গুৱাহাটী, 9 জানুৱাৰী: নাগৰিকত্ব সংশোধনী বিধেয়কৰ পৰা নাগৰিকত্ব সংশোধনী আইনলৈ যেন এক দীঘলীয়া পৰিক্ৰমা । স্থান আৰু পন্থা বেলেগ হ'লেও উদ্দেশ্য কেৱল এটাই নাগৰিকত্ব হয় সংশোধনী আইন মানি নলয় অসমীয়াই । অসমৰ জনতাৰ স্বাৰ্থত আছুৰ নেতৃত্বত চলি আছে "CAA" বিৰুদ্ধে ন ন পন্থাৰে প্ৰতিবাদ। বৃহস্পতিবাৰে এনেদৰে আছুৰ নেতৃত্বত চলিল প্ৰতিবাদ। মহানগৰীৰ গুৱাহাটী ক্লাৱৰ সমীপত ধাৰাবাহিকতা অক্ষুন্ন ৰাখি "CAA" বিৰুদ্ধে ৰণশিঙা বজালে প্ৰতিবাদী জনতাই।প্ৰতিবাদত উপস্থিত হ'ল প্ৰতিবাদী জনতাৰ লগতে দেবেন দত্ত, আৰু জুবিন গাৰ্গ।
লগতে পঢ়ক: মোজাম্মিলৰ ৰক্তে পাই ভাষা জিলমিল..!
কোনো কাৰণত মানি লোৱা নহয় নাগৰিকত্ব সংশোধনী আইন। ৰাইজে প্ৰতিবাদ চলাই আছে আৰু প্ৰতিবাদ চলাই নিয়া হ'ব বুলি প্ৰতিবাদত মন্তব্য কৰে আছুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই। আনহাতে প্ৰতিবাদস্থলীৰ পৰা চৰকাৰৰ সমালোচনা কৰি দেবেন দত্তই কয় যে অপশাসনৰ স্বৰূপ জনতাই এতিয়া ভাল কৈ বুজিলে যাৰ বাবে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে জনতা । এতিয়া প্ৰশ্ন হয় এই প্ৰতিবাদস্থলীৰ পৰা বজোৱা ৰণশিঙাৰ মাত শুনা পাব নে চৰকাৰ অথবা প্ৰধানমন্ত্ৰীয়ে। নে এনেদৰেই নিৰবিছিন্নভাবে প্ৰতিবাদ কৰি যাব লাগিব জনতাই ?