ETV Bharat / state

Assam HSLC : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মাচুল বিনামূলীয়া কৰাৰ দাবী আপৰ

author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 9:05 PM IST

Updated : Sep 29, 2023, 10:05 PM IST

আপ অসমৰ তৰফৰ পৰা শুকুৰবাৰে অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষক এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয় ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মাচুল বিনামূলীয়া কৰাৰ দাবী ৷

AAP Assam Submit Memorandum to Chairman of SEBA
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মাচুল বিনামূলীয়া কৰাৰ দাবী
মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষক এখন স্মাৰক পত্ৰ প্ৰদান

গুৱাহাটী, 29 ছেপ্টেম্বৰ : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবদ মাচুল সংগ্ৰহ কৰা সন্দৰ্ভত আপ অসমৰ তৰফৰ পৰা শুকুৰবাৰে অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষক এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয় ৷ আপ অসমৰ নেতা ৰুদ্ৰাংকুৰ হাজৰিকাৰ নেতৃত্বত যোৱা আপৰ এটা প্ৰতিনিধিৰ দলে আগন্তক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া সমূহ পৰীক্ষাৰ্থীক মাচুল আদায় নিদিয়াকৈ বিনামূলীয়াকৈ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ প্ৰদান কৰাৰ দাবী তুলি অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষক এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷

স্মাৰক পত্ৰ প্ৰদানৰ অন্তত আপৰ নেতা ৰুদ্ৰাংকুৰ হাজৰিকাই কয় যে, "আম আদমি পাৰ্টীৰ তৰফৰ পৰা 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ নামত প্ৰতিজনৰ পৰা 2,200 টকাকৈ সংগ্ৰহ কৰাৰ সিদ্ধান্তক আমি বিৰোধিতা কৰিছো ৷ পৰীক্ষাৰ মাচুলৰ নামত ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ মূৰত বৃহৎ আৰ্থিক বোজা জাপি দিয়া কার্যক আমি কোনোপধ্যেই মানি নল'ও আৰু এই নিৰ্দেশনা বাতিলৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছো ৷" তেওঁ কয় যে অত্যাধিক মূল্যবৃদ্ধি আৰু কৰৰ বোজাত বন্দী শিক্ষাৰ্থী সকলৰ পৰিয়ালক এই বৃহৎ পৰিমাণৰ মাচুলৰ বাবে পৰীক্ষাৰ প্ৰাকক্ষণত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ সন্মুখত ডাঙৰ সংকটে দেখা দিব ৷

যি সময়ত চৰকাৰখনে জিলাই জিলাই কেবিনেট বৈঠক অনুষ্ঠিত কৰি বা হিতাধিকাৰীৰ নামত হাজাৰ হাজাৰ কোটি টকাৰ অপচয় কৰিছে, নদী পূজা, অমৃত কলহ আদি অনুষ্ঠানৰ নামত কোটি কোটি টকাৰ খৰচ কৰিছে, সেই সময়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ পৰা 2,200 টকাকৈ মাচুল সংগ্ৰহ কৰিবলৈ লোৱাটো গৰিহণাৰ যোগ্য বুলি কয় তেওঁ ৷ নিৰ্বাচনৰ সময়ত বিনামূলীয়া আৰু উন্নত মানৰ শিক্ষাৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনৰ আজি শোচনীয় বিত্তীয় অৱস্থাৰ বোজা ছাত্ৰ-ছাত্ৰীৰ ওপৰত জাপি দিবলৈ ওলোৱাটোক তেওঁ ধিক্কাৰ জনায় কয় যে কাৰণ আৰ্থিক অভাৱৰ বাবেই বহু শিশুৱে আধাতে বিদ্যালয় এৰাৰ ঘটনা অসমত দেশৰ ভিতৰতে সৰ্বাধিক ৷ শিক্ষা বিভাগে আনুষ্ঠানিকভাৱে স্বীকাৰ নকৰিলেও শিক্ষা সেতু এপত বিগত বছৰত পঞ্জীয়ন নকৰা 6 লক্ষাধিক ছাত্ৰ-ছাত্ৰীয়ে আধাতে বিদ্যালয় এৰাটো নিশ্চিত হৈ পৰিছে বুলি তেওঁ কয় ৷

লগতে পঢ়ক : 100 Crores Scam : এশ কোটিৰ কেলেংকাৰীৰ অভিযোগ খণ্ডন তুলিৰাম ৰংহাঙৰ; অভিযোগ প্ৰমাণ কৰিব পাৰিলে ৰাজনৈতিক জীৱনৰ পৰা সন্যাস লোৱাৰ ঘোষণা

Last Updated : Sep 29, 2023, 10:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.