ETV Bharat / state

সোণোৱাল চৰকাৰক সমূলি ব্যৰ্থ হিচাপে প্ৰতিপন্ন কৰাৰ চেষ্টা আপৰ

author img

By

Published : Oct 30, 2020, 7:23 PM IST

আপ-অসমৰ সমন্বয়ক ডাঃ ভবেন চৌধুৰীয়ে কয় যে, অসমত যি হাৰত আলু, পিয়াঁজ, মিঠাতেল, দাইলৰ লগতে আন আন সামগ্ৰীৰ দাম বাঢ়িবলৈ লৈছে, দুখীয়া মানুহে সেইবোৰ ইতিমধ্যে কিনিব নোৱাৰা অৱস্থা হৈছে । বহু মানুহে পিয়াঁজ খোৱা বাদ দিবলৈ বাধ্য হৈছে । ইয়াৰ পাচতো সৰ্বান্দ সোণোৱাল চৰকাৰ নিৰ্বিকাৰ হৈ বহি আছে । এতিয়া চৰকাৰ চলি আছে নে নাই ইয়াৰ অস্তিত্ব বিচাৰি পাবলৈ নাই । বজাৰত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম প্ৰতিদিনে বাঢ়িয়েই আছে । অথচ ইয়াক ৰাজ্য চৰকাৰে নিয়ন্ত্ৰণ কৰিব যে লাগে, সেই দায়িত্বও পাহৰি গৈছে ।

aam admi party
সোণোৱাল চৰকাৰক সমূলি ব্যৰ্থ হিচাপে প্ৰতিপন্ন কৰাৰ চেষ্টা আপৰ

গুৱাহাটী, 30 অক্টোবৰ : মূল্যবৃদ্ধিয়ে কোঙা কৰিছে জনতাক, কিন্তু কাণসাৰ নাই চৰকাৰৰ ৷ কৰ্মসংস্থাপন সৃষ্টি নকৰি চৰকাৰে নৱ-প্ৰজন্মক অন্ধকাৰৰ দিশলৈ ঠেলি দিছে ৷ এই গুৰুতৰ অভিযোগ আম আদমি পাৰ্টী অসমৰ ৷ শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে দলটোৱে ৷ সংবাদমেলত কয় যে, এতিয়া চৰকাৰ চলি আছে নে নাই ইয়াৰ অস্তিত্ব বিচাৰি পাবলৈ নাই । বজাৰত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম প্ৰতিদিনে বাঢ়িয়েই আছে । অথচ ইয়াক ৰাজ্য চৰকাৰে নিয়ন্ত্ৰণ কৰিব যে লাগে, সেই দায়িত্বও পাহৰি গৈছে । খাদ্য আৰু অসামৰিক যোগান বিভাগটোৰ অস্তিত্ব বিচাৰি পাবলৈ নাই বৰ্তমান । এই ভাষ্য আম আদমী পাৰ্টীৰ নেতৃত্বৰ ।

আপ-অসমৰ সমন্বয়ক ডাঃ ভবেন চৌধুৰীয়ে কয় যে, অসমত যি হাৰত আলু, পিয়াঁজ, মিঠাতেল, দাইলৰ লগতে আন আন সামগ্ৰীৰ দাম বাঢ়িবলৈ লৈছে, দুখীয়া মানুহে সেইবোৰ ইতিমধ্যে কিনিব নোৱাৰা অৱস্থা হৈছে । বহু মানুহে পিয়াঁজ খোৱা বাদ দিবলৈ বাধ্য হৈছে । ইয়াৰ পাচতো সৰ্বান্দ সোণোৱাল চৰকাৰ নিৰ্বিকাৰ হৈ বহি আছে । কেন্দ্ৰৰ বিজেপি চৰকাৰে জনবিৰোধী কৃষি আইন বলবৎ কৰি আলু, পিয়াঁজ, খোৱা তেল, দাইল, চাউল আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰপৰা আঁতৰাই দিলে । সেয়ে এই সামগ্ৰীসমূহৰ দাম দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে ।

সামগ্ৰী মজুতকৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰে পূৰ্বৰ নিষেধাজ্ঞা উঠাই দিয়াত অসাধু ব্যৱসায়ীয়ে উৎসতে সামগ্ৰীৰ কৃত্ৰিম নাটনি সৃষ্টি কৰি দাম বঢ়াই দিব পৰা হোৱাত মূল্যবৃদ্ধিয়ে আকাশ চুইছেগৈ । এফালে কেন্দ্ৰীয় চৰকাৰে দেশৰ দুখীয়া জনতাক ৰাম টাঙোন শোধাইছে আৰু আনফালে অসমত সোণোৱাল চৰকাৰখনে শীত নিদ্ৰাত থাকি জনতাক জলা-কলা খুৱাইছে বুলি ক্ষোভ ব্যক্ত কৰে নেতাগাৰীকয়ে । যোৱা ২৭ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতিয়ে কৃষি বিধেয়ক তিনিখনত চহী কৰিছিল । তাৰ পাচতে আজিলৈকে বজাৰত আলুৰ দাম ২৮ শতাংশ বৃদ্ধি পালে । পিয়াঁজৰ দাম চলিত মাহৰ ভিতৰত বৃদ্ধি পালে ৬৭.৫ শতাংশ । যোৱা ২৭ ছেপ্টেম্বৰত গুৱাহাটীত আলু আৰু পিয়াঁজৰ পাইকাৰী দাম আছিল প্ৰতি কিলোগ্ৰামত ক্ৰমে ৩৬ টকা আৰু ২৬ টকা । কিন্তু এই পাইকাৰী দাম ২৫ অক্টোবৰত হয়গৈ প্ৰতি কিলোগ্ৰামত ক্ৰমে ৩৯ টকা আৰু ৬৪ টকা । মিঠাতেলৰ দাম প্ৰতি লিটাৰত ডেৰশ টকা হৈছে গৈ । মচুৰ দাইলৰ দামো প্ৰতিকিলোত ৯০ টকা, মগু দাইল ১২০ টকা ।

