৰূপত অগপ বিজেপি

গুৱাহাটী, ১৯ ফেব্ৰুৱাৰী : দিন যিমানেই গৈছে সিমানেই মনোগ্ৰাহী আৰু চাবলগীয়া হৈ উঠিছে ৰাজ্যৰ পৌৰ নিৰ্বাচনৰ বাতাবৰণ । ক’ৰবাত যদি কোনো প্ৰাৰ্থীয়ে ভীমৰ বচন আওৰাইছে, আন ক’ৰবাত আকৌ নাচে-গানে জমি উঠিছে নিৰ্বাচনী প্ৰচাৰ । কিন্তু এই পৌৰ নিৰ্বাচনৰ আটাইতকৈ আমোদজনক আৰু গুৰুত্বপূৰ্ণ বিষয়টো হৈছে অসম গণ পৰিষদ আৰু বিজেপিৰ মাজৰ যুঁজখন । সেয়াহে এতিয়া চাবলগীয়া হৈ উঠিছে ।

যি দুটা দল দিছপুৰত মিত্ৰ, দিল্লীত মিত্ৰ, সেই একেই দল দুটা কিন্তু এই পৌৰ নিৰ্বাচনত বহু ঠাইত অৱতীৰ্ণ হৈছে পৰস্পৰে পৰস্পৰৰ শত্ৰু ৰূপে (AGP BJP as an enemy in municipal election) । পৌৰ নিৰ্বাচনত বিজেপি আৰু অগপই মিত্ৰতাৰ মাজেৰে অৱতীৰ্ণ হ’ব বুলি দুয়োটা দলৰ সভাপতিদ্বয়ে নিৰ্বাচনৰ পূৰ্বৰে পৰা ঘোষণা কৰি আহিছিল । বিভিন্ন ঠাইত মুখ্যমন্ত্ৰীয়েও কৈছিল সেই কথা । কিন্তু বাস্তৱ ছবিখন ইয়াৰ ওলোটা হৈহে ধৰা দিলে ।

পৌৰসভা আৰু নগৰ সমিতিত দেখা গ’ল প্ৰায় এক ডজন অগপ আৰু বিজেপি উভয়েই সমুখ সমৰত নামিছে ।

এই পৌৰসভাসমূহত অগপ আৰু বিজেপিক দেখা গৈছে শত্ৰুৰ ৰূপত । দুয়োটা দলৰে প্ৰাৰ্থী সমানেই নামিছে প্ৰচাৰত । উদাহৰণ স্বৰূপে, বঙাইগাঁও পৌৰসভাত বিজেপিয়ে প্ৰাৰ্থী আগবঢ়োৱাত স্বাভাৱিকতে ক্ষুব্ধ হৈ পৰিছে অগপৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ফণীভুষন চৌধুৰী । যাৰ ফলস্বৰূপে বঙাইগাঁৱত অগপয়ো নিজাকৈ প্ৰাৰ্থী আগবঢ়াইছে ।

কেৱল বঙাইগাঁৱতেই যে এই ঘটনা ঘটিছে তেনে নহয়, আন কেইবাটাও পৌৰসভাত একেই দৃশ্য দেখা গৈছে । দিছপুৰত হাতত হাত ধৰি চলিলেও এইসমূহ পৌৰসভাৰ নিৰ্বাচনত অগপ আৰু বিজেপি উভয়েই হৈ পৰিছে পৰস্পৰৰ শত্ৰু । তেনে কেইটামান পৌৰসভা হ'ল- চাবুৱা, অভয়াপুৰী, ধুবুৰী, বৰপেটা, চাপৰ, ধিং, সৰ্থেবাৰী, হাউলী বিলাসীপাৰা আদি । অগপ আৰু বিজেপিৰ নেতাসকলে সততে আওৰাই থকা "মিত্ৰতাৰ ধৰ্ম" এনে পৌৰসভাসমূহত ধূলিস্যাৎ হৈ গৈছে ।

অৱশ্যে "মিত্ৰতাৰ ধৰ্ম" পৰিহাৰৰ পৰ্বটো প্ৰথমে আৰম্ভ কৰে বিজেপিয়েহে । অগপৰ প্ৰভাৱ থকা ভালেকেইখন পৌৰসভাত বিজেপিয়ে প্ৰাৰ্থী আগবঢ়োৱাত ক্ষুব্ধ হৈ পৰে অগপ । যাৰ বাবে তেনে পৌৰসভাসমূহত অগপয়ো নিজাকৈ প্ৰাৰ্থী আগবঢ়ায় । এতিয়া পৌৰ নিৰ্বাচনক কেন্দ্ৰ কৰি দুয়ো দলৰ মাজত উদ্ভৱ হোৱা এনে অসন্তোষীয়া পৰিস্থিতিয়ে আগন্তুক সময়ত দল দুটাৰ মাজত সম্পৰ্ক কেনে কৰি ৰাখে সেয়াহে চাবলগীয়া হ’ব ।

লগতে পঢ়ক : Municipal Election 2022: ৰাজনীতিৰ পথাৰত জীতেন গগৈ তনয়ৰ প্ৰথম খোজ

Last Updated : Feb 19, 2022, 8:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.