ETV Bharat / state

সুকীয়া সময় মণ্ডলৰ প্ৰস্তাৱেৰে অদীপ কুমাৰ ফুকনৰ নতুন গ্ৰন্থ সূৰ্যোদয় - অদীপ কুমাৰ ফুকন

দেশৰ আন প্ৰান্ততকৈ অসমত সূৰ্যোদয় আগতেই হয় । গতিকে অসমৰ বাবে লাগে এক সুকীয়া সময় মণ্ডল । এই বিশেষ বিষয়ক লৈ সোমবাৰে শুভ উন্মোচন কৰা হয় বিশিষ্ট সাংবাদিক অদীপ কুমাৰ ফুকনৰ নতুন গ্ৰন্থ-সূৰ্যোদয় ।

Adeep Kumar Phukan's new book Suryodaya with the proposal of Sukiya Samay Mandal
সূকীয়া সময় মন্ডলৰ প্ৰস্তাৱেৰে অদীপ কুমাৰ ফুকনৰ নতুন গ্ৰন্থ সূৰ্যোদয়
author img

By

Published : Jul 26, 2021, 7:39 PM IST

Updated : Jul 26, 2021, 10:23 PM IST

গুৱাহাটী, 26 জুলাই : উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক সুকীয়া সময় মণ্ডলৰ ধাৰণাটোক হাতে-কামে আগবঢ়াই নিয়াৰ বাবে‌ লাগে চৰকাৰ আৰু নাগৰিক সমাজৰ তৎপৰতা । এই বিষয়ক সমল হিচাপে লৈ বিশিষ্ট সাংবাদিক অদীপ কুমাৰ ফুকনে লিখি উলিয়াইছে তেওঁৰ নৱতম গ্ৰন্থ "সূৰ্যোদয়" ।‌‌‌ সোমবাৰে গ্ৰন্থখন উন্মোচন কৰে লেখক তথা‌ উদ্যোগী শ্যামকানু মহন্ত, কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ আৰু বিশিষ্ট বাৱসায়ী ৰবীন্দ্ৰ দত্তই ।

অনুষ্ঠানটোত গ্ৰন্থাকাৰ অদীপ কুমাৰ ফুকনে কয় যে, মুম্বাইতকৈ ৭৬.২০ মিনিট, দিল্লীতকৈ ৫৭.২৮ মিনিট, হাৰিয়ানাতকৈ ৬৭.৩৫ মিনিট, কলকাতাতকৈ ১৩.২৮ মিনিট আগতে গুৱাহাটীত সূৰ্যোদয় হয় ৷ দেশৰ অৰ্থনৈতিকভাৱে আগবঢ়া দিল্লী, গোৱা, কেৰালা, পঞ্জাৱ, মহাৰাষ্ট্ৰ, তামিলনাডুতকৈ অসমত প্ৰায় এঘণ্টা আগতে সূৰ্যোদয় হয় ৷ উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ ওপৰত ভিত্তি কৰি সৃষ্টি কৰা ভাৰতীয় মান সময় অনুসৰি সেই অঞ্চলসমূহত পুৱা 6 টা বাজিলে অসমতো 6 টা বজাৰ ব্যৱস্থাৰ পৰিৱৰ্তন কৰিব লাগে ৷ প্ৰকৃতাৰ্থত অসমত পুৱা 7 টা বাজে ৷

Adeep Kumar Phukan's new book Suryodaya with the proposal of Sukiya Samay Mandal
অদীপ কুমাৰ ফুকনৰ নতুন গ্ৰন্থ সূৰ্যোদয়

এই সত্যটো উপলব্ধি কৰি আমি আন ৰাজ্যতকৈ এঘণ্টা আগতে উন্নয়নৰ পথত দৌৰিব লাগে ৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এটা সময় মণ্ডল সৃষ্টি কৰিব লাগে ৷ অন্যথা আমি এঘণ্টা অপচয় কৰিবলগা হৈছে ৷

তেওঁ আঙুলিয়াই দিয়ে যে, 1980 চনত বিজ্ঞান আৰু কাৰিকৰী বিভাগৰ বিশেষজ্ঞই ভাৰতত দুটাতকৈ অধিক সময় মণ্ডলৰ প্ৰয়োজন বুলি গুৰুত্ব দিছিল ৷ 2001 চনত কেন্দ্ৰীয় চৰকাৰে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰীৰ নেতৃত্বত এখন 4 জনীয়া কমিটি গঠন কৰিছিল ৷ সময় মণ্ডলৰ প্ৰসংগত প্ৰতিবেদন প্ৰস্তুত কৰি 2004 চনত কপিল ছিবালে লোকসভাত দাখিল কৰিছিল ৷

তদুপৰি 2014 চনত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বেলেগ এটা সময় মণ্ডলৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰক দিছিল ৷ 2017 চনৰ জুনত দেশৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে পুনৰ দুটা সময় মণ্ডলৰ প্ৰসংগত প্ৰস্তাৱ উত্থাপন কৰে ৷ পূৰ্বোত্তৰ ভাৰত সময় মণ্ডলৰ প্ৰসংগ দাঙি ধৰে ৷ 2018 চনত ভাৰতীয় মান সময় তদাৰক কৰা কাউঞ্চিল অৱ ছাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰীয়েল ৰিছাৰ্চ নেচনেল ফিজিকেল লেবৰেটৰীয়ে প্ৰকাশ কৰা এখন গৱেষণা পত্ৰত ভাৰতত দুটা সময় মণ্ডলৰ প্ৰয়োজন উত্থাপন কৰে ৷

সূকীয়া সময় মন্ডলৰ প্ৰস্তাৱেৰে অদীপ কুমাৰ ফুকনৰ নতুন গ্ৰন্থ সূৰ্যোদয়
সূকীয়া সময় মন্ডলৰ প্ৰস্তাৱেৰে অদীপ কুমাৰ ফুকনৰ নতুন গ্ৰন্থ সূৰ্যোদয়

এটা IST-I সমগ্ৰ ভাৰতৰ বাবে আৰু IST-II উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ৷ ভাৰতৰ ‘অফিচিয়েল টাইম কীপাৰ’ নেচনেল ফিজিকেল লেবৰেটৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বিশেষ সময় মণ্ডলৰ দীঘলীয়া দাবীক সমৰ্থন জনাইছিল ৷ এনপিএলে উচিতভাৱে সমৰ্থন জনায় যে অসম, মেঘালয়, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জক লৈ এটা সময় মণ্ডল হ’ব পাৰে ৷ অনুষ্ঠানটোত গ্ৰন্থৰ উন্মোচক শামকানু মহন্তই অঞ্চলটোৰ অৰ্থনৈতিক পটভূমিত বিশেষ সময় মণ্ডল যে অপৰিহাৰ্য তাৰ বিষয়ে বিশেষভাৱে আলোকপাত কৰে ।‌

লগতে পঢ়ক: বেম্বো ইণ্ডাষ্ট্ৰিয়েল পার্কৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

Last Updated : Jul 26, 2021, 10:23 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.