ETV Bharat / state

মুখ্যমন্ত্রীৰ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিলে বিধায়ক শ্বেৰমান আলীক

author img

By

Published : Oct 8, 2021, 3:07 PM IST

বিধায়ক পুঁজি আত্মসাতৰ অভিযোগত মুখ্যমন্ত্রীৰ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিলে বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ(Sherman Ali Ahmed)ক । গ্ৰেপ্তাৰৰ পিছতে বিশেষ আদালত হাজিৰ কৰোৱা হয় বিধায়কগৰাকীক । পূৰ্বে শ্বহীদক লৈ ‍অপমানজনক মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল শ্বেৰমান আলী আহমেদ ।

Again sherman ali arrested
বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ

গুৱাহাটী, ৮ অক্টোবৰ : "লুইচ বাৰ্জাৰ, সাৰদা কেলেংক‍াৰীৰে জড়িত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মোৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ তদাৰকী কোষৰ দ্বাৰা তদন্ত কৰোৱাৰ অধিকাৰ নাই" । এই মন্তব্য পুনৰ গ্ৰেপ্তাৰ হোৱা বিধায়ক শ্বেৰমান আলী আহমেদৰ । শ্বহীদ সন্দৰ্ভত ‍অপমানজনক মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা শ্বেৰমান আলীক শুকুৰবাৰে পুনৰ আন এটা গোচৰত মুখ্যমন্ত্রীৰ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰে । শুকুৰবাৰেই শ্বেৰমান আলীক বিশেষ আদালতত হাজিৰ কৰোৱা হয় ।

আদালত চৌহদতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিধায়ক শ্বেৰমান আলী । উল্লেখ্য যে, পাণবজাৰ থানাত ৰুজু হোৱা এটা গোচৰত বৃহস্পতিবাৰে বিধায়ক শ্বেৰমান আলীক আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল । আজি বিধায়ক পুঁজি আত্মসাতৰ অভিযোগত মুখ্যমন্ত্রীৰ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰে বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ বিধায়কগৰাকীক । গ্ৰেপ্তাৰৰ পিছতে বিশেষ আদালত হাজিৰ কৰোৱা হয় শ্বেৰমান আলীক ।

আদালতে তেওঁক ৫ দিনৰ জিম্মালৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে । আদালতৰ চৌহদত মুখ্যমন্ত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি বিধায়ক শ্বেৰমান আলীয়ে কয়, 'সাৰদা-লুই বাৰ্জাৰ কেলেংকাৰীত অভিযুক্ত মুখ্যমন্ত্ৰীৰ অধিকাৰ নাই মোক এনেকৈ আৱদ্ধ কৰাৰ' ।

উল্লেখ্য় যে, দৰঙৰ গৰুখুঁটিৰ উচ্ছেদ অভিযানৰ পাচত অসম আন্দোলনৰ শ্বহীদ দয়ানাথ শৰ্মাকে ধৰি আন শ্বহীদসকলক হত্যাকাৰী আখ্যা দিছিল বিধায়কগৰাকীয়ে ৷ বিধায়কগৰাকীৰ এই বিতৰ্কিত মন্তব্যৰ পিছতে ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ উঠিছিল । বিভিন্ন দল-সংগঠনে বিধায়কগৰাকীৰ গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছিল ।

সদৌ অসম ছাত্ৰ সন্থাৰ লগতে আন সংগঠনে বিধায়কগৰাকীৰ বিৰুদ্ধে এজেহাৰ দাখিল কৰিছিল ৷ অৱশেষত ২ অক্টোবৰত বিধায়ক আৱাসৰ পৰাই বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ যোৱা ৪ অক্টোবৰত তেওঁক কংগ্ৰেছ দলৰ পৰা নিলম্বন কৰা হয় । এতিয়া পুনৰ বিধায়ক পুঁজি আত্মসাতৰ অভিযোগত শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰা হৈছে ।

লগতে পঢ়ক:দিখৌ নৈৰ দলঙৰ ভঙা অংশৰে সৰকিল এজন যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.