গুৱাহাটী,24 অক্টোবৰঃ আম আদমি পাৰ্টীয়ে আগন্তুক তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিব। এই কথা নিশ্চিত কৰি দলটোৰ অসমৰ ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাই ৷ আপে পৰৱৰ্তী সময়ত অসমৰ সকলো সৰু-বৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিব বুলি সদৰি কৰে ৰাজেশ শৰ্মাই।
উল্লখ্যযোগ্য যে, তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন অহা ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। ইফালে শুকুৰবাৰে ৰাজেশ শৰ্মাই দলৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ লগতে আন আন ৰাষ্ট্ৰীয় নেতাসকলক সাক্ষাৎ কৰি অসমত আপৰ সাংগঠনিক শক্তিৰ বিষয়ে আলোচনা কৰাৰ লগতে অসমৰ ৰাজনৈতিক পেক্ষাপটক লৈ বিষদভাৱে আলোচনা কৰে।
কেজৰিৱাল ডাঙৰীয়াই অসমত আপৰ স্বেচ্ছাসেৱক সকলে দলটোক শক্তিশালী কৰিবৰ বাবে আগবঢ়াই থকা নিস্বাৰ্থ সেৱাত আনন্দ প্ৰকাশ কৰি ধন্যবাদ জ্ঞাপন কৰে। আম আদমি পাৰ্টীয়ে জিকিবলৈহে নিৰ্বাচনত অংশগ্ৰহণ কৰে বুলি স্পষ্ট কৰি কেজৰিৱালে লগতে কয়, এয়া সম্ভৱ হ’ব বুথ স্তৰলৈকে দলক শক্তিশালী কৰাৰ ওপৰত। সেয়ে অসমত আপক শক্তিশালী কৰিবৰ বাবে বুথ স্তৰলৈকে দলক সংগঠিত কৰিবলৈ তেওঁ স্বেচ্ছাসেৱক সকলক আহ্বান জনায়।
লগতে পঢ়কঃ বিজেপিৰ নতুন সমীকৰণ: প্ৰাৰ্থিত্বৰ বাবে সংখ্যালঘু নেতাৰ তালিকা সাজু