ETV Bharat / state

কাৰ বিৰুদ্ধে আছুৱে ধাৰাবাহিকভাৱে চলাই নিব সংগ্ৰাম - CAA ASSAM LATEST NEWS

ন ন কৌশলেৰে ধাৰাবাহিক ভাৱে 'কা' বাতিল নোহোৱাৰ পর্যন্ত সংগ্ৰাম চলাই নিয়াৰ ঘোষণা। লগতে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে 30 জনগোষ্ঠীয় সংগঠন আৰু অসমৰ আন্দোলনৰ লগত জড়িত সকলো দল সংগঠন আৰু শিল্পী সমাজৰ লগত এক গোট হৈ সমন্বয় ৰক্ষা কৰি বাতিলৰ বাবে আছুৱে চলাই নিব সংগ্ৰাম ৷

কাৰ বিৰুদ্ধে আছুৱে ধাৰাবাহিকভাৱে চলাই নিব সংগ্ৰাম

author img

By

Published : Feb 28, 2020, 10:04 PM IST

গুৱাহাটী,28 ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ এখন প্ৰতিনিধি সভা অনুষ্ঠিত হয় শুকুৰবাৰে । এই সভাত বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতাৰ বাবে ন ন কৌশল প্ৰস্তুত কৰা সম্বন্ধীয় বিষয় আগত ৰাখি আলোচনা কৰা হয়। সভাত উপস্থিত থাকে মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য,সভাপতি দীপাংকৰ নাথ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ লগতে আছুৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া জিলা মহকুমাৰ প্ৰতিনিধি সকল। বৃহস্পতি বাৰে আছুৰ কাৰ্য নিৰ্বাহক সভা হৈ যোৱাৰ পিছত আজি অনুষ্ঠিত হয় প্ৰতিনিধি সভা ।

কাৰ বিৰুদ্ধে আছুৱে ধাৰাবাহিকভাৱে চলাই নিব সংগ্ৰাম
সভা অনুষ্ঠিত হোৱাৰ পূৰ্বে আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সভাৰ সন্দৰ্ভৰ মন্তব্য প্ৰকাশ কৰি কয় যে আছুৰ বৃহস্পতি বাৰে অনুষ্ঠিত হৈ যোৱা কাৰ্যনিৰ্বাহ সভাৰ পিছৰ এই প্ৰতিনিধি সভাত আগন্তুক 'কা' আন্দোলনৰ বাবে ৰণকৌশল তৈয়াৰ আৰু বিকল্প ৰাজনৈতিক দলৰ সন্দৰ্ভত সকলো আলোচনা চলি থকাৰ কথা প্ৰকাশ কৰে। ৰাজ্য চলি থকা পৰীক্ষাৰ বাবে স্তিমিত হৈছে 'কা' আন্দোলন। পৰীক্ষা সমূহ সমাপ্ত হোৱাৰ পিছতে ৰাজ্যৰ জুৰি পুনৰ তীব্ৰতৰ হ'ব আন্দোলন। অহিংস,শৃংখলাবদ্ধ আৰু গণতান্ত্ৰিকভাৱে সমগ্ৰ অসমত চলিব কা বিৰোধী প্ৰতিবাদ। ন ন কৌশলেৰে ধাৰাবাহিক ভাৱে 'কা' বাতিল নোহোৱাৰ পর্যন্ত সংগ্ৰাম চলাই নিয়াৰ ঘোষণা। লগতে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে 30 জনগোষ্ঠীয় সংগঠন আৰু অসমৰ আন্দোলনৰ লগত জড়িত সকলো দল সংগঠন আৰু শিল্পী সমাজৰ লগত এক গোট হৈ সমন্বয় ৰক্ষা কৰি বাতিলৰ বাবে ন ন আন্দোলনৰ কাৰ্যসূচী কি হ'ব পাৰে সেই বিষয়ে আলোচনা চলাই থকা হৈছে বুলি জানিবলৈ দিয়ে উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

লগতে চাওকঃ

গোলাঘাটত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ উদ্ধোধন ৰঞ্জিত দাসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.