ETV Bharat / state

কেবৰ বিৰুদ্ধে পুনৰ জ্বলি উঠিছে উত্তৰ-পূৰ্ৱাঞ্চল - AASU protest against CAB

চৰকাৰে সংখ্যাগৰিষ্ঠতা থকাৰ বাবেই অসাংবিধানিক, অগণতান্ত্ৰিক নাগৰিকত্ব সংশোধনী বিধেয়ক অসমৰ মানুহৰ ওপৰত জাপি দিয়া কাৰ্যক কোনো কালেই গ্ৰহণ নকৰোঁ বুলি স্পষ্ট কৰি দিয়ে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে ৷

কেবৰ বিৰুদ্ধে পুনৰ জ্বলি উঠিছে উত্তৰ-পূৰ্ৱাঞ্চল
author img

By

Published : Nov 15, 2019, 9:46 PM IST

গুৱাহাটী, 15 নৱেম্বৰঃ কেবৰ বিৰুদ্ধে পুনৰ জ্বলি উঠিছে ৰাজ্যৰ লগতে উত্তৰ-পূৰ্ৱাঞ্চল ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ বাবে বদ্ধ-পৰিকৰ শাসকীয় গেৰুৱা দল ৷ দল-সংগঠন তথা ৰাইজৰ সবল প্ৰতিবাদৰ পিছতো কেবৰ ক্ষেত্ৰত হেৰ-ফেৰ কৰা নাই শাসকীয় দলটোৱে ৷ শীতকালীন অধিৱেশনত কেব উত্থাপন হ'ব বুলি ইতিমধ্যেই বিজেপিয়ে স্পষ্ট কৰি দিছে ৷

কেবৰ বিৰোধিতা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

উল্লেখ্য যে, চৰকাৰৰ উক্ত সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদত সৰৱ হৈ উঠিছে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে উত্তৰ-পূৰ্ৱাঞ্চলৰ সন্মিলিত সংগঠনৰ যৌথ মঞ্চ নেছ’ ৷ 18 নৱেম্বৰ তাৰিখে উত্তৰ-পূৱৰ সকলো ৰাজ্যৰ ৰাজভৱনৰ সমীপত কেব বিৰোধী প্ৰতিবাদেৰে উত্তাল কৰিব নেছ’ই ৷ ইটিভি ভাৰতৰ আগত এই কথা সদৰী কৰে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷ চৰকাৰে সংখ্যাগৰিষ্ঠতা থকাৰ বাবেই অসাংবিধানিক, অগণতান্ত্ৰিক নাগৰিকত্ব সংশোধনী বিধেয়ক অসমৰ মানুহৰ ওপৰত জাপি দিয়া কাৰ্যক কোনো কালেই গ্ৰহণ নকৰোঁ বুলি স্পষ্ট কৰি দিয়ে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে ৷

তাৰোপৰি কেৱল ভোটৰ স্বাৰ্থত বিজেপিয়ে ধৰ্মীয় মেৰুকৰণেৰে বাংলাদেশীক নাগৰিকত্ব দিয়াৰ যোজা চলাই আছে বুলি কৈ দলটোক কঠোৰ ভাষাৰে সমালোচনা কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷ লগতে শাসকীয় দলটোক অসম বিৰোধী কাৰ্যকলাপ বন্ধ কৰিবলৈও সকিয়নী প্ৰদান কৰে ৷

Intro:নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ বাবে বদ্ধপৰিকৰ শাসকীয় বিজেপি। দল সংগঠন তথা ৰাইজৰ সবল প্ৰতিবাদৰ পিছতো কেবৰ ক্ষেত্ৰত হেৰ ফেৰ নকৰে শাসকীয় বিজেপি। শীতকালীন অধিবেশনত কেব উত্থাপন হ'ব বুলি ইতিমধ্যেই বিজেপিয়ে স্পষ্ট কৰিছে। কেবৰ বিৰুদ্ধে এতিয়া জ্বলি উঠিছে ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ। অহা ১৮ নৱেম্বৰ তাৰিখে উত্তৰ-পূৱজুৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিব নেছ'ৱে। সদৌ অসম ছাত্ৰ সন্থা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সন্মিলিত সংগঠনৰ যৌথ মঞ্চ অৰ্থাৎ নেছ'ই হাতত লৈছে এই প্ৰতিবাদী কাৰ্যসূচী। উত্তৰ-পূবৰ সকলো ৰাজ্যৰ ৰাজভৱনৰ সমীপত কেব বিৰোধী প্ৰতিবাদেৰে পৰিৱেশ উত্তাল কৰিব নেছ'ই। ইটিভি ভাৰতৰ আগত এই কথা জনালে আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। চৰকাৰে সংখ্যাগৰিষ্ঠতা থকাৰ বাবেই অসাংবিধানিক, অগণতান্ত্ৰিক নাগৰিকত্ব সংশোধনী বিধেয়ক অসমৰ মানুহৰ ওপৰত জাপি কাৰ্য কোনো কালেই গ্ৰহণ নকৰোঁ বুলি স্পষ্ট কৰি দিয়ে ভট্টাচাৰ্যই। তাৰোপৰি কেৱল ভোটৰ স্বাৰ্থত বিজেপিয়ে ধৰ্মীয় মেৰুকৰণেৰে বাংলাদেশীক নাগৰিকত্ব দিয়াৰ যোজা চলাই আছে বুলি কৈ দলটোক কঠোৰ ভাষাৰে সমালোচনা কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। বিজেপিক অসম বিৰোধী কাৰ্যকলাপ বন্ধ কৰিবলৈও সকিয়াই দিয়ে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে। মুঠৰ ওপৰত বিজেপিৰ বাংলাদেশীপ্ৰীতিৰ বাবেই যে পুণৰ উত্তৰ-পূৰ্বাঞ্চল জ্বলিব সেয়া নিশ্চিত।

Body:HIRUL HAQUE

Conclusion:GUWAHATI
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.