ETV Bharat / state

Tinsukia rape case: ধৰ্ষণকাৰী বিজেপি নেতা সমুদ্ৰ ৰায় লিম্বুক লুকুৱাই ৰাখিছে নেকি চৰকাৰৰ লোকে; আপৰ প্ৰশ্ন - আম আদমি পাৰ্টী

তিনিচুকীয়াৰ কাটানি গাঁৱৰ 13 বছৰীয়া কিশোৰীৰ ধৰ্ষণকাণ্ড সন্দৰ্ভত সৰৱ হ’ল আপ ? অচিৰেই ধৰ্ষণৰ অভিযুক্ত বিজেপি নেতাক গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন আপৰ (AAP Press meet on arrest rapist Samudra Rai Limbu) ৷

AAP Press meet on arrest rapist Samudra Rai Limbu
ধৰ্ষণকাৰী বিজেপি নেতা সমুন্দ্ৰ ৰায় লিম্বুক লুকুৱাই ৰাখিছে নেকি চৰকাৰৰ লোকে -আপ
author img

By

Published : Apr 28, 2023, 10:27 PM IST

ধৰ্ষণকাৰী বিজেপি নেতা সমুন্দ্ৰ ৰায় লিম্বুক লুকুৱাই ৰাখিছে নেকি চৰকাৰৰ লোকে -আপ

গুৱাহাটী, 28 এপ্ৰিল: এমাহ পৰ্যন্ত ন্যায় নাপালে এটা দুৰ্ভগীয়া পৰিয়ালে ৷ ক’লৈ গ’ল অপৰাধী ? বিজেপিৰ নেতা হোৱা বাবেই পলুৱাই ৰখা হৈছে নেকি ধৰ্ষণকাৰীক (Minor girl rape in Tinsukia) ? উল্লেখ্য যে যোৱা ইংৰাজী ২০ মাৰ্চ তাৰিখে তিনিচুকীয়া জিলাৰ বৰডুবি আৰক্ষী থানাৰ অন্তৰ্গত কাটানি গাঁৱৰ নিবাসী জনৈক প্ৰজাৰ ১৩ বছৰীয়া কন্যা সন্তানক ধৰ্ষণ কৰাৰ অভিযোগ উঠিছিল পঞ্চায়তৰ সভাপতি তথা বিজেপি সদস্য সমুদ্ৰ ৰায় লিম্বুৰ বিৰুদ্ধে । পৰৱৰ্তী পৰ্যায়ত এই ঘটনাৰ কথা স্থানীয় আৰক্ষীক অৱগত কৰোৱাৰ পিচতো নিৰৱ ভূমিকা পালন কৰিছিল আৰক্ষীয়ে (Protest demanding justice of a Rape victim) ।

ইফালে দিনৰ ওপৰি দিন উকলি যোৱাৰ পাচতো ভুক্তভোগী পৰিয়ালটোৱে ন্যায় নোপোৱাত কিশোৰীগৰাকীৰ ৪৫ বছৰীয়া মাতৃয়ে বিহুৰ দিনা অৰ্থাৎ 14 এপ্ৰিলৰ দিনটোতেই আত্মহননৰ পথ বাচি লয় (Rape victims mother suicide) । এই ঘটনাৰ খবৰ পোৱাৰ পিচতে স্থানীয় শ শ ৰাইজ ওলাই সন্ধিয়া বাহাদুৰ চাৰিআলি ঘাইপথ অৱৰোধ কৰাৰ লগতে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিছিল (Protest in Tinsukia)। কিন্তু আজিলৈ আৰক্ষীৰ জালত নপৰিল ধৰ্ষণৰ অভিযুক্ত সমুদ্ৰ ৰায় লিম্বু (Rape accused not arrested yet)৷

ইয়াৰ পিচতে শুকুৰবাৰে নাবালিকাক ধৰ্ষণ কৰা বিজেপি নেতা সমুন্দ্ৰ ৰায় লিম্বুক গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছে আম আদমী পাৰ্টীয়ে (AAP Press meet on arrest rapist Samudra Rai Limbu) । আপৰ গুৱাহাটীৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি দলৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই এই দাবী উত্থাপন কৰি কয় যে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত অসমৰ কন্যা শিশু, নাবালিকা, যুৱতী আৰু মহিলা যে তিলমানো সুৰক্ষিত নহয়, শেহতীয়াকৈ তিনিচুকীয়াৰ কাটানি গাঁৱত হোৱা এই দুখজনক ঘটনাই উদঙাই দিছে । এগৰাকী কিশোৰীক বিজেপিৰ গাঁও পঞ্চায়তৰ সভাপতিয়ে মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ লগতে বলাৎকাৰ কৰাৰ পাছতো অভিযুক্তজনৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো আইনী ব্যৱস্থা গ্ৰহণ কৰা নাই (AAP slams CM Himanta Biswa Sarma)।

বিজেপি চৰকাৰক সমালোচনা কৰি অনুৰূপা ডেকাৰজাই কয় যে, 'বেটী বাচাও, বেটী পঢ়াও'ৰ দৰে শুনিবলৈ ভাল লগা শ্ল'গান দি ক্ষমতা দখল কৰা বিজেপি চৰকাৰৰ দিনত মহিলাৰ সুৰক্ষাৰ বাবে চৰকাৰে কৰিবলগীয়া ন্যূনতম দায়িত্বখিনিও পালন কৰা নাই (AAP press meet on Tinsukia rape case)। যোৱা ২১ মাৰ্চতে ভুক্তভোগী পৰিয়ালটোৱে বৰডুবি থানাত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল । নাবালিকা কন্যাৰ ন্যায় নাপাই কিশোৰীগৰাকীৰ মাতৃয়ে আত্মহত্যা কৰিবলৈ বাধ্য হ'ল (Minor rape at Katani Village)। একেখন ঘৰতে দুটাকৈ দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱাৰ পাচতো চৰকাৰৰ গা লৰা নাই ।

লগতে পঢ়ক: Moral police incidents of Assam: সভ্য সমাজৰ চাবিকাঠি আমিয়েই গতাইছো নেকি মৰেল পুলিচৰ হাতত !

তেওঁ লগতে কয় যে, দুৰ্ভগীয়া পৰিয়ালটোৰ ন্যায়ৰ হকে আম আদমী পাৰ্টীয়ে মাত মাতি যাব । ভুক্তভোগী পৰিয়ালটোক চৰকাৰে সাহায্য দিয়াৰ লগতে কিশোৰীগৰাকীৰ ভৰণ-পোষণৰ সমস্ত দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে ল'বই লাগিব । অন্যথা আম আদমী পাৰ্টীয়ে ইয়াৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও তেওঁ হুংকাৰ দিয়ে ।

এই সংবাদমেলত মুখপাত্ৰ অনুৰূপা ডেকাৰজাৰ লগতে মহিলা শক্তিৰ সম্পাদিকা মিতালী গগৈ ঢেকিয়াল ফুকন আৰু কামৰূপ মহানগৰ জিলাৰ উপ-সভানেত্ৰী হেপ্পী গগৈও উপস্থিত থাকে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.