ETV Bharat / state

ৰত্নাকৰৰ সাফল্যত উৎফুল্লিত অভিনেতা যতীন বৰা - Ratnakar review

সদ্য মুক্তিপ্ৰাপ্ত বোলছবি ৰত্নাকৰে ৰাজ্যজুৰি দৰ্শকৰ মাজত লাভ কৰা সহাৰিক লৈ উৎফুল্লিত হৈ পৰিছে অভিনেতা যতীন বৰা ৷ সংবাদ মাধ্যমৰ সৈতে হোৱা এক চমু বাৰ্তালাপত অভিনেতাগৰাকীয়ে বৰ্তমানলৈকে বোলছবিখনে সংগ্ৰহ কৰা উপাৰ্জনৰ বিতং তথ্য দাঙি ধৰে ৷

ৰত্নাকৰৰ সাফল্যত উৎফুল্লিত অভিনেতা যতীন বৰা
author img

By

Published : Oct 26, 2019, 11:25 PM IST

গুৱাহাটী,26 অক্টোবৰঃ সদ্য মু্ক্তিপ্ৰাপ্ত অসমীয়া বোলছবিয়ে ৰাজ্যৰ দৰ্শক সমাজৰ মাজত ব্যাপক সমাদৰ লাভ কৰাকলৈ উৎফুল্লিত হৈ পৰিছে অভিনেতা যতীন বৰা ৷ শুকুৰবাৰে মহানগৰীৰ এটি চলচিত্ৰগৃহত সাংবাদিকৰ সৈতে হোৱা এক চমু বাৰ্তালাপত বোলছবিখনক লৈ নিজৰ সন্তুষ্টি ব্যক্ত কৰে অভিনেতাগৰাকীয়ে ৷ তদুপৰি গুৱাহাটীৰ চিত্ৰগৃহত ছবিখন উপভোগ কৰি ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কৰা প্ৰশংসাক লৈ যথেষ্ট অনুপ্ৰাণিত হোৱা বুলি উল্লেখ কৰে ৷ 'ৰত্নাকৰ'ক অসমীয়া বোলছবি ক্ষেত্ৰখনৰ বাবে এক দিশ নিৰ্ণায়কৰ ভূমিকা পালন কৰা বুলি অভিহিত কৰি অভিনেতাগৰাকীয়ে ভৱিষ্যতে এনেধৰণৰ আৰু অধিক উন্নত মানদণ্ডৰ ছবিৰ যোগেদি অসমীয়া চিনেমাৰ বিপ্লৱৰ ধাৰা অব্যাহত থাকিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ উল্লেখ্য যে ইতিমধ্যে ছবিখনে 6 কোটিৰো অধিক উপাৰ্জন কৰিবলৈ সক্ষম হোৱাৰ উপৰি মহানগৰীৰ কিছুমান ছবিগৃহত বোলছবিখনৰ বাবে দৰ্শনীৰ সংখ্যা সম্প্ৰসাৰণ কৰা হৈছে ৷

ৰত্নাকৰৰ সাফল্যত উৎফুল্লিত অভিনেতা যতীন বৰা

আৰু পঢ়ক "ৰত্নাকৰ" উপভোগ কৰি আপ্লুত তৰুণ গগৈ

Intro:ৰত্নাকৰ ছবি চালে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে । এই লৈ উৎফুল্লিত যতীন বৰা । লগতে শনিবাৰে বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ৰত্নাকৰ ছবি উপভোগ কৰিব বুলি জানিবলৈ দিলে যতীন বৰাই।
অসমীয়া ছবি জগতলৈ ভাল দিন ঘূৰি অহাৰ কথা কোৱাৰ লগতে ৰত্নাকৰ ছবিয়ে বৰ্তমানলৈকে কিমান উপাৰ্জন সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে সেই বিষয়ে জানিবলৈ দিলে।

Body:অতিশীঘ্ৰে নতুন ছবি নিৰ্মাণৰ কথা জনালে যতীন বৰাই। তৃতীয় সপ্তাহত চাৰে ছয় কোটিৰ ঘৰ পাৰ কৰিলে ৰত্নাকৰে। তৃতীয় সপ্তাহটো 160 দর্শনী লাভ কৰাটো এটা ডাঙৰ সাফল্য । অসমৰ চিনেমা জগতলৈ সুদিন উভতি অহাৰ লগতে অসমীয়া চিনেমাৰ প্ৰচাৰ আৰু প্ৰসাৰে নতুন যুগৰ সূচনা কৰা বুলি জানিবলৈ দিলে ।
Bite:- যতীন বৰা ।

Conclusion:ৰত্নাকৰ ছবিয়ে অনাগত দিনত বৃদ্ধি কৰিব উপাৰ্জনৰ পৰিমাণ কাৰণ সকলো শ্ৰেণীৰ দৰ্শকৰ উপভোগ্য হব পৰা কৈ নিৰ্মান হৈছে ছবি খন। ৰাজনীতিবিদৰ পৰা আৰম্ভ কৰি সাধাৰণ জনতা লৈ সকলোৱে ছবি খন চাই কৰিছে এতিয়া উচ্চ প্ৰশংসা যাৰ দ্বাৰা এই কথা বুজিব পাৰি যতীন বৰাই নিৰ্মান কৰিছে এখন মনোগ্ৰাহী ছবি। এতিয়া অনাগত দিনত দেখা যাব যতীন বৰাই নিৰ্মান কৰিব লগা নতুন আন খন ছবিয়ে কেনেকৈ দৰ্শকক আকৰ্ষণ কৰিব।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.