ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাক শিক্ষাক লৈ ৰাজনৈতিক নকৰিবলৈ আহ্বান আমছাৰ - হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যত মাদ্ৰাছা আৰু সংস্কৃত টোল সমূহ বন্ধৰ ঘোষণাক তীব্ৰ বিৰোধীতা সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থা চমুকৈ আমছাৰ। শিক্ষাক লৈ ৰাজনীতি নকৰিবলৈ শিক্ষামন্ত্ৰীক আহ্বান সংগঠনটোৰ ৷

দৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থা
শিক্ষাক লৈ ৰাজনৈতিক নকৰিবলৈ হিমন্ত বিশ্ব শৰ্মাক আহ্বান আমছাৰ
author img

By

Published : Mar 5, 2020, 10:56 PM IST

গুৱাহাটী, 5 মাৰ্চঃ ৰাজ্যৰ চৰকাৰী মাদ্ৰাছা আৰু সংস্কৃত টোল সমূহ বন্ধৰ ঘোষণাৰ তীব্ৰ বিৰোধীতা সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থা চমুকৈ আমছাৰ । শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক স্বাৰ্থতে এই ঘোষণা কৰিছে বুলি মন্তব্য আমছাৰ । শিক্ষাক লৈ ৰাজনৈতিক নকৰিবলৈ শিক্ষামন্ত্ৰীক আহ্বান আমছাৰ । বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে সংগঠনটোৱে ৷

উল্লেখ্য যে, বিগত ১২ ফেব্ৰুৱাৰীত শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ চৰকাৰী মাদ্ৰাছা আৰু সংস্কৃত টোল সমূহ আগন্তুক ৪/৫ মাহৰ ভিতৰত বন্ধ কৰাৰ ঘোষণাক তীব্ৰ বিৰোধীতা কৰে সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাই । শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থা চমুকৈ আমছাৰ সভাপতি ৱাহিদজ্জামানে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি কয় যে, শিক্ষামন্ত্ৰী গৰাকীয়ে ৰাজনৈতিক স্বাৰ্থতে মাদ্ৰাছা আৰু সংস্কৃত টোল সমূহ বন্ধ কৰাৰ কথা ঘোষণা কৰিছে । ৰাজ্যৰ মাদ্ৰাছা সমূহত ধৰ্মীয় শিক্ষাৰ লগতে বৰ্তমান সময়ৰ আধুনিক শিক্ষাও প্ৰদান কৰা হয় । মাদ্ৰাছাৰ পৰা শিক্ষা লাভ কৰি বহু লোক ডাক্তৰ, ইঞ্জিনীয়াৰ আৰু ডাঙৰ ডাঙৰ বিষয়া হৈ বৰ্তমান প্ৰতিস্থিত ৷

শিক্ষাক লৈ ৰাজনৈতিক নকৰিবলৈ হিমন্ত বিশ্ব শৰ্মাক আহ্বান আমছাৰ

এনেক্ষেত্ৰত চৰকাৰে মাদ্ৰাছা সমূহ বন্ধ কৰাৰ পৰিৱৰ্তে মাদ্ৰাছা সমূহ আধুনিকীকৰণ কৰাৰ ওপৰতে গুৰুত্ব প্ৰদান কৰিব লাগিছিল । বৰ্তমান যুগৰ শিক্ষা ব্যৱস্থাৰ লগত ফেৰ মাৰিব পৰাকৈ ৪২ বছৰ পিছত মাদ্ৰাছাৰ পাঠ্যক্ৰম সলনি কৰি উন্নত কৰা হৈছে । মাদ্ৰাছা বন্ধৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ লগত এক আলোচনাতো মিলিত হোৱাৰ কথা কয় আমছাৰ সভাপতি ৱাহিদজ্জামানে । সাংবাদমেলত চৰকাৰে মাদ্ৰাছা বন্ধ কৰাৰ ঘোষণা শীঘ্ৰে ওভতাই নল'লে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে ।

আৰু পঢ়কঃ 20 ফুুট তলত বাগৰিল বাহনঃ চাৰিজনৰ অৱস্থা সংকটজনক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.