গুৱাহাটী, ২৮ ছেপ্টেম্বৰ: ‘২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিৰোধী ঐক্য মঞ্চ I.N.D.I.A. ই দেশৰ শাসন ক্ষমতা দখল কৰিব ।’ গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি আইটিএ কেন্দ্ৰত বৃহস্পতিবাৰে অনুষ্ঠিত এখন সংবাদমেলত ৰাজ্যসভাৰ সাংসদ তথা আপৰ ৰাষ্ট্ৰীয় নেতা সঞ্জয় সিং এই দাবী কৰে । তেওঁ কয় যে ২০২৪ চনত লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ বাবে বিৰোধী ঐক্য মঞ্চ ‘I.N.D.I.A.’ৰ সহযোগী দলবোৰে নিৰ্বাচনী কুজকাৱাজ আৰম্ভ কৰিছে ।
-
VIDEO | "Party workers from across Assam took part in this conclave today. We have taken a resolve to beat the NDA government in the 2024 elections, and make INDIA (alliance) win," says AAP leader @SanjayAzadSln while speaking to media in Guwahati, Assam. pic.twitter.com/JkyqYbyYhd
— Press Trust of India (@PTI_News) September 28, 2023 " class="align-text-top noRightClick twitterSection" data="
">VIDEO | "Party workers from across Assam took part in this conclave today. We have taken a resolve to beat the NDA government in the 2024 elections, and make INDIA (alliance) win," says AAP leader @SanjayAzadSln while speaking to media in Guwahati, Assam. pic.twitter.com/JkyqYbyYhd
— Press Trust of India (@PTI_News) September 28, 2023VIDEO | "Party workers from across Assam took part in this conclave today. We have taken a resolve to beat the NDA government in the 2024 elections, and make INDIA (alliance) win," says AAP leader @SanjayAzadSln while speaking to media in Guwahati, Assam. pic.twitter.com/JkyqYbyYhd
— Press Trust of India (@PTI_News) September 28, 2023
সংবাদমেলত সাংবাদিকৰ প্ৰশ্নোত্তৰত আপৰ ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে কয় যে এতিয়ালৈকে I.N.D.I.A.ৰ সহযোগী দলবোৰে নিৰ্বাচনৰ বাবে আসন নিৰ্ধাৰণ কৰা নাই । এই সন্দৰ্ভত অহা অক্টোবৰত মুম্বাইত অনুষ্ঠিত হ’বলগীয়া ‘I.N.D.I.A.’ৰ সকলো সহযোগী দলৰ সভাত 'I.N.D.I.A.' ৰ সহযোগী দলবোৰে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলগীয়া আসন নিৰ্ধাৰণ কৰিব ।
সংবাদমেলত তেওঁ কয় যে নৰেন্দ্ৰ মোদী দেশৰ জনসাধাৰণৰ বন্ধু নহয় । আদানীৰহে বন্ধু । নৰেন্দ্ৰ মোদী ইণ্ডিয়াৰ প্ৰধানমন্ত্ৰী নহয়, আদানীৰ প্ৰধানমন্ত্ৰী । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো ৰাজহুৱা সম্পত্তি এটা এটাকৈ আদানীক গতাই দিছে ।
সঞ্জয় সিঙে কয় যে যোৱা ৯ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোনো প্ৰতিশ্ৰুতি পূৰণ নকৰিলে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৯ বছৰে দেশৰ জনতাক ঠগিছে ।
তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ ১০ কোটি টকা ৰাজসাহায্য আৰু ভূমি কেংলেকাৰীৰ বিষয়টো উত্থাপন কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰক্ষণাবেক্ষণা দি থকাৰ বাবে ইয়াৰ তদন্ত হোৱা নাই । সংবাদমেলৰ জৰিয়তে ৰাজ্যসভাৰ সাংসদ তথা আপৰ ৰাষ্ট্ৰীয় নেতা সঞ্জয় সিঙে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ ১০ কোটি টকা ৰাজসাহায্য আৰু ভূমি কেংলেকাৰীৰ তদন্ত কৰাৰ বাবে দাবী জনায় ।
ইফালে, আপৰ ৰাষ্ট্ৰীয় নেতা সঞ্জয় সিঙে আপ অসমৰ উদ্যোগত মাছখোৱাস্থিত প্ৰাগজ্যোতি আইটিএ কেন্দ্ৰত অনুষ্ঠিত বিকাশ সন্মিলনত অংশগ্ৰহণ কৰে । লগতে তেওঁ আপৰ ৰাজ্যিক সমিতিৰ লগত বৈঠকত মিলিত হয় ।