ETV Bharat / state

প্ৰাসংগিক হৈ উঠিছে এসময়ৰ আবেগ ৰেডিঅ' - অল ইণ্ডিয়া ৰেডিঅ'ৰ মুখ্য পৰিচালন সঞ্চালক

এসময়ত প্ৰায় সকলোৰে বাবে ৰেডিঅ' আছিল এক আৱেগ ৷ বিশেষকৈ গ্ৰাম্যাঞ্চলত চাইকেল মাৰি গৈ থাকোঁতেও কান্ধত ৰেডিঅ'টো ওলোমাই নিয়া দৃশ্য আছিল তেনেই সুলভ ৷ বন্দনা,আজিপুৱা,গীতিমালিকা,অকণিৰ মেল,আইদেউৰ বুলনি আদি হয়তো এতিয়াও বহুতৰেই মনত আছে ৷

again radio become relevant for it's audience

author img

By

Published : Mar 30, 2020, 11:04 PM IST

নিউজ ডেস্ক, 30 মাৰ্চ : টেলিভিশ্যন আৰু ম'বাইল ফোনৰ আগমণৰ ফলত কিছু পৰিমাণে জনপ্ৰিয়তা হেৰুৱাইছে ৰেডিঅ'ই ৷ বহুতে ম'বাইলযোগে এফ এমৰ অনুষ্ঠান উপভোগ কৰে যদিও আকাশবাণীৰ অনুষ্ঠানসমূহৰ শ্ৰোতা পূৰ্বতকৈ কিছু হ্ৰাস পাইছিল ৷ কিন্তু বৰ্তমান কৰ'ণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ সময়তে আকৌ প্ৰাসংগিক হৈ পৰিছে আকাশবাণীৰ ৷

অল ইণ্ডিয়া ৰেডিঅ'ৰ মুখ্য পৰিচালন সঞ্চালক ইৰা যোশী আৰু জ্যেষ্ঠ বিষয়াসকলৰ প্ৰচেষ্টাত আৰম্ভ হৈছে কিছু নতুন অনুষ্ঠান ৷ ৰেডিঅ'ই এতিয়া 6 এপ্ৰিলৰ পৰা লক্ ডাউনৰ সময়চোৱাত শিক্ষাৰ্থীৰ বাবে আগবঢ়োৱা হ'ব বিশেষ পাঠন দান অনুষ্ঠান ৷ তাৰোপৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ দ্বাৰা প্ৰতিৰোধ নামৰ এক দৈনিক অনুষ্ঠান প্ৰচাৰ কৰা হৈছে ৷

পুনৰ আহি পৰিছে ৰেডিঅ'ৰ প্ৰাসংগিকতা

মানুহৰ মাজত আকাশবাণী গুৱাহাটী কেন্দ্ৰ পৰা ফোন নম্বৰ প্ৰেৰণ কৰা হৈছে যাৰ জৰিয়তে সাধাৰণ লোকে ভিডিঅ', বাৰ্তা যোগে প্ৰশ্ন প্ৰেৰণ কৰিব পাৰে ৷ অৱশ্যে শ্ৰোতাই আদৰি লৈছে এই অনুষ্ঠান সমূহ ৷ ক'ভিড-19 সম্পৰ্কীয় ৰেডিঅ'ৰ বিশেষ অনুষ্ঠানৰ প্ৰতি দৰ্শকে যোগাত্মক সঁহাৰি দিছে ৷ ইয়াৰ লগতে নিয়মীয়া ফোন-ইন শিতান দৃষ্টিপাত নিয়মীয়াকৈ প্ৰচাৰ কৰা হৈছে ৷ এই অনুষ্ঠানসমূহৰ দ্বাৰা শ্ৰোতাই চিকিৎসক, জ্যেষ্ঠ বিষয়া আৰু আৰক্ষী বিষয়াৰ সৈতে বাৰ্তালাপ কৰি নিজৰ খোকোজা দূৰ কৰাৰ সুবিধা লাভ কৰিছে ৷ লক্ ডাউনৰ এই সময়খিনিয়ে ৰেডিঅ'ক যেন নতুন মাত্ৰা প্ৰদান কৰিছে ৷

লগতে পঢ়ক : আৰক্ষীক আক্ৰমণ কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ সৰ্বানন্দ সোণোৱালৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.