গুৱাহাটী,21অক্টোবৰঃ অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ প্ৰতিবাদত নুনমাটিত পূৱ-গুৱাহাটী ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু যোগান মন্ত্ৰী ফণীভুষন চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে ৷
আনহাতে অতিশীঘ্ৰে অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ মূল্যবৃদ্ধি যদি ৰোধ কৰিব নোৱাৰে তেন্তে পৰৱৰ্তী সময়ত ছাত্র সন্থাই ইয়াতকৈও ভয়াবহ আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দিয়ে চৰকাৰক।