ETV Bharat / state

উত্তৰ-পূবৰ পৰীক্ষাৰ্থীয়ে ইউ পি এছ চিৰ বাবে কেনেদৰে চলাব প্ৰস্তুতি ?

সৰ্বভাৰতীয় স্তৰৰ পৰীক্ষাৰ বাবে আগ্ৰহী নেকি আপুনি ? কিদৰে প্ৰস্তুতি চলাব সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে ?

উত্তৰ-পূবৰ পৰীক্ষাৰ্থীয়ে ইউ পি এছ চিৰ বাবে কেনেদৰে চলাব প্ৰস্তুতি?
author img

By

Published : Jul 22, 2019, 4:54 PM IST

গুৱাহাটী,22 জুলাই: কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ডি পি আগৰৱালাই উত্তৰ-পূবৰ পৰীক্ষাৰ্থীয়ে ইউ পি এচ চিৰ বাবে কিদৰে প্ৰস্তুতি চলাব তাৰ বাবে আগবঢ়ালে কিছু পৰামৰ্শ ৷ তেওঁ কয় যে পৰীক্ষাৰ্থীয়ে নিজকে সম্পূৰ্ণকৈ ব্যৱহাৰিক দিশৰ ফালৰ পৰা প্ৰস্তুতি চলায় যাব লাগিব ৷ লগতে মূল পাঠ্যপুথিৰ জ্ঞান আহৰণতেই সীমাবদ্ধ নাথাকি আন আনুষংগিক পাঠ্যপুথি অধ্যয়নৰো পৰামৰ্শ আগবঢ়াই ৷ অনাগত দিনত দেশৰ অন্য ৰাজ্যৰ তুলনাত অসমৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত নিজৰ মেধা শক্তিৰে নাম উজ্বলাব বুলিও আশা প্ৰকাশ কৰে ৷

Intro:উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিষয়ে কি কলে ইউ পি এছ চিৰ প্ৰাক্তন অধ্যক্ষ ডি পি আগৰৱালাই

Body:সংঘ লোক সেৱা আয়োগৰ (ইউ পি এছ চিৰ) প্ৰাক্তন অধ্যক্ষ ডি পি আগৰৱালাই ইউ পি এছ চি পৰীক্ষাৰ্থী সকলক এক উপদেশ দিয়ে যে যিসকল পৰীক্ষাৰ্থীয়ে ইউ পি এছ চি পৰীক্ষা দিবলৈ প্ৰস্তুতি চলাইছে তেওঁলোকে সম্পূৰ্ণকৈ নিজকে আৰু ব্যৱহাৰিক দিশৰ ফালৰ পৰা প্ৰস্তুতি চলাই আগুৱাই যায় যেন। নিজৰ একাগ্ৰতাৰে পৰীক্ষাৰ্থী সকলে তেওঁলোৰ মাজত থকা দুৰ্বলতা সমূহ দূৰ কৰি সঠিক পথত নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰি আগুৱাই যাব লাগে। নিজৰ লক্ষ্যত উপনীত হবলৈ সঠিক পথৰ সঠিক সুবিধা যাতে গ্ৰহণ কৰে আৰু লগতে ইউ পি এছ চিৰ নিচিনা আন বহুতো প্ৰতিযোগিতামূলক পৰীক্ষাতো পৰীক্ষাৰ্থী সকল উপনীত হব লাগে বুলি তেওঁ কয়।

কঠোৰ পৰিশ্ৰমৰ দ্বাৰা পৰীক্ষাৰ্থী সকল নিজৰ লক্ষ্যত উপনীত হব লাগিব লগতে মূল পাঠ্যপুথিৰ জ্ঞান আহৰণতেই সীমাবদ্ধ নাথাকি আন অনুষংগিক পাঠ্যপুথি যেনে নিয়মীয়া বাতৰি কাকত, আলোচনী কিতাপ আদিৰ জ্ঞানো তেওঁলোকে আহৰণ কৰিব লাগিব। এইখিনিতে আগৰৱালাই কয় যে প্ৰত্যেকজন পৰীক্ষাৰ্থীৰে নিজৰ দেশৰ সম্যক জ্ঞান থাকিব লাগিব। সকলো পৰীক্ষাৰ্থীয়ে সমান কিন্তু সকলোৱে সমানে নিজৰ লক্ষ্যত উপনীত হবলৈ কঠোৰ পৰিশ্ৰম কৰিবই লাগিব তেতিয়াহে জীৱনৰ মূল চাবি কাঠিৰ প্ৰাপ্তিৰ দিশে আগুৱাব পাৰিব।

ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসমূহ নিজৰ প্ৰতিভা আৰু মেধাত কোনো গুনেই কম নহয়। তেওঁলোকৰো মেধা শক্তি যথেষ্ট আছে। কিন্তু তেওঁ এইখিনিতে এক গুৰুত্বপূৰ্ণ মত আগবঢ়ায় যে আজি কালি সততে পাবত গজা একাংশ কোচিং চেণ্টাৰ জন্ম লৈছে। কিন্তু এই কোচিং চেণ্টাৰ সমূহ বাচনি প্ৰক্ৰিয়াত পৰীক্ষাৰ্থী সকলে সঠিক ৰূপত কৰিব জানিব লাগিব। ইউ পি এছ চিৰ দৰে আৰু আন বহুতো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হবলৈ তেওঁলোকে পৰিশ্ৰম কৰাটো নিতান্তই জৰুৰী। ইউ পি এছ চি পৰীক্ষা প্ৰস্তুতকৰণৰ সময়ত পৰীক্ষাৰ্থীসকলে বিশেষকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাতৰি কাকত, আঞ্চলিক পৰ্যায়ৰ বাতৰি কাকতৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন আলোচনী অধ্যয়ন কৰিব লাগে। য'ত দেশৰ জনসাধাৰণৰ বিভিন্ন দিশৰ তথ্য, আৰ্থিক দিশৰ লগতে বহু ধৰণৰ ন ন তথ্যৰ বিষয়ে অধ্যয়ন কৰিব লাগে।

Byte ডি পি আগৰৱাল

Conclusion:শেষত আগৱালাই কয় যে অনাগত দিনত দেশৰ অন্য ৰাজ্যৰ তুলনাত অসমৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষা ইউ পি এছ চিত নিজৰ মেধা শক্তিৰে নাম উজ্বলাব।

Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.