ETV Bharat / state

AAP protest at Guwahati:গুৱাহাটীত আপৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিভিন্ন দাবীৰ সমৰ্থনত দীঘলীপুখুৰী পাৰত আম আদমি পাৰ্টীৰ প্ৰতিবাদ । মহানগৰীৰ সকলো পৰিয়ালক খোৱাপানীৰ যোগান ধৰা,ৰাজ্যত চলি থকা ছিণ্ডিকেট বন্ধ কৰা (AAP demand for Shutting down syndicate), অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ, সম্পত্তি কৰ আৰু অন্যান্য বৰ্ধিত কৰ প্ৰত্যাহাৰ কৰাৰ দাবীত এই প্ৰতিবাদ ।

j
g
author img

By

Published : Oct 19, 2022, 9:21 PM IST

গুৱাহাটী, ১৯ অক্টোবৰ:বৰ্ধিত বিদ্যুৎ মাচুল গ্ৰাহকক ঘুৰাই দিয়া, মহানগৰীৰ সকলো পৰিয়ালক খোৱাপানীৰ যোগান ধৰা, ৰাজ্যত চলি থকা ছিণ্ডিকেট বন্ধ কৰা ,অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ,সম্পত্তি কৰ আৰু অন্যান্য বৰ্ধিত কৰ প্ৰত্যাহাৰ কৰাৰ দাবী জনাই বুধবাৰে আম আদমি পাৰ্টীয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । কামৰূপ মহানগৰ জিলা সমিতিয়ৰ উদ্যোগত আম আদমি পাৰ্টীয়ে দীঘলীপুখুৰী পাৰত উক্ত (AAP protest at Guwahati) প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

সংগঠনটোৰ পূৰ্বঘোষিত কাৰ্যসূচী অনুযায়ী আপৰ প্ৰতিবাদকাৰীসকলে পুৱা দীঘলীপুখুৰী পাৰত (AAP protest against tax at Dighalipukhuri Par) মিলিত হয় । তাৰ পিছত প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ,ফেষ্টুন লৈ চৰকাৰ বিৰোধী ধ্বনি দিয়াৰ লগে লগে দীঘলীপুখুৰী পাৰত মোতায়েন হৈ থকা আৰক্ষী বাহিনীয়ে প্ৰতিবাদকাৰীসকলক বাধা দিয়ে । আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক জোৰ কৰি আৰক্ষীৰ বাছত উঠায় আটক কৰি পানবাজাৰ আৰক্ষী থানালৈ লৈ যায় ।

AAP protest at Guwahati:
গুৱাহাটীত আপৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

উক্ত কাৰ্যসূচীত অংশ লৈ আপ অসমৰ ৰাজ্যিক সমন্বয়ক (AAP Assam state coordinator) ডাঃ ভবেন চৌধুৰীয়ে কয় যে গণতান্ত্ৰিক প্ৰতিবাদক ভয় কৰা বিজেপি চৰকাৰখনে আৰক্ষী প্ৰশাসনক লগাই আম আদমিৰ মুখ বন্ধ কৰিব বিচাৰিছে । তেওঁ পুনৰ কয় যে বি জে পি চৰকাৰে দেশৰ গণতন্ত্ৰ ধ্বংস কৰিছে । বি জে পি চৰকাৰৰ জনবিৰোধী নীতিৰ বাবে দেশত অৰাজক অৱস্থাৰ সৃষ্টি হৈছে । বৰ্ধিত বিদ্যুৎ মাচুলে গ্ৰাহকক জ্বলা কলা খুৱাইছে । অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে চৰকাৰৰ কোনো পদক্ষেপ নাই বুলি তেওঁ অভিযোগ কৰে ।

এই কাৰ্যসূচীৰ জৰিয়তে আপ অসমৰ ৰাজ্যিক সমন্বয়ক ডাঃচৌধুৰীয়ে বৰ্ধিত বিদ্যুৎ মাচুল গ্ৰাহকক ঘুৰাই দিয়া,মহানগৰীৰ সকলো পৰিয়ালক খোৱাপানীৰ যোগান ধৰাৰ লগতে ৰাজ্যত চলি থকা ছিণ্ডিকেট বন্ধ কৰিবলৈ দাবী জনায় । তেওঁ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ উপৰি সম্পত্তি কৰ আৰু অন্যান্য বৰ্ধিত কৰ প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক দাবী জনায় ।

লগতে পঢ়ক:Janardan Deva Goswami controversy: জনাৰ্দ্দনৰ্দ্দ দেৱগোস্বামীৰ বিৰুদ্ধে মাজুলী জু ত অধ্যাপকৰ গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.