ETV Bharat / state

অভিনেতা জয়ন্ত দাসক আৰক্ষীৰ গাড়ী চালকৰ দুৰ্ব্যৱহাৰ

author img

By

Published : Aug 26, 2022, 1:59 PM IST

সামাজিক মাধ্যমত ভাইৰেল অভিনেতা জয়ন্ত দাসৰ ভিডিঅ' (Actor Jayant Das)। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গ্ৰেপ্তাৰ আৰক্ষীৰ গাড়ী চালক তাহেৰ আলীক । হোমগাৰ্ড জনৰ বিৰুদ্ধে ব্যৱস্থা নল'বলৈ আৰক্ষীৰ প্ৰতি আহ্বান অভিনেতা দাসৰ।

Actor Jayant Das abused by police driver in Guwahati
অভিনেতা জয়ন্ত দাসক আৰক্ষীৰ গাড়ী চালকৰ দুৰ্ব্যৱহাৰ

গুৱাহাটী, ২৬ আগষ্ট: বিশিষ্ট অভিনেতা জয়ন্ত দাসক আৰক্ষীৰ এজন চালকে দুৰ্ব্যৱহাৰ কৰা ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Actor Jayant Das) । বিশেষকৈ অভিনেতাগৰাকীয়ে সামাজিক মাধ্যমত ঘটনা সন্দৰ্ভত দিয়া এক ভিডিঅ' বাৰ্তাই ব্যাপক চৰ্চা লাভ কৰিছে ।

অভিনেতাগৰাকীয়ে উল্লেখ কৰা অনুসৰি, শুকুৰবাৰে উজান বজাৰত বজাৰ কৰিবৰ বাবে যাওতে তেওঁ এজন আৰক্ষীক পোছাক পিন্ধি থকা অৱস্থাত চাধা মাৰি থকা দেখা পাই পোছাকযোৰৰ পদমৰ্যাদাৰ প্ৰতি লক্ষ্য ৰাখি তেনে নকৰিবলৈ অনুৰোধ কৰিছিল । আৰক্ষীজনে তেওঁৰ কথাৰ প্ৰতি হয়ভৰ দি সন্মান জনাই যদিও আৰক্ষীৰ বাহনৰ চালকজন গাড়ীৰ পৰা নামি আহি অভিনেতা জয়ন্ত দাসক দুৰ্ব্যৱহাৰ কৰে । এই ঘটনাটোক তেওঁ সামাজিক মাধ্যমত ব্যক্ত কৰি দুখ প্ৰকাশ কৰে (Actor Jayant Das abused by police driver) ।

অভিনেতাগৰাকীয়ে কয় যে, এই ঘটনাৰ বাবে তেওঁ খুব দুখ, লাজ আৰু আঘাত পাইছে আৰু মৰ্মাহত হৈছে । তেওঁ উল্লেখ কৰা অনুসৰি উজান বজাৰৰ পৰা বজাৰ কৰি নিজৰ স্কুটিত আহি থাকোতে এজন আৰক্ষীয়ে চাধা হাতত লৈ থাকোতে অভিনেতাজনে তেওঁক ধেমেলীয়া আৰু হাঁহিৰে অতি নম্ৰভাৱে আৰক্ষীৰ সাজ পৰিধান কৰি থাকোতে এনে কাম নকৰিবলৈ ক’লে ।

এনেতে আৰক্ষীৰ বাহনৰ চালকজন গাড়ীৰ পৰা নামি আহি অভিনেতা জয়ন্ত দাসক আঙুলি দেখুৱাই যথেষ্ট বেয়া ব্যৱহাৰ কৰে । ইয়াৰ পাছত অভিনেতাজনে চালকজনক কোন হয় সোধাত চালকজনে গন্তব্য স্থানত থকা আন আৰক্ষীসকলক নিজৰ ষ্টাফ বুলি কয় । চালকজনে অভিনেতাগৰাকীৰ মাক-দেউতাকক লৈ বেয়া ভাষাৰে অপদস্থ কৰে ।

অভিনেতাগৰাকীয়ে মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধানক অনুৰোধ কৰে যে আগলৈ যাতে এনে ব্যৱহাৰৰ কোনো বলি হ’ব লগা নহয় । অভিনেতাগৰাকীৰ এই ভিডিঅ' ভাইৰেল হৈ পৰাৰ পাছতই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অভিনেতা জয়ন্ত দাসক দুৰ্ব্যৱহাৰ কৰা আৰক্ষীৰ বাহনৰ চালকক গ্ৰেপ্তাৰ কৰা হয় । গ্ৰেপ্তাৰ হোৱা হোমগাৰ্ডজন মহানগৰীৰ লতাশিল থানাত নিয়োজিত হৈ আছিল । পৰৱৰ্তী সময়ত থানাত উপস্থিত হৈ অভিনেতা জয়ন্ত দাসে তেওঁক দুৰ্ব্যৱহাৰ কৰা হোমগাৰ্ডজনৰ বিৰুদ্ধে ব্যৱস্থা নল'বলৈ আৰক্ষীৰ প্ৰতি আহ্বান জনায় ।

লগতে পঢ়ক: চাহ শ্ৰমিকৰ বৰ্ধিত মজুৰি প্ৰসঙ্গত প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.