গুৱাহাটী,24 জানুৱাৰী : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰি ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তুলিছিল সদৌ অসম ছাত্ৰ সন্থাই ৷ দেওবাৰেও অনুৰূপভাৱে আন্দোলন, অমিত শ্বাহৰ অসম ভ্ৰমণক কেন্দ্ৰ কৰি বিক্ষোভ প্ৰদৰ্শন কৰিলে ছাত্ৰ সংগঠনটোৱে ৷ প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে ক’লা পতাকা উত্তোলন কৰিলে ছাত্ৰ সন্থাই ৷ স্বহীদ ন্যাসত ৰূপায়ণ কৰিলে এই কাৰ্যসূচী ৷ সদৌ অসম ছাত্ৰ সন্থা আহ্বান মৰ্মে ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ সমান্তৰালভাৱে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই শ্বহীদ ন্যাসত ক’লা পতাকা উত্তোলন কৰাৰ লগতে লগতে ৰাজপথত দাহ কৰিলে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ প্ৰতিলিপি ৷
গুৱাহাটীৰ সমান্তৰালভাবে বকো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমীপত আছুৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰ সন্থাই ৰূপায়ন কৰে এই প্ৰতিবাদ । CAAৰ প্ৰতিলিপি দাহৰ লগতে বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷
লগতে পঢ়কঃ নলবাৰীত নিৰ্বাচনী ৰণডংকা বজাব অমিত শ্বাহে