গুৱাহাটী,6 মে’ঃ বিপদে সংগ নেৰা হৈছে বিতৰ্কিত আৰটিআই কর্মী দুলাল বৰাৰ । প্ৰশাসনৰ পৰা কোনোধৰণৰ অনুমতি নোলোৱাকৈ দুলাল বৰাই মহানগৰীৰ ৰুক্মিণীগাঁৱত নিৰ্মাণ কৰিছিল এটা তিনিমহলীয়া অট্টালিকা ৷ আদালতৰ নিৰ্দেশ অনুসৰি এই অট্টালিকা ভাঙি পেলাই প্ৰশাসনে । কামৰূপ মহানগৰ জিলা প্ৰশাসনে বুধবাৰে আৰক্ষী আৰু প্ৰশাসনৰ এটা দলক লৈ উপস্থিত হয় ৰুক্মিণীগাঁৱত ৷ এছকেভেটৰ লগাই ভাঙি পেলোৱা অট্টালিকাটোৰ জৰিয়তে বৰাই দীৰ্ঘদিনে ঘৰভাড়াৰ ব্যৱসায় চলাই আছিল ৷
উল্লেখ্য যে,আদালতে জিলা প্ৰশাসনক মঙলবাৰে এই অট্টালিকা ভঙাৰ নিৰ্দেশ প্ৰদান কৰিছিল ৷ বিগত কিছুদিন পূৰ্বে দুলাল বৰাৰ কইনাধৰাস্থিত অন্য এক অট্টালিকা সম্পূৰ্ণৰূপে ভাঙি পেলাইছিল প্ৰশাসনে । আৰটিআইৰ জৰিয়তে মানুহক ব্লেকমেইলিং কৰি সম্পত্তিৰ পাহাৰ গঢ়া দুলাল বৰাক গ্ৰেপ্তাৰ কৰিছিল মহানগৰ আৰক্ষীয়ে । বৰ্তমান আৰটিআই কর্মীগৰাকী খানাপাৰাৰ কেন্দ্ৰীয় কাৰাগাৰৰ আলহী ।