কৰ’না মহামাৰীৰ সময়ত সাধাৰণ মানুহৰ উপাৰ্জন নোহোৱা হোৱাৰ মাজতে বিজেপি চৰকাৰে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ নকৰি ইয়াৰ চৰম দায়িত্বহীনতাক প্ৰমাণ কৰিলে । ডাঃ চৌধুৰীয়ে অভিয়োগ কৰে যে, সোণোৱাল চৰকাৰখনে পাহৰি গৈছে চৰকাৰ আৰু দলৰ মাজৰ পাৰ্থক্য । এতিয়া মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়া বা আন আন মন্ত্ৰীসকলে চৰকাৰৰ মুৰব্বী বা সেৱক হিচাপে কথা নকয় । তেওঁলোকে ভাষণ দিয়ে বিজেপিৰ মুখপাত্ৰৰ দৰে । সেয়ে এতিয়া তেওঁলোকৰ মুখত মোগলৰ আক্ৰমণ, আজমল সভ্যতা, মিঞা মিউজিয়ামৰ দৰে সাম্প্ৰদায়িক কথা-বতৰাৰ পয়োভৰ ।

ইফালে, বিজেপি চৰকাৰখনে ৰাজ্যৰ নিবনুৱা সমস্যা সমাধানৰ বাবে যোৱা পাঁচ বছৰত একো কামেই নকৰিলে বুলি অভিযোগ কৰে আম আদমী পাৰ্টীয়ে। State Innovation and Transformation Aayog (SITA) নামৰ সংস্থাটোৰ এক প্ৰতিবেদন মতে ২০১৪ চনৰপৰা ২০১৮ চনলৈ অসমত নিবনুৱাৰ হাৰ ২.৫ শতাংশৰপৰা ৭.৯ শতাংশলৈ বৃদ্ধি পাইছে । একে সময়তে দেশৰ নিবনুৱাৰ বৃদ্ধিৰ হাৰ আছিল ৩.৪ শতাংশৰপৰা ৬.১ শতাংশলৈ । অৰ্থাৎ সোণোৱাল চৰকাৰে এই পাঁচ বছৰীয়া কাৰ্যকালত অসমক এখন ‘বেকাৰ’ ৰাজ্যলৈ পৰ্যবসিত কৰিলে । অসম চৰকাৰে ৮৬ হাজাৰ নিযুক্তি দিছে বুলি সততে দাবী কৰি আহে যদিও বাস্তৱত ই সম্পূৰ্ণ বিপৰীত ।

২০১৮-১৯ বৰ্ষত প্ৰধানমন্ত্ৰীৰ Employment Generation Program (PMEGP)ৰ অধীনত ২৯,৮৯৬ জনে চাকৰি পালেও ২০১৯-২০ বৰ্ষত নিযুক্তি পোৱা লোকৰ সংখ্যা মাত্ৰ ৭,৫৭৬ জন । যিটো সমগ্ৰ দেশৰ ভিতৰতে কম । অসমত শিক্ষিত নিবনুৱাৰ সংখ্যা ১৬,৯৯,৯৭৭ জন আৰু বিজেপিয়ে দাবী কৰে যে তেওঁলোকৰ চৰকাৰে ৮৬ হাজাৰক চাকৰি দিছে । অৰ্থাৎ মুঠ নিবনুৱাৰ মাত্ৰ ৫ শতাংশকহে সংস্থাপন দিবলৈ সক্ষম হৈছে বিজেপি চৰকাৰখনে । বাকী ৯৫ জনক সোণোৱাল চৰকাৰে অন্ধকাৰ ভৱিষ্যতৰ দিশলৈ ঠেলি দিছে বুলি উল্লেখ কৰে চৌধুৰীয়ে । এনে এখন অদক্ষ চৰকাৰে পাঁচবছৰীয়া ম্যাদ শেষ কৰিবৰ সময়ত ৰাইজক কামৰ খটিয়ান দিব নোৱাৰাটোৱেই স্বাভাৱিক । সেয়ে তেওঁলোকৰ মুখত নাই জনতাক সকাহ দিয়াৰ কোনো আঁচনি, আছে মাথো মোগলৰ আক্ৰমণ, আজমল সভ্যতা, মিঞা মিউজিয়ামৰ দৰে কেতবোৰ নিকৃষ্ট কথা-বতৰা । শাসনাধিস্থিত দলটোৰ লগতে চৰকাৰখনেও ধৰ্মীয় মেৰুকৰণেৰে পৰৱৰ্তী নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা চলাইছে যদিও জনতাই এই কৌশল ভালদৰে বুজি পাইছে । এই মন্তব্য আপৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰীৰ ।

লগতে পঢ়ক : সংবাদমেল পাতি শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ কংগ্ৰেছ কৰ্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.