ETV Bharat / state

Deepar Bill reservation: দীপৰ বিল সুৰক্ষাৰ শপতনামা দাখিলৰ বাবে পুনৰ সময় বিচাৰিলে মহাধিবক্তাই

author img

By

Published : Apr 30, 2023, 6:36 PM IST

দীপৰ বিলৰ সংৰক্ষণ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল তিনি পৰিবেশকৰ্মীৰ । শপতনামা দাখিলৰ বাবে পুনৰ দুই সপ্তাহৰ সময় বিচাৰিলে অসম চৰকাৰৰ মহাধিবক্তাই (Advocate General Government of Assam)।

Demand for Deepar Bill reservation
দীপৰ বিলৰ সংৰক্ষণ ৰ দাবী

গুৱাহাটী, ৩০ এপ্ৰিল : আন্তৰ্জাতিক পক্ষী অভয়াৰণ্যৰ মানচিত্ৰত স্থান পোৱা ৰামছৰ ক্ষেত্ৰ হিচাপে পৰিচিত আৰু ভাৰতৰ ১৫ খন জলাশয়ৰ অন্যতম হৈছে গুৱাহাটীৰ গাতে লাগি থকা দীপৰ বিল ৷ বিগত প্ৰায় দুটা দশকত চৰকাৰী-বেচৰকাৰী পক্ষৰ প্ৰত্যক্ষ আৰু পৰোক্ষ পৃষ্ঠপোষকতাত ধ্বংসৰ মুখলৈ গতি কৰিছে এই জলাশয়ে ।

২০০৫ চনৰ পৰা গুৱাহাটী পৌৰ নিগমে দীপৰ বিলৰ সমীপত আৱৰ্জনা পেলোৱাৰ বাবে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰে (Demand for Deepar Bill reservation)। তাৰো আগৰে পৰা পামহী কেনেলৰে গুৱাহাটীৰ বৰ্জিত আৰু দূষিত পানীভাগ দীপৰ বিলত পেলাই অহাৰ ফলত দীপৰ বিলৰ পানী ভয়াৱহভাৱে প্ৰদূষিত হৈ পৰিছে (Dumping Ground in Deepar Bill) ।

গুৱাহাটী উচ্চ ন্যায়ালয়ত বিলখনক সংৰক্ষণৰ বাবে জনোৱা আৱেদনৰ ভিত্তিত ১৭ টা বিভাগ আৰু কৰ্তৃপক্ষক দীপৰ বিল সংৰক্ষণৰ কাৰণে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেই বিষয়ে ২৭ এপ্ৰিলৰ ভিতৰত ন্যায়ালয়ত দাখিল কৰাৰ বাবে জাননী প্ৰেৰণ কৰিছিল । ইয়াৰ পিতেই অসম চৰকাৰৰ মহাধিবক্তাই বিচাৰিলে দুসপ্তাহৰ সময় ।

পৰিবেশ ধ্বংসকাৰী কার্য বন্ধ কৰি বিলখনক উপযুক্তভাৱে সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত বিগত সময়চোৱাত দীপৰ বিল সুৰক্ষা মঞ্চকে ধৰি বিভিন্ন দল-সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছিল । কিন্ত গুৱাহাটী পৌৰ নিগম,গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ (GMDA),গুৱাহাটী উন্নয়ন বিভাগকে ধৰি কোনো এটা বিভাগে বিলখনক উপযুক্তভাৱে সংৰক্ষণৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নোহোৱাত ৰাইজৰ মাজতো বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।

অৱশেষত বিলখনক সংৰক্ষণৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ কামনা কৰি তিনি পৰিবেশ কর্মী ক্ৰমে দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক আৰু চকৰদৌৰ গো-পালক প্ৰমোদ কলিতা, কাৰ্বিপাৰা ৰাইজ গয়ৰহৰ সভাপতি সনেশ টেৰণ আৰু গড়চুকৰ যুৱ সমাজকর্মী দীপক টেৰাঙে গুৱাহাটী উচ্চ ন্যায়ালয়ত যোৱা ফেব্ৰৱাৰীত ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰিছিল (PIL for in Deepar Bill in Gauhati High Court)।

সেই আৱেদনৰ ভিত্তিত ৰজু হোৱা গোচৰৰ (গোচৰ নম্বৰ :পি আই এল / ১৮ /২০২৩) ভিত্তিত যোৱা ১৭ মাৰ্চত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে আবেদন গ্ৰহণ কৰি গুৱাহাটী পৌৰ নিগম, জি এম ডি এ ,ভাৰত চৰকাৰৰ বন-পৰিবেশ সংৰক্ষণ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয় ,অসম চৰকাৰৰ বন আৰু পৰিবেশ বিভাগকে ধৰি মুঠ ১৭ টা বিভাগ আৰু কৰ্তৃপক্ষক দীপৰ বিল সংৰক্ষণৰ বাবে এতিয়ালৈ কি কি তথা কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেয়া চাৰি সপ্তাহ বা ২৭ এপ্ৰিলৰ ভিতৰত ন্যায়ালয়ত দাখিল কৰাৰ বাবে জাননী প্ৰেৰণ কৰিছিল ।

আনহাতে, আৱেদনকাৰীৰ হৈ ন্যায়ালয়ত যুক্তি দাঙি ধৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা দেৱজিৎ কুমাৰ দাসে । অৱশ্যে ন্যায়ালয়ৰ জাননী লাভ কৰাৰ পাচত ২৭ এপ্ৰিলত অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ লন শইকীয়াই গুৱাহাটী উচ্চ ন্যায়লয়ত ১৭ টা বিভাগৰ হৈ মুখ্য ন্যায়াধীশ সুমন শ্যামৰ আদালতত এখন আবেদন দাখিল কৰি শপতনামা দাখিলৰ বাবে আকৌ দুই সপ্তাহৰ সময় বিচাৰে । ইয়াৰ পৰিপ্ৰেক্ষিতত মুখ্য ন্যায়ধীশ সুমন শ্যামে শুনানীৰ বাবে ১৮ মে’ৰ দিনটো ধাৰ্য কৰে ।

লগতে পঢ়ক:Assam congress alliance : কংগ্ৰেছৰ পৰিকল্পনাই বিৰোধী ঐক্যত আউল লগোৱাৰ সম্ভাৱনা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.