গুৱাহাটী, 7 আগষ্ট: চমু চাপি আহিছে সমাগত বিধানসভা নিৰ্বাচনৰ দিন ৷ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত কুচ-কাৱাজ আৰম্ভ কৰিছে সকলো ৰাজনৈতিক দলৰে নেতাসকলে ৷ হাত সাৱটি বহি থকা নাই আম আদমী পাৰ্টীও ৷ সেই অনুসৰি অসমৰ নিৰ্বাচনৰ পৰ্যবেক্ষণৰ বাবে প্ৰভাৰী হিচাপে দায়িত্ব অৰ্পন কৰা হৈছে ৰাজেশ শৰ্মাক ৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও প্ৰতি মূহুৰ্ততে খবৰ ৰাখিছে অসমৰ ৰাইজৰ ৷ এই কথা জানিবলৈ দিয়ে দলটোৰ যুটীয়া সমন্বয়ক আব্দুল ৱাহিদে ৷
সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসমত আম আদমী পাৰ্টীয়েও যথেষ্ট গুৰুত্বসহকাৰে কাম-কাজ আৰম্ভ কৰিছে ৷ ইতিমধ্যে বিভিন্ন জিলাত দলটোলে জিলা কমিটী গঠন কৰি দলটো যথেষ্ট শক্তিশালী কৰি তুলিছে বুলি উল্লেখ কৰে, দলটোৰ যুটীয়া সমন্বয়ক আব্দুল ৱাহিদে ৷ লগতে সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নতুন দিল্লীয়েও অসমৰ নিৰ্বাচনত এক গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰিবলৈ সংকল্প লৈছে বুলি জানিবলৈ দিয়ে তেওঁ ৷ সমাগত নিৰ্বাচনৰ বাবে অসমৰ আম আদমী পাৰ্টীৰ সকলো সাংগঠনিক কাম-কাজ সম্পূৰ্ণভাৱে দিল্লীয়ে তদাৰক কৰি আছে বুলি কয় আব্দুল ৱাহিদে ৷ উল্লেখ্য যে, অসমৰ শেহতীয় বান পৰিস্থিতিৰ ক্ষেত্ৰত অৰবিন্দ কেজৰিৱালে যথেষ্ট উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে, অসমৰ বান আৰু খহনীয়াৰ সমস্যা সমাধানৰ ক্ষেত্ৰত যৎপৰোনাস্তি চেষ্টা কৰিব বুলিও নেতাগৰাকীয়ে আশ্বাস প্ৰদান কৰিছে বুলি জানিবলৈ দিয়ে দলটোৰ যুটীয়া সমন্বয়ক গৰাকীয়ে ৷ অসমৰ আটাইকেইটা সমষ্টিতে দলটোৱে নিৰ্বাচনৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াৰ বুলি দৃঢ় মত গ্ৰহণ কৰিছে ৷ লগতে অসমত বিজেপি দলক কিদৰে ক্ষমতাৰ পৰা আঁতৰাব পৰা যাব সেই বিষয়ত অসমৰ সকলো দল সংগঠনৰ সৈতে আলোচনা কৰিবলৈ দলটোৱে চিন্তা চৰ্চা কৰিছে বুলি জানিবলৈ দিয়ে আব্দুল ৱাহিদে ৷
লগতে পঢ়ক: নতুন শিক্ষানীতিঃ শিক্ষাৰ্থীৰ কিতাপৰ বোজা হ'ব কম: প্ৰধানমন্ত্ৰী