ETV Bharat / state

ভাৰতৰত্ব ড০ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত উপস্থিত আছুৰ নেতৃবৃন্দ

author img

By

Published : Nov 5, 2020, 10:12 PM IST

ভাৰতৰত্ব ড০ ভূপেন হাজৰিকাৰ নৱম সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে জালুকবাৰীস্থিত সুধাকণ্ঠৰ সমাধিক্ষেত্ৰত উপস্থিত হয় আছুৰ নেতৃবৃন্দ ৷ ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ পৰা আৰম্ভ কৰি দীপাংকৰ নাথ, লুৰিনজ্যোতি গগৈয়ে ভাৰতৰত্ব গৰাকীক শ্ৰদ্ধা জনায় ৷

aasu leader visit  samadhi_guwahati_jalukbari
ভাৰতৰত্ব ড০ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত উপস্থিত আছুৰ নেতৃবৃন্দ

কামৰূপ মেট্ট,5নৱেম্বৰ: আজি অসমীয়াৰ হিয়াৰ আমঠু ভাৰতৰত্ব ড০ ভূপেন হাজৰিকাৰ নৱম সংখ্যক মৃত্যু বাৰ্ষিকী । মৃত্যু বাৰ্ষিকী উপলক্ষে জালুকবাৰীস্থিত সুধাকণ্ঠৰ সমাধিক্ষেত্ৰত উপস্থিত হয় আছুৰ নেতৃবৃন্দ ।

সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংকৰ নাথ, সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈৰ লগতে কেইবা গৰাকীও বিষয়ববীয়াই প্ৰয়াত ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আছু নেতা কেইগৰাকীয়ে বিশ্ব বৰণ্য শিল্পী গৰাকীৰ প্ৰতিমূৰ্তিত পুস্পাঞ্জলী অৰ্পণ কৰি উঠি পুনৰ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷

নেতা কেইগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, ভাৰতৰত্ব গৰাকীৰ মৃত্যুৰ পিছৰে পৰা আছুয়ে কেইবাটাও দাবী উত্থাপন কৰি আহিছে । গুৱাহাটী ৰে'লৱে ষ্টেচনক ভূপেন হাজৰিকাৰ নামেৰে নামাকৰণ, ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা আদি ক্ষেত্ৰত চৰকাৰক উল্লেখনীয় পদক্ষেপ ল'বলৈ দাবী জনাই আহিছে । কিন্তু এই ক্ষেত্ৰত চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাৰ কাৰ্যত ক্ষোভ প্ৰকাশ কৰে আছুৰ নেতৃবৃন্দই । কেৱল জন্মদিন আৰু মৃত্যু দিনত ভূপেন হাজৰিকাক মনত পেলালেই প্ৰকৃতাৰ্থত শ্ৰদ্ধা জনোৱা নুবুজায় বুলি উল্লেখ কৰে আছু নেতৃবৃন্দই ৷

অন্য এক খবৰৰ বাবে: ধেমাজিত আৰক্ষীৰ হাতৰ পৰাই চোৰে লুটি নিলে নগদ 10লাখ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.