ETV Bharat / state

বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ আদিবাসী ছাত্ৰ সন্থাৰ - আদিবাসী জাতীয় মহাসভা

জনজাতিকৰণ, উপগ্ৰহীয় স্বায়ত্ত্ব শাসন, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আদি বিভিন্ন সমস্যা সমাধানৰ বাবে পুনৰ দাবী জনাই আদিবাসী ছাত্ৰ সন্থাই । সংবাদমেলত বিজেপি নেতৃত্বধীন চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিল আদিবাসী ছাত্ৰ সংগঠনৰ নেতাসকল ।

press meet
বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ আদিবাসী ছাত্ৰ সন্থাৰ
author img

By

Published : Aug 29, 2021, 7:06 PM IST

গুৱাহাটী, ২৯ আগষ্ট : ‘‘বিজেপি (BJP) চৰকাৰে আদিবাসী সমাজখনৰ আৰ্থ সামাজিক উন্নয়ন যদি সঁচাকৈয়ে বিচাৰিছে তেন্তে আদিবাসী সকলক জনজাতিকৰণ (tribalism) কৰক ৷’’ এই দাবী উত্থাপন কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) আৰু আদিবাসী জাতীয় মহাসভাৰ সংগ্ৰামী মঞ্চই । শনিবাৰে দুয়োটা সংগঠনে আয়োজন কৰা যুটীয়া সংবাদমেলত আছাৰ সভাপতি প্ৰদীপ নাগে কয় যে, অসম চৰকাৰ আৰু যুদ্ধবিৰতিত থকা আদিবাসী সশস্ত্ৰ সংগঠনবোৰৰ মাজত এক চুক্তি স্বাক্ষৰ হোৱাৰ দিশে আগবাঢ়িছে ।

বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ আদিবাসী ছাত্ৰ সন্থাৰ

অসম চৰকাৰৰ এই পদক্ষেপৰ দ্বাৰা যুদ্ধবিৰতিত থকা গোট সমূহৰ দীৰ্ঘদিনীয়া দাবী সমূহৰ সমাধান আৰু কেডাৰসকলৰ পুনঃসংস্থাপন কৰা হ'ব বুলি আদৰণী জনোৱা হৈছে যদিও কিছুমান বিষয় এতিয়াও স্পষ্ট হোৱা নাই । তেওঁ প্ৰশ্ন কৰে যে আদিবাসী চুক্তি কৰিব বিচৰা এই প্ৰক্ৰিয়া কি হ'ব ? মধ্যস্থতাকাৰী কোন ?

মধ্যস্থতাকাৰীজনক কিহৰ ওপৰত ভিত্তি কৰি নিয়োগ কৰা হৈছে ? চুক্তিৰ দাবীবোৰ কি ? চুক্তি স্বাক্ষৰকাৰী সকল কোন কোন হ'ব ? আদিবাসী সমাজখনে তেওঁলোকক অনুমতি প্ৰদান কৰিবনে ? নে অকল বিজেপি চৰকাৰখনৰ ৰাজনৈতিক লাভালাভৰ বাবে এই চুক্তি কৰা হৈছে ?

সেই চুক্তিত আদিবাসীৰ মূল দাবী জনজাতিকৰণ আৰু উপগ্ৰহীয় স্বায়ত্ত্ব শাসন, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি স্থান পাবনে ? সভাপতি গৰাকীয়ে কোৱা মতে এই ধৰণৰ বিভিন্ন প্ৰশ্নৰ উদয় হৈছে । তাৰোপৰি চুক্তিখন দ্বি-পাক্ষিক নে ত্ৰিপাক্ষিক হ'ব সেয়াও স্পষ্ট হোৱা নাই ।

তেওঁ লগতে কয় যে, বিজেপি চৰকাৰে আছাকে ধৰি বিভিন্ন আদিবাসী সমাজ সংগঠনক কিয় অন্ধকাৰত ৰাখি আদিবাসী চুক্তি নাম দি এক ভুৱা চুক্তি কৰি বৃহৎ আদিবাসী সমাজকখনক বিপথে পৰিচালিত কৰিব বিচাৰিছে । যদি চৰকাৰে সঁচাকৈ আদিবাসী সমাজখনৰ আৰ্থসামাজিক উন্নয়ন বিচাৰিছে তেন্তে প্ৰথমে আদিবাসী সকলক জনজাতিকৰণ কৰক বুলি দাবী উত্থাপন কৰে সংগঠনৰ নেতাগৰাকীয়ে । লগতে উপগ্ৰহীয় স্বায়ত্ব শাসন (Satellite Autonomy) , চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি (Increase in wages of tea workers) আদি সমস্যা সমাধানৰ বাবে আদিবাসী চুক্তি কৰিব লাগে বুলি দাবী তোলে ।

অন্যথা সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু আদিবাসী জাতীয় মহাসভাৰ সংগ্ৰামী মঞ্চৰ সকলো সংগঠনে তীব্ৰ বিৰোধ কৰিব বুলিও হুংকাৰ দিয়ে । ইয়াক প্ৰতাৰণাৰ দলিল আখ্যা দিব বুলি মন্তব্য কৰে নেতাগৰাকীয়ে । গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত সংবাদমেলত উপস্থিত থাকে আছাৰ সভাপতি ষ্টিফেন লাক্ৰা, সহকাৰী সম্পাদক দেবেন ওৰাঙকে ধৰি দুয়োটা সংগঠনৰ বিষয়ববীয়াসকল ।

লগতে পঢ়ক :চৰকাৰী আঁচনিৰ পৰা আজিও বঞ্চিত ৰঙাপৰাৰ ধেন্দাই অঞ্চল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.