গুৱাহাটী, 19ফেব্ৰুৱাৰী: ৰাজ্যত ধাৰাবাহিকভাৱে বৃদ্ধি হৈ থকা মূল্যবৃদ্ধিক লৈ সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীতো আছুৱে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই দীঘলিপুখীৰৰ পাৰত সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷
চলিত মাহৰ প্ৰথম ভাগতে ৰাজ্যত প্ৰতিলিটাৰ পেট্ৰল আৰু ডিজেলৰ মূল্য পাঁচটকাকৈ হ্ৰাস পাইছিল ৷ কিন্তু তাৰ পাছতেই ক্ৰমে প্ৰতিদিনেই বৃদ্ধি পাব ধৰিছে পেট্ৰল ডিজেলৰ মূল্য ৷ ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা পেট্ৰ’লজাত সামগ্ৰীৰ এনে মূল্যবৃদ্ধিকলৈ শুকুৰবাৰে সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি ৰূপায়ণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী ৷ ৰাজ্যৰ প্ৰতিখন জিলা সদৰ ঠাইত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অনতিপলমে এনে মূল্যবৃদ্ধি ৰোধ নকৰিলে জংঘী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ আছুৰ ৷
লগতে পঢ়কঃ মিচিং জনগোষ্ঠীক বিশ্বাসঘাটকতা কৰিলে ভূৱন আৰু ৰণোজ পেগুৱে