ETV Bharat / state

গুৱাহাটীৰ শ্বহীদ ন্যাস সন্মুখত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ আছুৰ

author img

By

Published : Feb 1, 2021, 3:22 PM IST

Updated : Feb 1, 2021, 4:37 PM IST

দেওবাৰে শুৱালকুছিত নাগৰিকত্ব (সংশোধনী) আইন-2019 বিৰুদ্ধে আছুকর্মী প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰিছিল অসম আৰক্ষী ৷ তাৰেই প্ৰতিবাদত সোমবাৰে সদৌ গুৱাহাটীৰ ছাত্ৰ সন্থাই লতাশিলৰ শ্বহীদ ন্যাসৰ সমীপত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে ৷

aasu-protest-in-guwahati
মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

গুৱাহাটী, 1 ফেব্ৰুৱাৰী : পুনৰ প্ৰতিবাদত বহিল সদৌ অসম ছাত্ৰ সন্থা ৷ সোমবাৰে ৰাজ্যজুৰি আছুৱে দাহ কৰিলে ৰাজ্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি ৷

দেওবাৰে শুৱালকুচিত নাগৰিকত্ব (সংশোধনী) আইন-2019ৰ বিৰুদ্ধে আছুকর্মীয়ে সাব্যস্ত কৰিছিল প্ৰতিবাদ ৷ সেই প্ৰতিবাদস্থলীতেই অসম আৰক্ষীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল প্ৰতিবাদকাৰীসকলক ৷ দেওবাৰৰ সেই ঘটনাৰ পাছতেই গৰজি উঠিছে সদৌ অসম ছাত্ৰ সন্থা ৷

সোমবাৰে তাৰেই প্ৰতিবাদত সদৌ গুৱাহাটীৰ ছাত্ৰ সন্থাই লতাশিলৰ শ্বহীদ ন্যাসৰ সমীপত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে ৷ চৰকাৰ বিৰোধী প্ৰতিবাদে গুঞ্জৰিত হ’ল লতাশিলৰ শ্বহীদ ন্যাসৰ বাকৰি ৷ সদৌ গুৱাহাটীৰ ছাত্ৰ সন্থাৰ এই প্ৰতিবাদত উপস্থিত থাকে সদৌ গুৱাহাটীৰ ছাত্ৰ সন্থা সভাপতি আনোৱাৰ হুছেইনৰ লগতে আছুৰ বহু সদস্য ৷

মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

সদৌ গুৱাহাটীৰ ছাত্ৰ সন্থা সভাপতি আনোৱাৰ হুছেইনে মন্তব্য কৰে যে, প্ৰাক্তন সতীৰ্থৰ ফেচিষ্টবাদী আচৰণত লজ্জিত আছু । আন্দোলন কৰি মুখ্যমন্ত্ৰী হোৱা সোণোৱালে গণতান্ত্ৰিক আন্দোলনক আৰক্ষীৰ লগাই দমন কৰিবলৈ চেষ্টা কৰিছে । মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগে সৰ্বানন্দ সোণোৱালে ৷

লগতে পঢ়ক : সাধাৰণ বাজেটত অসমৰ পথ নিৰ্মাণৰ বাবে 34 হাজাৰ কোটি টকাৰ পেকেজ

Last Updated : Feb 1, 2021, 4:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.