ETV Bharat / state

পল্টন বজাৰ কাণ্ড: কি ক'লে যান বাহন শাখাৰ অতিৰিক্ত উপ আৰক্ষী আয়ুক্তই - পল্টন বজাৰ কাণ্ড

ৰাজপথত পত্নী আৰু কনমানি সন্তানৰ সন্মূখতে বাইকত থকা এজন লোকক প্ৰহাৰ (Police assaulting civilian case in Guwahati)কৰাৰ ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে যান বাহন শাখাৰ অতিৰিক্ত উপ আৰক্ষী আয়ুক্তই ৷ অতিৰিক্ত উপ আৰক্ষী আয়ুক্তগৰাকীয়ে উক্ত ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিয়ে ৷

Police assaulting civilian case in Guwahati
কি ক'লে যান বাহন শাখাৰ অতিৰিক্ত উপ আৰক্ষী আয়ুক্তই
author img

By

Published : Mar 20, 2022, 6:11 PM IST

গুৱাহাটী, ২০ মাৰ্চ: ৰাজপথত পত্নী আৰু কনমানি সন্তানৰ সন্মূখতে বাইকত থকা এজন লোকক প্ৰহাৰ কৰাৰ ঘটনা (Police assaulting civilian case in Guwahati)ক লৈ এতিয়াও অব্যাহত আছে প্ৰতিক্ৰিয়া । ইতিমধ্যে ঘটনাটোৰ বাবে নিলম্বিত কৰা হৈছে অসম আৰক্ষীৰ কনিষ্টবল ফকৰুদ্দিন আহমেদক (Police constable suspended for assaulting civilian)৷ আনহাতে পল্টন বজাৰ থানাৰ যানবাহন শাখাৰ আই চি উপ পৰিদৰ্শক প্ৰণৱ কুমাৰ ডেকাক ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে ।

উল্লেখ্য যে, বৃহস্পতিবাৰে গুৱাহাটীৰ পল্টন বজাৰত পৰিয়ালৰ সন্মুখতে এজন লোকক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল হৈছিল । আৰক্ষীৰ প্ৰহাৰৰ সময়ত লোকজনৰ বাইকত তেওঁৰ পত্নী আৰু কনমানি সন্তান আছিল । বাইকত থকা অৱস্থাত লোকজনক আৰক্ষী কনিষ্টবল ফকৰুদ্দিন আহমেদে প্ৰহাৰ কৰাত তেওঁৰ পত্নী আৰু সন্তান পৰি গৈছিল । ইফালে বৃহস্পতিবাৰৰ ঘটনা সন্দৰ্ভত বাইক আৰোহী গৰাকীৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে ।

আৰক্ষীৰ সৈতে মাৰপিটত লিপ্ত হোৱাৰ বাবে বিকি প্ৰসাদ গুপ্তা নামৰ বাইক আৰোহীজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে । ঘটনাটো সন্দৰ্ভত তদন্ত কৰি থকা যান বাহন শাখাৰ অতিৰিক্ত উপ আৰক্ষী আয়ুক্ত দেৱাশীষ বৰাই কয় যে, সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত আছে । বাইক আৰোহী বিকি গুপ্তা জেলত থকা সন্দৰ্ভত তেওঁ কয় যে, ফকৰুদ্দিন আহমেদে দিয়া এজাহাৰৰ ভিত্তিত ১৫১/২০২২ নম্বৰত এটা গোচৰ ৰুজু হয় আৰু সেই গোচৰৰ ভিত্তিত বিকি গুপ্তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

আনহাতে বিকি গুপ্তাৰ পত্নী পুনম গুপ্তাই দিয়া এজাহাৰৰ ভিত্তিত ১৫২/২০২২ নম্বৰৰ এটা গোচৰ ৰুজু হৈছে । দুটা গোচৰৰে তদন্ত চলি আছে বুলি তেওঁ কয় । তেওঁ লগতে কয় যে, বাইক আৰোহীজনক প্ৰহাৰ কৰা আন আন আৰক্ষীৰ লোকো তদন্তৰ আওতালৈ আহিব । সমগ্ৰ ঘটনাটোক তেওঁ দুৰ্ভাগ্যজনক আখ্যা দিয়ে ।

লগতে পঢ়ক: নগাঁৱত আৰক্ষী চকীৰ সন্মুখতে যুৱকৰ উদ্ভণ্ডালি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.