ETV Bharat / state

পৰিস্থিতি পৰ্যবেক্ষণৰ পিচতহে গাহৰি নিধনৰ সিদ্ধান্ত ল'ব চৰকাৰে !

author img

By

Published : May 3, 2020, 8:21 PM IST

ছোৱাইন ফিভাৰৰ লক্ষণ দেখা দিয়া গাহৰিক জাকৰ পৰা আঁতৰাই ৰখাৰ ব্যৱস্থা কৰা হ'ব । পৰিস্থিতি পৰ্যবেক্ষণ কৰিহে সৰ্বাত্মক ৰূপত গাহৰি নিধন কৰা নকৰা বিষয়টোৰ সিদ্ধান্ত লোৱা হ'ব । সংবাদমেলত ঘোষণা মন্ত্ৰী অতুল বৰাৰ ৷

government will take step to kill the pigs by observing the situation

গুৱাহাটী, ৩ মে' : আফ্ৰিকান ছোৱাইন ফিভাৰৰ কবলত পৰি ইতিমধ্যে ৰাজ্যৰ ২,৪৮৪ টা গাহৰি মৃত্যুমুখত পৰাৰ পিচত এই ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ ভাৰত চৰকাৰৰ গাইডলাইনৰ মৰ্মে সকলো গাহৰি নিধন কৰা হ'ব বুলি চৰ্চা চলিছিল ৷ কিন্তু দেওবাৰে ৰাজ্যৰ কৃষি তথা পশুপালন মন্ত্ৰী অতুল বৰাই স্পষ্ট কৰি দিয়ে যে পৰিস্থিতি পৰ্যবেক্ষণ কৰিহে সৰ্বাত্মক ৰূপত গাহৰি নিধন কৰা নকৰা বিষয়টোৰ সিদ্ধান্ত লোৱা হ'ব ।

দেওবাৰে মন্ত্ৰীগৰাকীয়ে এখন সংবাদমেলত এই কথা প্ৰকাশ কৰাৰ লগতে কয় যে, সদ্যহতে এই ৰোগৰ লক্ষণ দেখা দিয়া গাহৰিক জাকৰ পৰা আঁতৰাই ৰখাৰ ব্যৱস্থা কৰা হ'ব । প্ৰতি এক কিল'মিটাৰত গাহৰি পালকসকলৰ গাহৰিৰ ৰেণ্ডম চেম্পল টেষ্ট কৰা হ'ব আৰু যদি কোনো গাহৰি আক্ৰান্ত বুলি ধৰা পৰে তেন্তে তাক জাকৰ পৰা আঁতৰাই ৰখা হ'ব ।

পৰিস্থিতি পৰ্যবেক্ষণৰ পিচতহে গাহৰি নিধনৰ সিদ্ধান্ত ল'ব চৰকাৰে !

আনহাতে এতিয়াৰে পৰা ব্যক্তিগত ভাবে গাহৰি পালকসকলে তেওঁলোকৰ গাহৰিসমূহক নিজৰ চাৰিসীমাৰ ভিতৰতে ৰাখিব লাগিব । বাহিৰলৈ উলিয়াই দিলে সেয়া অপৰাধ ৰূপে গণ্য কৰা হ'ব । এই সমস্ত বিষয়টো চোৱাচিতাৰ বাবে এখন সমিতিও গঠন কৰি দিয়া হৈছে বুলি তেওঁ কয় ।

বৰ্তমান অসমত প্ৰায় ৩০ লাখ গাহৰি আছে আৰু এই সকলোখিনি নিধন কৰিলে ৰাজ্যৰ অৰ্থনীতিত সাংঘাতিক প্ৰভাৱ পৰাটো নিশ্চিত । সদ্যহতে ২০ দিনৰ বাবে ৰাজ্যত ক্লাচিকেল ছোৱাইন ফিভাৰৰ ভেকচিন দিয়াটো বন্ধ ৰখা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে ।

লগতে পঢ়ক : যৌতুকৰ বাবে স্বামীয়ে জীৱন্তে জ্বলালে পত্নীক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.